পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১৭


বৌটি পাগলী হ’ল

ৰিতুমণি বৰুৱা (পলি)

 : অই ৰ’হচোন ৰ’..., এইটো গোৱিন্দ নহয় নে?

 হঠাৎ পিছফালৰ পৰা মতা অচিনাকি মাতষাৰত মই চাইকেল খন ৰখাই পিছলৈ চালোঁ...।

 : অহ্ মহন দাইটি চোন। ভালে আছে? বহুদিনৰ মূৰত এইফালে মনত পৰিল...।

 : আছোঁ দে। ভালনো কি, এতিয়া বয়সে হ’ল। ইটো সিটো বেমাৰ নুগুচেই। হয় দে এবছৰেই হ’ল গাঁৱলৈ নহা।

 : পিছে খবৰ কচোন। ল’ৰা ক’ত এতিয়া, ঘৰতেই নে?

 : আহক, আহক গৈ গৈয়ে পাতি যাম।

 খবৰ ভালেই। ল’ৰা দিগবৈত আছে, কোম্পানী এটাত খাতি আছে, পাৰমেন্ট হ’ব বুলি শুনিছো জানো কি হয়...!

 চাইকেলখন ঠেলি দাইটিৰ লগত কথা পাতি পাতি আগবাঢ়িলোঁ।

 মহন দাইটি এইখন গাঁৱৰে এজন লোক। পুতেকৰ লগত চাকৰি জেগাত থাকে। ইয়াত চোৱা চিটা কৰিবলৈ মানুহ নাই বাবে তেওঁকো লৈ গৈছে। গাঁৱৰ ঘৰটো ভাড়া দি থৈছে। মাটি খিনি অৱশ্যে মইয়ে কৰো। দেউতা থকাৰ পৰাই দাইটিহঁতৰ লগত আমাৰ এক সু-সম্পৰ্ক আছিল, আৰু এতিয়াও আছে।

 দুয়ো কথা পাতি গৈ থাকোঁতেই সন্মুখৰ ফালৰ পৰা মানুহ এগৰাকী নাছি বাগি গান গাই আহি আছে, তেওঁলোকৰ ওচৰ পাই মানুহগৰাকী ৰৈ গ’ল, আৰু ভেবা লাগিল।

 মহন দাইটিয়ে মানুহগৰাকীলৈ থৰ হৈ চালে।

 : ঐ গোৱিন্দ, এইজনী চোন মালতী। তাই মোক চিনিয়েই পোৱা নাই নেকি?

 : বোলো, চিনি পোৱা নাই নেকি অ’ মালতী? এনেকৈ থৰ লাগিলি যে..।

 : দাইটি, বৌটিয়ে আপোনাক আৰু কোনোদিনেই চিনি নাপায়।

 : কিয় অ’, কিয় চিনি নাপাব অ’ তাই? কমল থকা দিনৰে পৰাই আমাৰ ঘৰখনৰ লগত ভাল সিহঁতৰ। আৰু বিপুলটো আমাৰ ঘৰতেই ডাঙৰ হোৱাৰ নিছিনা।

 এইবাৰ মানুহগৰাকী আগুৱাই আহি তেওঁলোকৰ সন্মুখত ৰৈ হাতযোৰ কৰি ক’লে

 : দদাইদেউ, মোৰ কামৰ পইচা কেইটাৰ লগত দুটামান বঢ়াই দিয়ক, মই কাম কৰি মিলাই দিম। কেইবাদিনো হ’ল ল’ৰাটোক মাছ অকণ খোৱাব পৰা নাই। মানুহ গৰাকী য়ে দুয়োৰে মুখলৈ চালে। কিমান কাতৰতা আছিল সেই চাৱনিত বুজাই কোৱা টান।

 দাইটিয়ে আচৰিত হৈ মানুহ গৰাকীলৈ চালে। এইবাৰ মানুহ গৰাকীয়ে ইনাই বিনাই কান্দিবলৈ ধৰিলে। পিছমুহূৰ্ততে পুনৰ ধেকধকাই হাঁহি উঠিল।

 : তাৰ চাকৰিটো হ’ল অ’ অ’ গোৱিন্দ কলৈ গলি...? শুনচোন শুন, অই...।

 চিঞৰি চিঞৰি মানুহগৰাকী এইবাৰ তেওঁলোকৰ ওচৰৰ পৰা উধাতু খাই আঁতৰি গ’ল।

 দাইটি লৈ চালো মই,

 দাইটিয়ে বৰ কৰুণ দৃষ্টিৰে বৌটি যোৱালৈ চাই ৰ’ল। তাৰ পিছত মোলৈ চাই সুধিলে,

 : মালতীজনীৰ এইয়া কি হ’ল গোৱিন্দ? তাইৰ এই দশা কিয় হ’ল?? দাইটিৰ চকুত অবাক বিস্ময়।

 : এতিয়া ব’লক দাইটি, ঘৰত গৈ মই সকলো কম।

 চাহ খাই কৰি দুয়ো বহি ল’লোঁ। দাইটি যেন কিবা চিন্তাত বিভোৰ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড