পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১

প্ৰতিটো ক্ষণতে সোঁৱৰাই দিয়ে তাইৰ পৰাধীনতাৰ কথা। অমৃতাই জানে যেতিয়ালৈ তাইৰ শিৰত এই গোলামীৰ মোহৰ জিলিকি থাকিব, তেতিয়ালৈ তাই প্ৰতিদিনেই জীৱন্তে দগ্ধ হৈ থাকিব অপমান আৰু পৰাধীনতাৰ গ্লানিত।

 কোনোৱেটো বাধা দিয়া নাছিল সিদিনা তাক। নহয় নহয়... বাধা দিবলৈ কাৰো সাহসেই নাছিল প্ৰকৃততে। ভাস্কৰৰ আভিজাত্যৰ আগত স্বতঃস্ফূৰ্ত ভাৱে শিৰণত হৈ গৈছিল সকলোৰে..তাইৰ দেউতাক, পেহীয়েক, ভনীয়েক ৰিমঝিম .সকলো। আৰু অনুৰাগ..?? সিটো ...সিটো তাইক এৰি দিছিল তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি।

 অভিমানত মুখখন ফুলি উঠিছে অমৃতাৰ... জিলিকি উঠিছে দুটোপাল অশ্ৰুকণা।

 পথাৰৰ মাজৰ চাঙৰ টঙিঘৰখনৰ ভিতৰত লেম্পৰ ঢিমিক ধামাক পোহৰত স্বপ্নভংগ হোৱাৰ দুখত সেই নিশাও তাইৰ দুচকুত জিলিকি উঠিছিল অশ্ৰুকণা..মুখখন এক বুজাব নোৱাৰা অভিমানত ফুলি উঠিছিল। অনুৰাগৰ দুচকুৰ ঔদাসীন্যতাই চুৰমাৰ কৰি দিছিল তাইৰ মনত গঢ় লৈ উঠা প্ৰেমৰ সৌধ। সকলো অৰ্থহীন হৈ পৰিছিল। প্ৰচণ্ড অভিমানী হৈ উঠিছিল তাই। শৈশৱৰ পৰাই প্ৰতিটো ক্ষনতে অনুভৱ কৰি অহা প্ৰেমৰ অনুভূতি, সপোন সকলো যেন উদ্যত হৈছিল অতীতৰ অটল। গহূৰত সমাধিস্থ হবলৈ।

 শীতৰ সেই নিশাত, প্ৰথমতে কাঠৰ দুৱাৰত পৰা টোকৰ পিছমুহূৰ্ততে এটা প্ৰচণ্ড গোৰলৈ পৰিণত হৈছিল। দুৱাৰখন মেল খায় গৈছিল। বিমূঢ় হৈ ৰৈছিল অনুৰাগ। আৰু আনফালে, দুখত, অনুৰাগৰ প্ৰতি উথলি অহা এবুকু অভিমানত,..হেৰাই যাব ধৰা ক্ষণটো বুকুত সাৱটি প্ৰস্তুৰ মূৰ্তিৰ দৰে বহি ৰৈছিল অমৃতা।

 ......দুৱাৰমুখত দুচকুত অগ্নিজ্বালা লৈ থিয় হৈ ৰৈছিল তাইৰ দেউতাক আৰু বিপ্লৱ। ... তাৰ ঠিক পিছফালে ভ্ৰূ কুঞ্চিত কৰি থিয় হৈ ৰৈছিল ভাস্কৰ। ভাস্কৰৰ সোঁহাতত তেতিয়াও জিলিকি আছিল তাইৰ দাঁতৰ তীক্ষ্ণ কামোৰত সৃষ্টি হোৱা অৰ্ধগোলাকাৰ ক্ষত চিহ্নটো।

 পৰিস্থিতিৰ আকস্মিকতাত ক্ষন্তেকৰ বাবে বিমূঢ় হৈ ৰোৱা অনুৰাগ উদ্বিগ্ন হৈ উঠিছিল। হয়তো অমৃতাৰ হবলগীয়া বিয়াখন ভাঙি যোৱাৰ আশংকাত!! অনুৰাগে তিনিওকে পাৰ্য্যমানে বুজাব চেষ্টা কৰিছিল নিজৰ ফালৰ পৰা.. , মাজতে এপলক ৰৈ গৈছিল সি আৰু ঘূৰি চাইছিল তাইলৈ দুচকুত প্ৰশ্নবোধক দৃষ্টি লৈ।

 হয়তো তেতিয়াহে তাৰ মনত পৰি গৈছিল ... তাৰ যে সোধাই নহল, কি পৰিস্থিতিত, কিহৰ ভয়ত শীতৰ ঠাণ্ডাকো নেওচি সেই মাজনিশা তাই পথাৰৰ মাজেদি দৌৰি আহি তাৰ সন্মুখতে অচেতন হৈ পৰি গৈছিল।

 তাৰ দুচকুৰ প্ৰশ্নক উপেক্ষা কৰি অভিমান ভৰা সজল দৃষ্টিৰে অমৃতাই মাথো নীৰৱে চাই ৰৈছিল অনুৰাগৰ দুচকুলৈ।

 দেউতাকে অধৈৰ্য হৈ অনুৰাগক ঠেলা মাৰি সোঁহাতখনেৰে প্ৰচণ্ড দুটি চৰ বহুৱাই দিছিল অমৃতাৰ দুয়োগালত। হতভম্ব হৈ পৰা অনুৰাগে তাইৰ দেউতাকৰ ভৰিত পৰিছিল,

 খুড়াদেউ। তাইৰ গাত একো দোষ নাই। আপুনি লজ্জিত হব লগীয়া হোৱাকৈ আমি এনেকুৱা একো কাম কৰা নাই... চুপ থাক। একদম চুপ। মোৰ আজলী ছোৱালীজনীক ফুচুলাই ইয়ালৈ মাতি আনিছ তই। বদনাম কৰিব চেষ্টা কৰিছ।

 : খুড়াদেউ.....

  অনুৰাগক আৰু একো কবলৈ সুবিধা নিদি তাৰ চকুৰ সন্মুখতে দেউতাকে চোঁচৰাই লৈ গৈছিল তাইক। লাজ, অভিমান, দুখ ... বুকুত সামৰি অশ্ৰুভৰা দুচকুৰে তাই ঘূৰি চাইছিল অনুৰাগৰ চিন্তাত উদ্বিগ্ন চকুহাললৈ। খঙত অগ্নিশৰ্মা হৈ দেউতাকে চেঁচৰাই নি তাইক ঠেলা মাৰি সুমুৱাই দিছিল তাইৰ কোঠাত।

 সম্পূৰ্ণ নিৰ্বাক, নিশ্চুপ হৈ ৰৈছিল অমৃতা। কিবা কলেও জানো লাভ হব? ভাস্কৰৰ আভিজাত্যৰ চমকনিত অন্ধ হৈ যোৱা দেউতাকৰ সন্মুখত তাইৰ কথাৰ মূল্য জানো আছিল?? উচুপনিবোৰ বুকুত সামৰি অন্ধকাৰ কোঠাটোত মাথো মনে মনে বহি ৰৈছিল তাই বিছনাখনত।

 অমৃতাৰ মন, মগজুত তেতিয়া মাথো আলোড়িত হৈ ৰৈছিল অনুৰাগৰ কথাবোৰ.... ভাহি উঠিছিল অনুৰাগৰ দুচকুৰ সেই দুৰ্বোধ্য চাৱনি। কিয় সি তাইক নিজৰ কৰি লবলৈ টান পালে?? কেনেকৈ এৰি দিব পাৰে সি তাইক অনাগত সম্ভাব্য উজ্জ্বল ভৱিষ্যতৰ অন্ধকাৰ গহ্বৰলৈ?? অন্ধকাৰেইটো...! অনুৰাগবিহীন তাইৰ জীৱনত পোহৰ কণাৰ আশা কেনেকৈ কৰিব পাৰিলে

সি??

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড