পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৯

 কি? বোৱাৰী তাৰমানে মা হ’ব ওলাইছে? আৰু মই আইতাক হ’ব ওলাইছো, মইচোন গমেই নাপাওঁ এইবোৰ। আনন্দত দুচকু ভৰি পৰিল তেওঁৰ। মুখত এটি হাঁহিৰ ঢৌ খেলি গ’ল। তেনেতে পুতেকৰ মাত তেওঁৰ কাণত পৰিল।

 : কথাটো ময়ো ভাবিছো, তুমি চিন্তা নকৰিবা। দুদিন ৰোৱা, কিবা এটা বুদ্ধি কৰি আমি ঘৰৰ পৰা গুচি যাম। এটা কথা আকৌ, এই কথাবোৰ যাতে বুঢ়ী য়ে জানিবলৈ নাপায়। নহ’লে হুলস্থূল লগাব।

 পুতেকৰ কথাই বৌটিৰ অন্তৰখন যেন শেলে বিন্ধাদি বিন্ধিলে। কেনেকৈনো গৈ ৰুম পালেগৈ তেওঁ ক’বই নোৱৰিলে। ৰুমত সোমাইয়েই তেওঁ কান্দোনত ভাগি পৰিল। বিপুলৰ মুখত এনে কথা, ইমান ডাঙৰ হ’ল নে তেওঁৰ ল’ৰাটো, সকলোবোৰ কথা চোন মনতেই আছে। দদাইদেউৰ ফটোখন বুকুত সাৱটি সেইদিনা গোটেই ৰাতি কান্দিলে মানুহজনীয়।

 আৰু সেইদিনা ৰাতিয়েই তেওঁ এটা সিদ্ধান্ত লৈ পেলালে।

 পিছদিনা দুপৰীয়া পুত্ৰ-বোৱাৰী ৰুমত শুই থকা সময়ত তেওঁ ৰুমৰ পৰা ওলাই গৈ তেওঁলোকৰ ৰুমৰ দুৱাৰমুখত ৰ’ল। দুৱাৰখন এনেই জপাই থোৱা আছিল। তেওঁ ঠেলি দিয়াৰ লগে লগে দুৱাৰখন মেল খাই গ’ল। দুয়ো টোপনিত, কিছু আঁতৰৰ পৰাই তেওঁ পুতেকৰ মুখলৈ ৰ’ লাগি চালে। বুকুখন যেন শাত পৰি গৈছে তেওঁৰ। মন ভৰি চালে পুতেকৰ মুখখন, তেওঁৰ এনে লাগিল যেন এবাৰ হাতখন ফুৰাই দিব পুতেকৰ মুখত, কিন্তু সেয়া সম্ভৱ নহয়, চকুযোৰ পানীৰে ভৰি পৰিছিল তেওঁৰ। পুতেকৰ মুখৰ পৰা এইবাৰ চকু আঁতৰাই তেওঁ বোৱাৰীয়েকক চালে। বোৱাৰীয়েকৰ পেটটোতো তেওঁ এবাৰ চকু ফুৰালে, পাৰ ভাঙি বৈছে তেওঁৰ চকুলোৰ বান। এটা সময়ত চকুলো মছি ৰুমৰ পৰা ওলাই আহিব খুজোতেই হঠাৎ পুতেক সাৰ পাই গ’ল। আৰু তেওঁক তাত দেখি পুতেক বলিয়াৰ দৰে হ’ল।

 : তই?? তই ইয়াত কি কৰিছ? কিয় আহিছ তই ইয়ালৈ? তোক ৰুমৰ পৰা ওলাব মানা কৰোতেও কিয় ৰুমৰ পৰা ওলাই আহিলি?? খঙত ক’ব নোৱাৰা হৈ পৰিল পুতেক, পুতেকৰ চিঞৰত বোৱাৰীয়েকে উঠি বহিল।

 : যা ওলাই যা,ওলাই যা ইয়াৰ পৰা।

 তেওঁৰ মুখেৰে একো কথাই নোলাল। থৰ লাগি মাথো পুতেকলৈ চাই ৰ’ল, হয় জানো এইটো তেওঁৰ ল’ৰা?? সঁচাকৈয়ে বিশ্বাস কৰিবলৈ টান লাগিল আজি তেওঁৰ।

 সৰু কালৰ বিপুলটো তেওঁৰ চকুৰ আগত ভাহি আহিল। অতীতৰ মন ভৰি পৰা সেই টুকুৰা টুকুৰ ছবিবোৰ চাই তেওঁ ইমানেই মগ্ন হৈ পৰিল যে বিপুলে বৰ্তমান কৈ থকা একো কথাই মানুহগৰাকীৰ কাণত নোসোমাল।

 তেওঁ লৰচৰ নকৰা দেখি এইবাৰ পুতেক উঠি আহি তেওঁক ৰুমৰ বাহিৰলৈ ঠেলিয়াই দিলে, তেওঁ গৈ পকা মজিয়াত হামখুৰি খাই পৰিল। কপালেদি তেজ বৈ আহিল তেওঁৰ। বিপুলেই তেওঁক উঠাই কপালত বেণ্ডেজ এটা মাৰি তেওঁৰ ৰুমত গৈ থৈ আহিল, নিজৰ ভুলৰ একো অনুতাপ বিপুলৰ মুখত ফুটি নুঠিল। বৰঞ্চ বাৰে বাৰে সকিয়াই থৈ আহিল যে তেওঁ যাতে দ্বিতীয় বাৰ ৰুমৰ বাহিৰ নহয়।

 পুত্ৰৰ এই ব্যৱহাৰে মানুহগৰাকীক ক্ষুণ্ণ কৰিলে। কলিজাখন পুৰি ছাঁই হ’ল তেওঁৰ। কান্দি কান্দি যেন চকুলোবোৰো শুকাই গ’ল মানুহগৰাকীৰ।

 আৰু সেইদিনাই ৰাতি বিপুলৰ দেউতাকৰ স্মৃতি জড়িত সেই ভেটি মাটি, আৰু মৰমৰ ঘৰখন এৰি তেওঁৰ বুকুৰ ধন বিপুলক এৰি চিৰদিনৰ বাবে ওলাই আহিল।

 কিন্তু বৌটিয়ে জানো মোক মাত এষাৰ নিদিয়াকৈ তেনেদৰে গুচি যাব পাৰে...!!!

 আৰু ক'ব নোৱাৰিলোঁ, ৰৈ গ’লো মই। বহু সময় হেঁচামাৰি ধৰি ৰখা দুখবোৰ এইবাৰ চকুলো হৈ বাগৰিব ধৰিছে। দাইটিলৈ চালোঁ, দাইটিৰো চকু চকুলোৰে ভৰি পৰিছে। দাইতিয়ে মোলৈ চাই থুকাথুকি মাতেৰে ক’লে...

 : কৈ যা, তাৰ পিছত....?

 চকুলো বোৰ মছি নিজক কিছু চম্ভালি পুনৰ ক’লোঁ।

 : ঘৰৰ পৰা ওলাই বৌটি আমাৰ ঘৰত সোমাল। দুৱাৰত ঢকিয়াই ঢকিয়ই কেইবাবাৰো মোক মতাৰ পিছত মই সাৰ পাই উঠি আহো, দুৱাৰ খুলি বৌটিক দেখি মই অবাক...

 : আৰে বৌটি, এই ৰাতিখন তুমি এনেকৈ?? আৰু মূৰত কি হ’ল তোমাৰ? চব ঠিকে আছেতো?? চাঁও সোমাই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড