পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৭


প্ৰাপ্তিৰ ফেহুঁজালি

নিবেদিতা কলিতা

 উফ আজি আকৌ নিমখ ঢলা কুমজেলেকুৱা টোৰ নিচিনা লাগিল তাইৰ নিজকে... সৰ্বশৰীৰৰ লগতে যেন মনটোও কোঁচ খাই আহিব ধৰিছে তাইৰ... আস ইমান কষ্ট... ইমান কষ্ট... হাঁহি আছে তাই সকলোকে দেখুৱাই... হাঁহিবই লাগিব তাই... তাইৰ মনৰ কষ্ট কাৰো আগতেই ব্যক্ত কৰিব নোৱাৰে তাই... কাকোৱেই... আনকি মনৰ মানুহজনকো... কাৰণ তাই নিবিচাৰে তাইৰ বাবে তাই ভালপোৱা মানুহবোৰ কষ্টত থাকক. তাইৰ বাবে চিন্তা কৰি থাকক... মনটো যেন কিহবাই আকুঁহি আনে..

 ৰুমত সোমাই টিভিটো জোৰকৈ লগাই দিলে তাই... ইমান পৰে চেপি ৰখা কান্দোনটো ওলাই আহিব দিলে তাই... কিয় এনে হ’ল.. কিয় কিয় কিয়... কাক সোধে তাই, কোনো নাই উত্তৰ দিবলৈ... কান্দি কান্দি ভাগৰি পৰাৰ পিছত নিজেই বিচাৰি লয় তাই তাইৰ কিয়বোৰৰ উত্তৰ। তাই জানে উত্তৰবোৰ... কিন্তু এই যে অবুজন মনটো... বুজি বুজি নুবুজে...

 “ও জীৱন তুমি ৰহনীয়া ৰঙৰে বোল... এপাহি হাহিঁ এপাহি দুখ...” মোবাইলৰ ৰিংটোনটো শুনি ধহমহাই উঠিল তাই... পৰানৰ ফোন...

 “হেল্লো ডাৰ্লিং, কি কৰিছা? আহি পালা?”

 “উম... জাষ্ট আহি পালো, মুখ ধোৱাই নাই” কথাখিনি কৈ কৈ থাকিয়েই আইনাৰ সমুখ পালে তাই... মুখখন ৰঙা পৰি আছে কিন্তু মাতটো শুনি ধৰিব পৰা নাই পৰাণে, তাইৰ অভিনয় ভালেই হৈছে মানে... চকুপানীখিনি মোহাৰি নিজকে চাই এবাৰ হাঁহিলে তাই... “মই ভাত খাই লওঁগৈ দেই পৰাণ।

 ফোনটো থৈ লৰালৰিকৈ মুখ হাত ধুই শাহুৱেকে বাঢ়ি দিয়া ভাতখিনি খালে তাই, শাহুৱেকে কিবা কিবি কৈ আছিল যদিও ইমান মনোযোগ নিদিলে তাই... এনেই ও-আ কৰি থাকিল তাই... বৰ মৰম কৰে শাহুৱেকে তাইক... ঘৰত মানুহ বুলিবলৈ শহুৰ শাহু আৰু তাই.. পৰাণে দূৰণিবটীয়া ঠাইত চাকৰি কৰে, আহোঁ বুলি আহিব নোৱাৰে, তাইৰো সৰু হ’লেও চৰকাৰী চাকৰি আছে, সেয়ে তাইও পৰাণৰ কাষত গৈ থাকিব নোৱাৰে, সুখী আছিল সিহঁত... দূৰে দূৰে থাকিলেও তেনেদৰেই সন্তুষ্ট হ’বলৈ শিকিছিল সিহঁত। শহুৰ শাহুৱে বৰ মৰম কৰে তাইক। মুঠতে তাই সুখী.. বহুত সুখী আছিল। কিন্তু সেই কাল ধুমুহা জাকে তাইৰ যেন জীৱনটো ওলট পালত কৰি দিলে...

 উফ কিয় এনে হয় তাইৰ... যেতিয়াই। কাৰোবাক সন্তান সম্ভৱা বুলি শুনে, কাৰোবাৰ কেচুৱা হোৱা বুলি শুনে তাইৰ মনটো ভাল লাগে হয়, কিন্তু পিছ মুহূৰ্ততে তাই যেন নিমখ ঢালি দিয়া কুমজেলেকুৱাটো হৈ পৰে। কোচ খাই আহে তাই... যন্ত্ৰণাত ছটফটায় হৃদয়... বুকুখন যেন কিহবাই আকুহি আনে... বাৰে বাৰে উজাই উজাই আহে চেপা কান্দোন...

 বিয়াৰ তিনিবছৰ পিছৰ পৰা আৰম্ভ হৈছিল তাইৰ জীৱনৰ, তাইৰ অন্তৰৰ কাহানিও নুশুকাব লগীয়া এটুকুৰা দুখ, এটুকুৰা ঘা, তেজ হৈ নিগৰিছিল চকুপানীবোৰ... আশা দিছিল পৰাণে জীয়াই থকাৰ... পুনৰ সঞ্জীৱিত হোৱাৰ.. মৰি মৰি জীয়াই আছিল তাই... তাই জীয়াই থাকিব লাগিব পৰাণৰ বাবে... তাইৰ দৰে অনাথ ছোৱালী এজনীক বোৱাৰী হিচাপে আদৰি লৈ মৰমেৰে ওপচাই ৰখা শহুৰ শাহুৰ বাবে... তাই সুখী হ’বলৈ চেষ্টা কৰিছিল পৰাণৰ বাবে, শহুৰ শাহুৰ বাবে... যিসকল তাইৰ সুখত সুখী... তাইৰ দুখত দুখী... তাই কান্দিলে যিসকলে কান্দে... তাই হাঁহিলে হাঁহে...

 জীৱনে বাৰু কিয় এনে খেল খেলিলে তাইৰ লগত, কিয়... কিয় কিয়?? বাৰে বাৰে চিঞৰ বোৰ ঠেকা খাই পুনৰ তাইৰ কাষলৈ ঘূৰি আহে। কাক সুধিব তাই... কোনে দিব তাইৰ কিয়ৰ উত্তৰ... পৰাণে বুজায় “জান তোমাৰ জীৱনটো শেষ হৈ যোৱা নাই নহয়... তুমি একোৱেই হেৰুওৱা নাই.. তুমি সৰুৰে পৰা কিমান কষ্ট কৰিছা, আমি দুযো মিলি কিমান ঘাত প্ৰতিঘাত পাৰ কৰিছোঁ আমি হাৰ নামানো.. ইমান সৰু কথাটোত আমি কিয় হাৰি যাম ভাল হয় তাই... বুজি উঠে... তাৰপিছত হঠাতে

মনটোৱে আকৌ চিৎকাৰ কৰি উঠে ক’ত কি ভুল হৈ গ’ল... ক’ত ভুল থাকি গ’ল... যাৰ বাবে তাই আজি জিকি জিকি হাৰি যাব

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড