পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৯

ডি এন.এ. মিল পোৱা নগ’ল। কৰুণাও নিৰুপায় পুলিচৰ সহায় অবিহনে দোষীক শাস্তি দিয়াত। হ’লেও তাই পুলিচক অনুৰোধ জনালে তেওঁলোকে যাতে গোচৰটো বন্ধ কৰি নিদিয়ে আৰু চেষ্টা চলাই থাকে দোষীক বিচাৰি উলিয়াবলৈ।

 দিনবোৰ ক্ৰমে বাগৰি মাহৰ ঘৰত সোমাল, ভানু এতিয়া কেৱল কৰুণাৰ ঘৰতে কাম কৰিব আহে, আন মানুহবোৰে তাইক প্ৰায় লেই লেই-ছেই ছেই কৰাৰ দৰেই। অকণমানিটোক আলহী ৰুমৰ বিছনাখনতে শুৱাই থৈ ভানুৱে ঘৰখনৰ কামবোৰ এটা এটা কৈ কৰি যায়, সি কান্দিলে পিয়াহটো মুখত দি তাক শান্ত কৰে যদিও কৰুণাই মন কৰে ভানু যেন কণমানিটোৰ প্ৰতি নিৰ্বিকাৰ। এনে সময়ত সন্তানহীনা কৰুণাৰ বুকুখন ধৰফৰাই উঠে ওপৰৱালা জনৰ আচৰিতধৰণৰ বিচাৰৰ কথা ভাবি, নিজকে ভানুৰ আগত বৰ দুখীয়া যেন অনুভৱ হয়।

 গাড়ীখন গেটৰ ওচৰত পাওঁতেহে মনত পৰিল কৰুণাৰ আজিৰ দৰকাৰী ফাইলটো ৰুমতে এৰি আহিলে। গাড়ীখন ওলাই গ’লেই গেটখন জপাবলৈ সেইখিনিতে ৰৈ থকা ভানুক ক’লে –

 : মই নীলা ৰঙৰ ফাইল এটা আমাৰ শুৱা ৰুমৰ বিছনাৰ ওপৰতে এৰি আহিলোঁ, লৈ আনগৈচোন।

 ভানুৱে জানে কৰুণাৰ এই সময়ত বৰ লৰালৰি হয় সদায়, তাই খৰধৰকৈ গ’ল ফাইলটো আনিবলৈ। কৰুণাই কোৱাৰ দৰেই বিছনাৰ ওপৰতে থকা ফাইলটো লৈ ৰুমটোৰ পৰা ওলাব লওঁতেই শুৱা কোঠাটোত সংলগ্ন বাঠৰুমটোৰ পৰা গা ধুই অনুপম ওলাই আহে শৰীৰৰ নিম্নাংশত টাৱেল এখন পিন্ধি। ভানু অপ্ৰস্তুত হৈ ওলাই আহোতে তাইৰ চকু পৰিছিল অনুপমৰ বুকু অংশত থকা ক’লা দাগ টুকুৰাত। ভানুৱে সঠিক ধৰিব পৰা নাই একো.. তাই এইমাত্ৰ দেখা এই দাগটো সেই ভয়াবহ ৰাতিৰ দাগটোৰ দৰেই.. আস!!! কেঁচুৱাটোৱে কান্দিছে, তাৰ কিজানি ভোক লাগিছে... কৰুণাই দুবাৰমান চিঞৰিলে ভানুৰ নাম লৈ... ভানুৱে ক্ৰমান্বয়ে চাৰিওফালে ক’লা দেখিবলৈ ল’লে, তাৰ পিছত কি হ’ল তাই ক’ব নোৱাৰে।

 যেতিয়া চকু মেলিলে ভানু চিকিৎসালয়ত আছিল, নাৰ্চ এজনীয়ে তাইক জনালে যে অচেতন অৱস্থাত কোনো উকীল বাইদেউ এগৰাকীয়ে তাইক লৈ আনিছিল।

 আবেলি সময়ত কৰুণা আহিল ভানুক লগ কৰিবলৈ।

 : তই অথনি মূৰ ঘূৰাই পৰিলি, সেয়ে তোক ইয়ালৈ লৈ আনিলোঁ মই। ডাক্তৰে দুৰ্বল হৈ থকাৰ কাৰণে মূৰ ঘূৰালে বুলি কৈছে, চিন্তা কৰিবলগীয়া একো নাই। ভালদৰে খোৱা-বোৱা কৰিবি আকৌ ভানু।

 কৰুণাই মৰমেৰে হাত ফুৰাই দিলে ভানুৰ মূৰত।

 ভানু হুকহুকাই কান্দি উঠিল, তাই ৰাতিপুৱা ফাইলটো আনিব যাওঁতে ছাৰৰ গাত দেখা সেই দাগটোৰ কথা ক’লে কৰুণাক।

 কৰুণা দুখুজ পিছুয়াই গ’ল... চিঞৰি উঠিল ভানুৰ ওপৰত —

 : তহঁতৰ নিচিনা মানুহক মৰম কৰিব নাপায়, সকলোৱে ঠিকেই কৈছিল... তই চৰিত্ৰহীনা, নিজৰ পাপ ঢাকিবলৈ তই মোৰ ঘৰখনহে পালিগৈ জুই জ্বলাবলৈ। খবৰদাৰ যদি আৰু মোৰ ঘৰত ভৰি দিয় তই।

 ফুঁফুৱাই কৰুণা হস্পিতলখনৰ পৰা ওলাই আহি গাড়ীত বহিল। মূৰটোৱে যেন কাম কৰা বন্ধ কৰি দিছে, ইমান সাহস ক’ত পালে ভানুৱে?? অনুপমৰ বিষয়ে কিবা ক’বলৈ সাহস নহয় দুঃসাহস কৰিছে তাই. এটা কাণতলীয়া চৰ শোধাই দিব লাগিছিল সেই মুহূৰ্ততে। আৰু এইবোৰ মানুহক ইমান প্ৰশ্ৰয় নিদিয়ে তাই কোনোদিনে। তীব্ৰ বেগত গাড়ীখন ঘৰৰ পিনে আগুৱাই দিলে কৰুণাই।

 যোৱা এসপ্তাহ ধৰি ভালদৰে একো কামতে মন বহাব পৰা নাই তাই। কৰ্টৰ বেছিভাগ কামেই কনিষ্ঠ সহায়কক কৰিব দিছে। সেইদিনা গধূলি অনুপম ঘৰতে আছিল, তাই লাহেকৈ অনুপমৰ কাষত বহিলেগৈ কৰ্টৰ পৰা অহাৰ পিছত।

 : অনুপম আজি সোনকালে আহিলা নেকি অফিচৰ পৰা?

 নাই অলপ আগত সুমুৱাইছোঁহে, তুমিহে আন দিনাতকৈ সোনকালে পালাহি। গা বেয়া নেকি তোমাৰ?

 মই ঠিকেই আছো, ভানু নহাৰ কাৰণে ঘৰৰ কামবোৰ কৰিবলগীয়া হৈছে যে সেই কাৰণে অলপ সোনকালে আহিলোঁ, বেলেগ মানুহ এজনী বিচাৰিও পোৱা নাই।

 অনুপমে লেপটপটোত কিবা কৰি আছে, স্ক্ৰীনখনত চাই চায়ে সি কৰুণাৰ লগত কথা পাতি থাকিল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড