পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

 ঢাকি অর্ধনিমিলিত দুচকুৰে, কঁপা কঁপা অথচ দৃঢ় হাতেৰে খৰকৈ খুলি পেলালে কুঁৱলীত ভিজি লিপিট খাই যােৱা শৰীৰৰ সকলাে বস্ত্র...নিজৰ শৰীৰৰ উত্তাপ দি তাইৰ শৰীৰত উত্তাপ ঘূৰাই আনিবলৈ ততাতৈয়াকৈ সি নিজৰ জেকেটটো আৰু ছাৰ্টৰ বুকুৰ বুটাম খুলি নিজেও লেপৰ তলত সােমাই সজোৰে চকু কান মুদি সাৱটি ধৰিলে তাইক।

 বহুপৰ তেনেদৰেই সাৱটি ধৰি থাকিল অনুৰাগে তাইক।

 সঘনাই কঁপিব ধৰিছিল তাইৰ ওঠযুৰী আৰু দুচকুৰ পতা। অনুৰাগৰ বুকুৰ উম আৰু লেপৰ উমাল আৱেষ্টনীত তাইৰ চেঁচা হৈ পৰা শৰীৰটোত ঘূৰি আহিছিল উত্তাপ।

 লাহে লাহে দুচকু মেলিছিল অমৃতাই। এক তীব্র চিঞৰ মাৰিব লৈও ৰৈ গৈছিল তাই হঠাতে।

 ... অনুৰাগ !!

 লাহে লাহে দুচকুৰ পর্দা আঁতৰি গৈছিল.মনত পৰি গৈছিল সকলাে।

 সকলাে বুজি উঠিছিল অমৃতাই।

 মুহূর্ততে যেন কোনােবাই এজুলুকা আবিৰ ঢালি ৰঞ্জিত কৰি তুলিলেহি তাইৰ মুখখনি...

 অনুৰাগৰ সৌষ্ঠৱ শৰীৰৰ সান্নিধ্যত এক অচিন, অজান, সুতীব্র অনুভূতিয়ে তাইৰ শৰীৰত এক মিঠা তৰংগৰ আলােড়ন সৃষ্টি কৰিছিল। বাৰিষাৰ কলীয়া মেঘে নদীৰ বুকুত প্লাৱণ আনি দিয়াৰ দৰেই প্ৰেমৰ অনুভূতিয়ে প্লাৱিত কৰি তুলিছিল অনুৰাগ আৰু অমৃতাৰ শৰীৰ, মন, আৰু আত্মা....।

 দুচকু মেলিবলৈ ভয় হৈছিল দুয়ােৰে। চকু মেলিলেই যেন ভাঙি যাব এই সুন্দৰ সপােন। জীয়া বাস্তৱে যেন মষিমূৰ কৰি দিব স্বপ্ন যেন লগা এই সুন্দৰ দিঠক।

 নিশাটো যেন স্থবিৰ হৈ ৰৈছিল। প্রেমত আচ্ছন্ন দুটি শৰীৰ...দুটি প্রেমিক হৃদয় অবাধ্য হৈ চঞ্চল হৈ উঠিছিল। লেপৰ তলত ক্ৰমাৎ ঘন আৰু চুটি হৈ আহিছিল দুয়ােৰে শ্বাস প্রশ্বাসবােৰ....আৰু বুকুৰ ধপধপনি।

 ..কোনাে সংগীতেই চাগৈ প্রিয়তমৰ বুকুৰ ধপধপনিৰ সুৰতকৈ বেছি সুন্দৰ হব নােৱাৰে!!

 প্ৰেমৰ ভাষাৰ সেই মধুৰাণনাত দুয়াে আকণ্ঠ ডুব গৈছিল ... অনুভৱ কৰিছিল ইটোৱে সিটোৰ বুকুৰ পৰা ভাহি অহা সেই শ্রুতিমধুৰ ৰাগিনী।

 অমৃতাৰ প্রস্ফুটিত শৰীৰটোৰ উমাল সান্নিধ্যত উন্মত্ত হব খােজা মনটোক ধৈৰ্যৰে বান্ধি ৰাখিছিল সি। উন্মাদৰ দৰে মৰম কৰিবলৈ মন গৈছিল তাৰ, ... মন গৈছিল তাৰ, অমৃতাৰ ওঠযুৰীৰ লালিত্য পান কৰিবলৈ।

 কিন্তু নিজকে সংযম কৰিছিল সি।

 নিজৰ তুচ্ছতা, সীমাবদ্ধতা জানে সি।

 অমৃতাক অন্তৰৰ পৰা প্রকৃত প্রেম কৰাৰ অধিকাৰ আছে তাৰ, কিন্তু তাইৰ শৰীৰ, মন আৰু জীৱনটোৰ ওপৰত অধিকাৰ কৰাৰ সামর্থ্য তাৰ নাই।

 সংযত হৈ উঠি বহিব খুজোঁতেই অনুৰাগক সজোৰে ধৰি ৰখাৰ এক ব্যর্থ প্রয়াস কৰিলে অমৃতাই...

 : অনুৰাগ

 কিছুপৰ অনুৰাগে দোষী দোষী ভাৱেৰে চাই ৰল তাইৰ কোমল মুখখনিলৈ... সপােনৰ জালত আচ্ছন্ন চকুযুৰীলৈ।

 : ....

 : তােৰ ভৱিষ্যত উজ্জ্বল হওক। মই তাকে বিচাৰাে।

 মােৰ লগত কিনাে পাবি?

 : অনু, মােক নালাগে উজ্জ্বল ভৱিষ্যত। মই যে মাথাে তােকহে....

 : অন্তৰৰ প্ৰেমাে দুৰ্মূল্য হৈ যাব পাৰে দৰিদ্ৰতাৰ আগত।

 কঠিন স্বৰেৰে কৈ উঠিছিল সি। যেন শুনিব খােজা নাছিল ... নতুবা অনুভৱ কৰিব খােজা নাছিল তাইৰ হৃদয়ৰ নিভৃততম গােপন কথাবােৰ। শুনিলেই যে দুর্বল হৈ পৰিব সি।

 সিক্ত চকুহালেৰে, কাতৰ দৃষ্টিৰে কিছুপৰ চাই ৰল অমৃতাই কঠিন হৈ অহা অনুৰাগৰ মুখখনলৈ। অনুৰাগৰ দুচকুৰ ভাষা

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড