পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮২

আছে মই তালৈ যাম। তেওঁলোক বহুত সুখী হ'ল। মই নজনালোঁ তেওঁলোকক মোৰ জীৱনৰ ক'লা অধ্যায়। লাহে লাহে মোৰ ভাড়াঘৰৰ বাইদেউৰ কথা মনত পৰিল, তেওঁৰ ঠিকনাটো মনত পৰিল, এটা এটা সৰু সৰু কথা মনত পেলাবলৈ সক্ষম হ'লোঁ। মই ডায়েৰীত খৰধৰকৈ সকলো টুকি ৰাখিলোঁ। পিছদিনা ৰাতিপুৱাই মই এটা নতুন সিদ্ধান্ত ল'বলৈ সাজু হৈছিলোঁ। তেৰ বছৰ পাৰ হৈছিল কণমানিজনীও চাগৈ বৰ এজনী হ'ল। পিছদিনা ৰাতিপুৱা মই বাইদেউৰ আগত সিদ্ধান্ত জনালোঁ, তেওঁলোকে মোক বাধা নিদিলে, যাবৰ সময়ত মোৰ হাতত তেওঁলোকে অলপ মান পইছা গুজি দিলে। কৃতজ্ঞতাৰে মন ভৰি পৰিল, তেওঁলোকক সেৱা জনাই মই মোৰ গন্তব্যস্থানলৈ আগবাঢ়িলোঁ। মই চকুৰ পানী বাধা দি ৰাখিব পৰা নাছিলোঁ, তেওঁলোকেও কান্দিছিল তেৰ বছৰ কম দিন নাছিল আত্মীয়তা গঢ়ি তুলিবলৈ। বাইদেৱে গাড়ী এখনৰো ব্যৱস্থা কৰি দিলে। মই বাছ আস্থানত অলপ সময় বহি আছিলোঁ, ভাবিলোঁ ভাড়াঘৰৰ বাইদেৱে বাৰু মোক চিনি পাবনে! তেওঁ বাৰু মোৰ বস্তুবোৰ এতিয়াও ভালদৰে ৰাখিছেনে? মনত হাজাৰ প্ৰশ্নৰ উদয় হৈছিল যাৰ উত্তৰ মই তালৈ গৈহে পাবলৈ সক্ষম হম। মই যাবই লাগিব মাইনাজনীৰ খৱৰো ল'ব লাগিব। কিমান ডাঙৰ হ'ল বাৰু তাই মনতে গণনা কৰি পালোঁ ষোল্ল বছৰ মান হ’ল চাগৈ তাইৰ। তাইৰ বিষয়ে জানিবলৈ মই ইমানেই ব্যগ্ৰ হৈ পৰিছিলোঁ যেন এতিয়াই মই বাইদেউৰ ওচৰলৈ উৰি গুচি যাম। মই টিকট কাউন্টাৰত ৰৈ নগাঁৱলৈ যোৱা এখন বাছৰ টিকট কাৰ্টি ল'লোঁ। বাছখনৰ এতিয়া চিট এটাত বহি লৈ মই মোৰ ডায়েৰীৰ দুটামান পৃষ্ঠা লিখিলোঁ। সময়ত বাছে গতি কৰিলে, মোৰ মনটো বাছৰ গতিতকৈও বেগেৰে যাবলৈ ধৰিলে। দুঘন্টামানৰ পিছত মই সেই ঠাই পালোঁগৈ যৰ পৰা আৰম্ভ হৈছিল মোৰ জীৱনৰ কাল নিশাবোৰ। মোক তাত এতিয়া চিনি পোৱা মানুহ নাই, মোৰ আগৰ দুয়োটা ৰূপেই এতিয়াৰ লগত নিমিলে। সুস্থ অৱস্থাত থকাতকৈ চেহেৰা বেয়া হৈছিল আৰু পাগলী অৱস্থাতকৈ উন্নত আছিলোঁ। বয়সেও আচোৰ মাৰি গৈছিল গতিকে মই নিৰ্ভয়ে আগবাঢ়িছিলো মোৰ ঠিকনাৰ দিশে। ঠাইখিনিৰ যথেষ্ট পৰিৱৰ্তন হৈছিল, আগৰ এমহলীয়া ঘৰৰ ঠাইত বিল্ডিং হৈছিল। বাইদেউৰ ঘৰটো বিচাৰি ওলিয়াবলৈ মোৰ বহুত সময় লাগিছিল। ভোকে পিয়াহে মোক আতুৰ কৰি আনিছিল মই হোটেল এখনত সোমাই প্ৰথমে খাই ল'লোঁ। তাৰ পিছত উমানতে এঘৰলৈ সোমাই গ'লোঁ। মই সোমাই যোৱা দেখি লনখনত কাম কৰি থকা মালিজন আগবাঢ়ি আহিল, মই সুধিলোঁ সৈন্ধা বৰুৱাৰ ঘৰ হয়নে। তেওঁ কলে হয়, কিন্তু তেখেত নাই চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ গৈছে। যোৱা প্ৰায় এমাহ হ’ল চিকিৎসা দীঘলীয়া হ’ব গতিকে এবছৰ মান তাতে পুতেকৰ লগত থাকিব। মোৰ মনৰ সকলো আশা পুনৰ শেষ হৈ পৰিছিল তেওঁক বাইদেউৰ নম্বৰটো খুজিছিলো কিন্তু নাপালোঁ। অৱশ্যে ফোন কৰিলে মোৰ কথা জনাব বুলি আশ্বাস দিলে। মই নিৰাশ মনে ওভতি আহিলোঁ। বস্তি অঞ্চলতে এটা ৰূম লৈ মই থাকিবলৈ ল'লোঁ। কিন্তু তাতো মই বহুত জানোৱাৰ লগ পাইছিলোঁ, কিন্তু এইবাৰ মই মোকাবিলা কৰিবলৈ শিকি গৈছিলোঁ, মোৰ ওচৰলৈ যিয়েই আহে তাকে মই দেহা দিবলৈ প্ৰস্তুত হৈছিলোঁ আৰু বিছনাত পৰাৰ লগে লগে মই কৈছিলোঁ তোক কৈ লওঁ আগতেই, মোৰ আকৌ বিয়পা বেমাৰ এটা আছে! গতিকে পিছত আকৌ নক’বি মই নক’লো বুলি। শুনি বিছনাত উঠিবলৈ খৰধৰ কৰা মানুহটো তৎক্ষণাত বিছনাৰ পৰা নামি আহিছিল। মানে মই বহুতৰ লগত বিছনাত থাকোতেই কেতিয়ানো হ’ল গমেই নাপালোঁ, এতিয়া অৱশ্যে জানো মোৰ লগত আগতে লেন দেন কৰা মানুহবোৰে কয়। মোৰ কথা শুনি সি আৰু দুনাই মোক দিগদাৰ কৰা নাছিল। এইদৰেই মই কোনো বেমাৰ নোহোৱাকৈয়ে বেমাৰৰ নামকে হাঠিয়াৰ কৰি তেনেধৰণৰ বেয়া প্ৰকৃতিৰ মানুহবোৰৰ পৰা হাত সাৰি আছিলোঁ। সিহঁতে মোৰ কথা জানিব পাৰি নহা হৈছিল। ময়ো কিছুদিন শান্তিত থাকিব পাৰিলোঁ। এনেদৰেই কিছুদিন পাৰ হৈ গৈছিল, এদিন মই কামৰ পৰা ওভতি আহোঁতে বাইদেউৰ ঘৰৰ কাম কৰা ল’ৰাজনে বাটতে মোক পাই কলে পৰহিলৈ বাইদেউহঁত পাবহি। তুমি এসপ্তাহমানৰ পিছত আহি লগ কৰিব পাৰিবা। কথাষাৰ শুনিয়েই মোৰ বহুত ভাল লাগিল তাক ধন্যবাদ জনাই মই নিজৰ কোঠালৈ আহিলো। মই আগ্ৰহেৰে বাট চাই ৰ'লোঁ বাইদেউক লগ কৰিবলৈ।

 নিৰ্দিষ্ট দিনটোত মই সৈন্ধা বাইদেউক লগ কৰিবলৈ গ'লোঁ। ল'ৰাজনে খুৱৰটো দিয়াৰ লগে লগে বাইদেৱে মোক মাতি পঠিয়ালে। বাইদেউক লগ পোৱাৰ আবেগত মই ভিতৰলৈ সোমাই গ'লোঁ। তেখেতে বিছনা এখনত শুই আছিলে, মই কঁপা কপা মাতেৰে বাইদেউক মাত দিলোঁ।

 ৰীতা, তুমি ইমান দিন ক'ত আছিলাঁ, মই তোমালৈ বাট চাই ভাগৰি পৰিছিলোঁ।

 মই বাইদেউক মোৰ ওপৰত ঘটি যোৱা সকলোবোৰ ঘটনাই ৱিৰি ক'লোঁ। তেওঁৰ চকুৰ পানী ওলাবলৈ ধৰিলে। বহুত

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড