পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৮

 : মই ভাবি পোৱা নাই ইমান ভাল মানুহজনীৰ এইয়া কি অৱস্থা হ’ল গোৱিন্দ। মোৰ আগৰ কথাবোৰ মনলৈ আহিছে গোৱিন্দ, কমল ঢোকোৱাৰ পিছত সেই ফুল কুমলীয়া মালতীজনীয়ে তাইৰ কুমলীয়া হাত দুখনেৰে লোকৰ ঘৰে ঘৰে কাম কৰি কিমান যে কষ্ট কৰি বিপুলক ডাঙৰ কৰিলে। মানুহ কৰিলে, ময়ো যথেষ্ট সহায় কৰিছিলো।

 আৰু এতিয়াটো সেই দুখৰ দিনৰ ওৰ পৰিল, বিপুলৰো চাকৰি হ’ল। কিন্তু এতিয়া কিহৰ বাবে মানুহজনীৰ এই দশা হ’ল গোৱিন্দ?

 কথাবোৰ ক’ সোনকালে, মই শুনিবলৈ অধীৰ হৈ পৰিছো। মালতীক এনে ৰূপত দেখি বৰ কষ্ট পাইছো। দুচকু চলচলীয়া হৈ পৰিল দাইটিৰ।

 : তাকেই দাইটি, বৌটিয়ে সুখৰ মুখ দেখিয়েই নাপালে। বিপুলৰ চাকৰি হোৱাৰ পিছত বৌটিৰ আনন্দৰ সীমা নোহোৱা হৈছিল। আমিও বৰ সুখ পাইছিলোঁ৷ সময় বাগৰিল, বিপুলৰ বিয়া বাৰুও হৈ গ’ল। তাৰপিছত লাহে লাহে বৌটিৰ বিপুল সলনি হৈ আহিল। আৰু এদিন মাকক অকলে এৰি পত্নীক চাকৰি জেগালৈ লৈ গ’ল। খোৱা ভাতৰ অভাৱ নোহোৱা হ’ল যদিও অকণমান সুখৰ হাঁহিৰ অভাৱ বৌটিৰ সদায় থাকিল। মাজে মাজে পুত্ৰ-বোৱাৰী আহে দুই চাৰি দিন থাকি গুচি যায়। তেজৰ সম্পৰ্ক নাই যদিও মনৰ আত্মীয়তা বোধ আৰু বিশ্বাসৰ বাবেই ঘৰৰ কিছুমান সৰু সুৰা দায়িত্ব মোৰ ওপৰতে পৰিল। ময়ো যিমান পাৰোঁ বৌটিক সহায় কৰি দিওঁ। তেনেকৈয়ে চলি আছিল, কিন্তু সেই সময় চোৱাতেই বৌটি চালৰ ৰোগত আক্ৰান্ত হৈছিল। বৌটিৰ গোটেই মুখখন গোটা গোটা বিহফুহাৰ দৰে ফুহাৰে ভৰি পৰিছিল। মুখখন দেখিবলৈ ভয়লগা হৈ পৰিছিল বৌটিৰ। মইয়ে ডাক্তৰক দেখুৱালোঁ।

 ডাক্তৰৰ পৰা জানিব পাৰিলোঁ এইবিধ সোঁচৰা ৰোগ। ঔষধও খালে, কিন্তু অলপো ভাল নহ’ল, বৰং দুগুণে বাঢ়িলহে।

 লাহে লাহে গাঁৱৰ মানুহে কথাবোৰ গম পালে। মানুহবোৰে বৌটিৰ খবৰ লোৱাটো বাদেই বৌটিক দেখিলেই আঁতৰ হয়, মানুহজনী ক’লৈকো ওলাব নোৱাৰা হ’ল। যিবোৰ মানুহক বৌটিয়ে পইচা লৈ হওক এনেই হওক সহায় কৰি দিছিল সেই মানুহবোৰৰ তেনে কৰ্ম কাণ্ডত বৌটিয়ে বৰ আঘাত পাইছিল। মানুহবোৰ যে ইমান স্বাৰ্থপৰ হ’ব পাৰে ভাবি ময়ো আচৰিত হ’লোঁ। একমাত্ৰ মোৰ বাহিৰে সেই সময়ত বৌটিৰ কাষত আন কোনোৱেই নাছিল। কথাবোৰ বিপুলকো জনোৱা হ’ল।

 সেইদিনা বিপুলহঁত অহাৰ খবৰটো পাই যেন বৌটিৰ মুখলৈ পানী আহিল। মানুহে দেখা পাই বুলি মুখখন কাপোৰেৰে ভালকৈ ঢাকি বৌটি মোৰ ওচৰ পালেগৈ পুতেক অহাৰ খবৰটো দিবলৈ। বাহিৰতে ৰৈ মোক কথাষাৰ কৈয়ে বৌটি গুচি গৈছিল। মই কেইবাবাৰো কোৱাতো বৌটি ভিতৰ নোসোমাল, বৰ বেয়া লাগিল মানুহগৰাকীলৈ।

 বিপুল আহি পাই বৌটিক পুনৰ ডাক্তৰক দেখুৱালে, বেমাৰটোৰ বিষয়ে জনাৰ পিছত পুতেকেও বৌটিক এক অন্য দৃষ্টিৰে চাবলৈ ধৰিলে। বৌটিক এটা আচুতীয়া কোঠাত থাকিব দিলে বিপুলে। ৰুমটোৰ খিৰিকীখনো খুলিব নিদিয়ে তেওঁলোকে। তেওঁৰ মনত এটা কথাই বেছি দুখ দিলে, ইমান দিনৰ মূৰত পুতেক আহিলে। ল’ৰাটোৰ মুখখনকে তেওঁ ভালকৈ নেদেখিলে।

 লাহে লাহে যেন এটা বন্দীত্বৰ জীৱন আৰম্ভ হ’ল বৌটিৰ। বোৱাৰীকেও পুতেকৰ লগত মিলি বৌটিক অৱহেলা কৰিব ধৰিলে।

 প্ৰায় দুসপ্তাহমান তেনেকৈয়ে পাৰ হ'ল। খোৱা বোৱা সকলোবোৰ ৰুমতেই কৰিব লগা হৈছিল। লাহে লাহে বৌটিৰ জীৱনটোৰ প্ৰতি ঘৃণা জন্মিব ধৰিলে।

 জীৱনত এনেকুৱা এটা দিন আহিব বুলি তেওঁ কল্পনাও কৰা নাছিল।

 এদিনৰ কথা, সকলো সময়তে ৰুমটোত সোমাই থাকি তেওঁৰ আমনি লাগিছিল, সেইদিনা ৰাতি পুত্ৰ-বোৱৰী শুৱাৰ পিছত তেওঁ মনে মনে ৰুমটোৰ পৰা ওলাই গ’ল।

 পুতেকৰ ৰুমৰ সন্মুখত ৰ’ল তেওঁ। পুতেকৰ মুখখন এবাৰ চাবলৈ মনটোৱে হাহাকাৰ কৰি উঠিল তেওঁৰ, কিমান দিন যে হ’ল তাৰ মুখখন নেদেখা। খন্তেক ৰৈ ৰুমলৈ উভতি যাব খোজোঁতেই পুতেক-বোৱাৰীয়েকৰ মাত শুনিলে।

 ; জানানে আমি একেটা ঘৰতে থকাটো উচিত হোৱা নাই। ইমান মাৰাত্মক ৰোগ, আমাৰ বাৰু আমাৰেই, আমাৰ আহিব লগা সন্তানৰ যদি কিবা ক্ষতি হয়?

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড