পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০১

সময়ত মাজনীক এঘৰলৈ বিয়া দি উলিয়াই পঠালে।

 ৰীণাই এইবোৰ কাহিনী শাহুয়েক মাকণৰ মুখৰ পৰাই শুনিছে।

(9)

 শাহুয়েক মাকণৰ অতীতৰ সংগ্ৰামী জীৱনটোৰ কথা জনাৰ পৰা ৰীণাৰ মানুহজনীৰ প্ৰতি মৰম শ্ৰদ্ধাৰ ভাৱত বুকুখন আগতকৈ আৰু অধিক গদগদিয়া হৈ পৰিছে। ইমান দুখ যন্ত্ৰণাৰ পিছতো মানুহজনীয়ে যে কেনেকৈ ইমান সবলভাৱে সংসাৰখন আগবঢ়াই নিছে, ভাবিলে আচৰিত লাগে তাইৰ। শাহুয়েকৰ সাহসেৰে তাইও সোণৰ অবিহনে জীয়াই থকাৰ সাহস পাইছে।

 সোণেও বোলে কেতিয়াৰ পৰা মাকণক মাহী গুচি মা মাতিবলৈ ল’লে মানুহজনীয়ে নিজেই ধৰিব নোৱাৰিলে। ৰিণাইও সেই কথা এতিয়াহে জানিলে।

 মাক আইতাকৰ মৰমৰ মাজত আকাশ ডাঙৰ হৈ আহিল। সময়বোৰ বতাহৰ লগত উৰি গৈ থাকিল।

 আগতে সোণ থাকোতে সিহঁতৰ মাটিকেইডৰাত নিজেই খেতি কৰিছিল। তাৰ কৰ্মঠ পৰিশ্ৰমী হাতৰ পৰশত বছৰলৈ ভাতৰ চিন্তা কৰিব লগা হোৱা নাছিল। বাৰীখনটো তামোল-পান, ফলমূল, শাক-পাচলিৰ আকাল নহৈছিল। সোণৰ স্কুলৰ চকীদাৰী চাকৰিটোৰ সৈতে সৰু পৰিয়ালটো সুন্দৰভাবেই চলি গৈছিল।

 এতিয়া মাটিখিনি আধি দিছে। বাৰমাহৰ জোখাৰে চাউল নোপোৱাই হৈছে। শাহুয়েকে বাৰীত শাক-পাচলি লগাই, হাঁহ-পাৰকেইটামান পুহিবলৈ লৈছে। ৰীণাকো শালখন পাতি দিছে। দুখনমান কাপোৰকে বব পাৰিব। যিহে বস্তুৰ জুই চাই দাম সাধাৰণ মানুহ চলিবলৈকে টান হৈছে।

 বিয়াৰ আগে আগে সোণে পুৰণি ঘৰটো কিছু সালসলনি কৰি টিং দিয়া চাৰিটা কোঠাৰ ঘৰটো সাজিছিল। গা-ধোৱা ঘৰতোও ইটাৰে বেৰি দিছিল।

 এতিয়া তাৰে এটা কোঠা এনেই পৰি থকাত স্কুলৰ প্ৰধান ছাৰৰ উপদেশ অনুসৰি স্কুলত নতুনকৈ জইন কৰা আৱিয়ৈ ছোৱালীজনীক থাকিবলৈ দিছে। শিক্ষয়িত্ৰীগৰাকীৰ বয়স কম। ঘৰলৈ অহা যোৱা কৰিবলৈ দূৰ হোৱাত ইয়াতে থাকি কিছুদিন চাকৰি কৰিব।

 মাকণে প্ৰথমে কথাটোত মান্তি হোৱা নাছিল। গাভৰু ছোৱালী। তাতে আকৌ মতা মানুহ নোহোৱা ঘৰ। ৰিণাক লৈয়ে তাইৰ আজিকালি চিন্তা বেছি। অকলে এৰি থৈ ক’লৈকো নাযায়। আজিকালি কাকো বিশ্বাস কৰিব নোৱাৰি। ঘনে ঘনে সিহঁতৰ খবৰ লবলৈ আহি থকা মনেশ্বৰ, ৰত্ন, নামঘৰীয়াৰ পৰা আধি কৰা হালোৱাতোলৈকে সকলোৰে চকু যে ৰীণাৰ ওপৰত তাই জানে। ৰীণাই অৱশ্যে সিহঁতক পাত্তা নিদিয়ে। সিহঁতবোৰ আহিলে পৰাপক্ষত তাই নোলায়।

 এতিয়া আকৌ এজনী ছোৱালীক ৰাখিবলৈ মাকণে ভয় কৰিছিল। পিছে তাই হেড ছাৰৰ কথা পেলাব নোৱাৰে।

 হেড ছাৰ আৰু মৌজাদাৰ খুৰা এই দুজন মানুহক তাই যথেষ্ট সন্মান কৰে আৰু এই দুজনকেই তাই সিহঁতৰ প্ৰকৃত শোভাকাংক্ষী বুলি ভাৱে। তাতে আকৌ ছাৰে ৰিণাক ভাত ৰান্ধনী পোষ্টটোত সুমুৱাই দিয়াৰ কথাও কৈ আছে। মন নাথাকিলেও মাকণে ছোৱালীজনীক ঘৰটোত থাকিবলৈ সুবিধা কৰি দিলে। ৰীণাৰ অৱশ্যে ভালেই লাগিল। কথা পাতিবলৈ লগ এটাকে হ’ব আৰু পোনাকণকো পঢ়া শুনা অলপ চাই দিব পাৰিব।

 লাহে লাহে বন্দিতা মানে সিহঁতৰ ঘৰত থকা শিক্ষয়িত্ৰীগৰাকী সিহঁতৰ ঘৰৰ ভিতৰৰ আপোন মানুহ হৈ পৰিল। মাজতে মাকণৰ বৰ অসুখ গ’ল। বন্দিতাই লগত নি তাইক গুৱাহাটীত দেখুৱাই আনিলে।

 পোনাকণকো স্কুলত নাম লগাই দি ৰীণাই গাঁৱৰে মহিলা সমিতিৰ আত্মসহায়ক গোট এটাত যোগ দি পিঠা, লাৰু বনোৱা কামত লাগিছে। মাকণ আজিকালি ঘৰৰ পৰা বেছিকৈ বাহিৰলৈ ওলাব নোৱাৰে। পিঠিৰ বিষটোৱে তাইক বৰ যন্ত্ৰণা দিছে। এতিয়া ৰিণাই ঘৰৰ ভিতৰ-বাহিৰ চোৱাচিতা সমস্ত কৰিবলগীয়া হৈছে। আগতে বেছি বাহিৰলৈ নোলাই বাবে ৰীণাক বাহিৰৰ মানুহে ভালকৈ নেদেখে। এতিয়া তাইৰ গাভৰু ৰূপটো বহুতৰে চকুত লাগিছে। আজিকালি ৰীণাৰ সেয়ে সোণলৈ বৰকৈ মনত পৰে। আজি সি যদি থাকিলহেঁতেন..., আকাশেও লগৰ ল’ৰা-ছোৱালীৰ দেউতাকবোৰক দেখি তাৰ দেউতাকৰ কথা বৰকৈ সুধি থাকে আজিকালি।

 প্ৰায়েই ৰাতি অকাশখনলৈ চাই সি সোধে, “মা, দেউতা তৰা আনিবলৈ কিয়নো গ’ল। আমাৰ লগতেই থাকিব

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড