পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০

জীৱনত প্ৰথমবাৰৰ বাবে যেন দুর্বোধ্য হৈ পৰিছিল তাইৰ বাবে সেই নিশা।  কেনেকৈ কব পাৰে সি তেনেকৈ?? কেনেকৈ?? এবুকু দুখত, ... অভিমানত বুকুখন গধুৰ হৈ আহিছিল তাইৰ। তাইৰ শৈশৱৰ লগৰী, কৈশােৰৰ প্রথম সপােন...অনুৰাগে কেনেকৈ কব পাৰে তাইক তেনেকৈ?? কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰিলে সি??

 কঁপি উঠিছিল তাইৰ গােলাপী ওঠযুৰী আৰু দুগালেদি বৈ আহিব ধৰিছিল দুটোপাল অশ্রুকণা।

 বাহিৰত এজাক আৱতৰিয়া বৰষুণ নামি আহিছিল হঠাতে। সেমেকা দুচকুৰে তলমূৰ কৰি ৰৈছিল দুয়াে বহুপৰ। বৰষুণৰ দৰেই যেন জৰজৰাই খহি আহিব ধৰিছিল সেউজীয়া সপােনবােৰ আৰু চপৰা চপৰকৈ খহি আহিব ধৰিছিল স্বপ্নিল নিশাটো।

 হঠাৎ সৰু টঙি ঘৰটোৰ কাঠৰ দুৱাৰখনত কোনােবাই সজোৰে ধকধকাই দিয়াত উচপ খাই উঠিল দুয়াে। কিছুপৰ দুয়াে প্রশ্নবােধক দৃষ্টিৰে ইটোৱে সিটোৰ মুখলৈ চাই ৰল।

 সেই পুহমহীয়া শীতৰ নিশাৰ কেইটিমান সেউজীয়া উষ্ম মুহুর্ত মাথাে....তাৰপিছত এটি ধুনীয়া জীয়া সপােন যেন সমাধিস্থ হবলৈ লৈছিল।

 সময় তেতিয়া প্রায় পুৱতি নিশা।

 বি’প বি’পকৈ মবাইলৰ মেছেজ টনটো বাজি উঠিল। ইনবক্সটো খুলি চালে অমৃতাই। ভাস্কৰৰ মেছেজ।

 “গধূলি সাত বজাত আহিম। পার্টি এটা আছে বন্ধু এজনৰ ঘৰত, ৰেডি হৈ থাকিবি।” মেছেজটো পঢ়ি অমৃতাৰ বুকুখন দুৰু দুৰুকৈ কঁপি উঠিল। এনেধৰণৰ পার্টিবােৰত ভীষণভাৱে অপ্রস্তুত, আৰু নিজকে অত্যন্ত অপ্রয়ােজনীয় অনুভৱ কৰে অমৃতাই।

 ভাস্কৰৰ লগত নাইট পার্টিবােৰত মদ আৰু চিগাৰেটৰ সংমিশ্ৰিত পৰিৱেশত, .... আৰু তাৰ বন্ধুবােৰৰ অর্ধনগ্ন পত্নীবােৰৰ মাজত নিজকে বেলেগ গ্ৰহৰ জীৱ যেন অনুভৱ হয় তাইৰ,... সিহঁতৰ হাই প্রফাইল পার্টিবােৰৰ আটাইতকৈ আচহুৱা প্রাণীটোৱেই যেন অমৃতা। ভাস্কৰৰ বন্ধু আৰু বন্ধুপত্নীবােৰৰ উচ্ছল হাঁহি, অশ্লীল ধেমালি বােৰৰ মাজত মিলি যাব নােৱাৰে তাই।

 “গাঁৱলীয়া যি গাঁৱলীয়াই হৈ থাকিলি।”

 “মিছেছ শর্মা.. বিপ্লৱৰ ৱাইফ অদিতিক দেখিছ? কেনেকুৱা এনাৰজেটিক...কেনেকুৱা ভাইব্ৰেণ্ট !!”

 “ৱাই কান্ত ইউ বি লাইক দেম ??”

 প্ৰতিটো পাৰ্টিৰ পিছত মদৰ নিচাত মাতাল হৈ ভাস্কৰে তীক্ষ্ণ ঠাট্টা ভৰা মন্তব্যৰে থকা সৰকা কৰি তােলে তাইক।

 কি ক’ব ভাস্কৰক? ক’ব নেকি যে পার্টিত যাবলৈ তাইৰ সমূলি ইচ্ছা নাই। নাই। ভাস্কৰে নুশুনিব। আগতেও শুনা নাই কেতিয়াও । আজিনাে তাৰ ব্যতিক্রম কেনেকৈ হ'ব?

 ঘড়ীটোলৈ চালে তাই। সাত বাজিবলৈ আৰু মাজত এতিয়াও চাৰিঘণ্টামান বাকি আছে। অমৃতাই ৱাৰদ্ৰবখন খুলি বহুদেৰী চিন্তা কৰি থাকিল। তেনেতে পুনৰ মবাইলটোত মেছেজ টনটো বাজি উঠিল।

 “ফালটু কাপােৰ এসােপা নামঘৰত যােৱাৰ নিচিনাকৈ গাত মেৰিয়াই নাহিবি। সেই নতুনকৈ আনি দিয়া ব্লেকট্রান্সপাৰেণ্ট শাৰীখন পিন্ধিবি”

 বিৰক্তিত মুখখন কোচ খাই আহিল অমৃতাৰ। বুকু, পিঠি, পেটৰ সৰ্বস্ব দেখি পােৱা সেই কলা ৰঙৰ শাৰীখন ভাস্কৰেই আনি দিছিল তাইক।

 ৱাৰদ্ৰবৰ পৰা কলা শাৰীখন উলিয়াই কিছুদেৰী লিৰিকি বিদাৰি চাই, পিছমুহূর্ততে মনটো স্থিৰ কৰি শাৰীখন পুনৰ ভৰাই থৈ অলিভ গ্রীণ কালাৰৰ শাৰী এখন উলিয়াই ললে অমৃতাই।

 আইনাখনৰ নিচেই কাষত থিয় হৈ তাই সাৱধানে শিৰত সেন্দুৰ অকণমান লগাই ললে... সেন্দুৰ ঠিক নহয়...ভাস্কৰে

বলপূর্বক তাইৰ শিৰত নির্বিঘ্নে পিন্ধাই দিয়া টিকটিকিয়া ৰঙা গােলামীৰ এটি মােহৰ মাথাে। এই গােলামীৰ মােহৰে তাইক

অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড