আহাচোন।
বৌটিক বহিব দি ময়ো বহি ললোঁ ওচৰতে।
: কোৱাচোন এতিয়া, কি হ’ল....?
: কম, গোৱিন্দ, তোক কথাবোৰ নক’লে মই শান্তি নাপাম।
চকুলো টুকি টুকি গোটেই কথাবোৰ বৌটিয়ে মোৰ আগত কৈ গ’ল। মই অবাক হৈ শুনি গ’লো। কথাখিনি শেষ কৰি দীঘলীয়া হুমুনিয়াহ এটা এৰিলে। পুনৰ ক’লে —
: মোৰ বাবে সিহঁত আঁতৰি যোৱাতকৈ শেষত মইয়েই আঁতৰি আহিলোঁ চিৰদিনৰ বাবে।
: কথাবোৰ তোক ক’লোঁ, আৰু যাতে কোনেও নাজানে, সি বৰ সৰল হৈ আছে এতিয়াও, তাক চাবি। এটা এটাকৈ কথাকেইটা কৈ তেওঁ বহাৰ পৰা উঠিল। ইমান তিৰষ্কাৰৰ পিছতো পুত্ৰৰ প্ৰতি বৌটিৰ মনোভাৱ দেখি চকুযোৰ সেমেকি উঠিছিল মোৰ।
: মই আহিছোঁ গোৱিন্দ, ভালকৈ থাকিবি।
: কিন্তু বৌটি ক’লৈ যাবা তুমি? আৰু এই ৰাতিখন...
: মোক মানা নকৰিবি গোৱিন্দ, মই সিদ্ধান্ত লৈ পেলাইছোঁ। নিজৰ জীৱনটোৱে অন্ধকাৰ হৈ পৰিল মোৰ, এতিয়া আৰু ৰাতিৰ অন্ধকাৰলৈ ভয় নকৰোঁ মই।
মোৰ কোনো কথাৰে সেইদিনা মানুহগৰাকীক ৰখাব নোৱাৰিলো মই।
: সেই যি গ’ল, পাঁচ মাহলৈ আৰু বৌটিক মই তথা গাঁৱৰ কোনো মানুহেই দেখা নাপালে। পুতেকহঁতেও কোনো খোজ খবৰ নকৰিলে।
তেওঁলোকে গাঁৱৰ ঘৰ এৰি চাকৰি জেগাতে নিগাজিকৈ থাকিবলৈ ল’লে।
কিন্তু পাঁচ মাহৰ মুৰত এক নতুন ৰূপত বৌটি গাঁৱলৈ ঘূৰি আহিল। তেতিয়া মুখৰ ফুহাবোৰ শুকাইছিল তেওঁৰ, দাগবোৰ হে ৰৈ গৈছিল। সেইদিনা প্ৰথমবাৰ বৌটিক দেখি দুখত ভাগি পৰিলো মই, কাৰণ সেইজনী আগৰ বৌটি নহয়, সেইজনী বৌটিয়ে আমাক কাকো চিনি নাপায়, কাৰণ বৌটি “পাগলী” হ’ল।
কথাখিনি শেষ কৰি অশ্ৰু সিক্ত নয়নৰে দাইটিলৈ চালো। দাইতি জঠৰ হৈ বহি আছে। দুচকুৰে বাগৰি আহিছে তেওঁৰ পাৰ ভঙা চকুলোৰ বান!!!!!
অৰ্দ্ধ-আকাশ হৈছে এনে এখন বিশাল মজিয়া য’ত হাজাৰ হাজাৰ নাৰীক মুকলি মনেৰে নিজৰ মনৰ ভাব-ভাবনা তথা সুপ্ত প্ৰতিভা বিকাশৰ এক নতুন পৃথিৱীৰ সুযোগ দিয়াৰ উপৰিও নাৰী শক্তিৰ জাগৰণ আৰু সকলো প্ৰকাৰৰ সবলীকৰণৰ ওপৰত প্ৰেৰণা যোগাই আহিছে। জয় অৰ্দ্ধ-আকাশ...!
॥
—নাং প্ৰিয়ংকা গগৈ—