পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৮

বাউলি হৈ পৰিলোঁ। দাদাৰ কোঠাত বৌ আৰু দাদা মৃতপ্ৰায় হৈ পৰি আছিল। মই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলোঁ। তাৰ মাজতেই মোৰ মাইনাজনীলৈ মনত পৰাত তাইক বিচাৰোঁতে খুৰী এগৰাকীয়ে জনালে তাই সুস্থ হৈ আছে। পুৱা বহুত পলমকৈ ঘৰৰ দুৱাৰ বন্ধ দেখি আৰু কেচুৱাৰ কান্দোন শুনিহে খুৰাহঁতে কিবা অঘটন ঘটিল বুলি দুৱাৰ খুলি সোমাই এইবোৰ দেখিলে। মোক মাতিবলৈ গাঁৱৰ দুজনমান ল'ৰা গৈছিল বোলে কিন্তু মই এনেকৈ পোৱাটো হয়তো অদৃষ্টই বিছাৰিছিল। তেওঁলোকৰ মতে ৰাতি বিষাক্ত সাপ সোমাই দুয়োকে খুটিলে কাৰণ মুখেৰে ফেন ওলাই আছিল। কেচুৱাকন ভিতৰত আঠুৱাৰ তলত আছিল বাবে সুৰক্ষিত হৈ থাকিল। গাঁৱৰ মানুহে আবেলিলৈ দুয়োৰে দাহ সংস্কাৰ কৰি উপকাৰ কৰিলে। মই কণমানিজনীক বুকুত সুমুৱাই কান্দি কান্দি পাৰ পোৱা নাছিলোঁ। তেওঁলোকৰ মৃত্যু মই সহজ ভাৱে ল'ব পৰা নাছিলোঁ যেন এই মৃত্যু সহজ মৃত্যু নহয়। ইয়াত নিশ্চয় মহানন্দ জড়িত হৈ আছে। মই কাকো একো ক'ব পৰা নাছিলোঁ বাৰে বাৰে নিজলৈ খং উঠিছিল কিয় মই সেই পাষণ্ডটোক ঘৰলৈ আনিছিলোঁ। এবাৰলৈ এনেকৈও ভাৱিছিলোঁ সিটো গম পাইছে ঘটনাটো, যদি সি আহে তেতিয়া বুজিম সি দোষী নহয়। কিন্তু দাদা-বৌৰ কাজ কৰ্ম হৈ যোৱা পৰ্যন্ত সি এদিনো মোৰ খবৰ লবলৈ তালৈ নগ’ল। মোৰ সন্দেহ ইতিমধ্যে দৃঢ় হৈ পৰিছিল। সকাম হৈ যোৱালৈ খুৰা-খুৰীহঁতে আমাৰ লগতে থাকি নিৰাপত্তা দি আছিল। সদায়নো কিমান ৰখিব আমাক গতিকে মই অন্য এটা সিদ্ধান্ত হাতত লৈ পেলাইছিলোঁ। দাদা-বৌৰ অবিহনে যিহেতু মই কণমানিজনীক লৈ এইখন ঘৰত থকাটো সম্ভৱ নহয় লগতে তাক বিচাৰি যোৱাও আন এটা কাৰণ মই সিদ্ধান্তটো লৈ খুৰাক মাতি পঠিয়ালোঁ। খুৰা আহি পোৱাৰ পিছতে মই তেওঁক জনালোঁ যে মই ইয়াত আৰু নাথাকে, গতিকে আমাৰ থকা ঘৰটোৰ বাদ দি বাকী সকলো বিক্ৰী কৰি চহৰতেই থাকোগৈ।খুৰায়েও মোৰ সমস্যাখিনি ভালদৰে বুজি পালে আৰু তেওঁ মুঠকৈ মোক টকা অলপ দি পিছদিনাই যাবলৈ কলে। খুৰা যোৱাৰ পিছত মইনাজনী টোপনি যোৱাত তাইক শুৱাই মই ঘৰটো এপাক ঘূৰি পকি চালোঁ। কিবা এক ষষ্ঠ ইন্দ্ৰিয়ৰ তাগিদাত মই দাদা-নবৌৰ কোঠালৈ সোমাই গ'লোঁ। বুকুখন শোকে খুন্দা মাৰি ধৰিছিল, দাদা-বৌৰ ফটোখন মোহাৰি সামৰি নমাই লোৱাৰ পিছত ক্ষন্তেক ৰলোঁ। কোনোবাই যেন মোক কৈছে কিবা এটা। মই দেখিলোঁ বৌৰ বাকচটো নিৰ্দিষ্ট ঠাইত নাই হয়তো সংস্কাৰৰ সময়ত বৌৰ কাপোৰ কানিবোৰ উলিয়াবৰ বাবে গাঁৱৰ মানুহে আনিলে। কিবা এটা ভাবি বাকচটো মেলি দিলোঁ তাত থকা কণমানিজনীৰ কাপোৰবোৰ আনিবলৈ দাঙি লওঁতেই কাগজ এখন তলত সৰি পৰিল। কাপোৰবোৰ থৈ কিবা এটা উৎসুকতাৰে কাগজখন মেলি পঢ়িবলৈ ললোঁ।

 ৰীতা, মই কিমানখিনি লিখিব পাৰোঁ নাজানোঁ।

 আজি ৰাতি মহানন্দ থকাকৈ আহিল স্কুটাৰ অনা নাছিল। মই বাধা দিয়া স্বত্বেও দদায়েৰে তাক ৰখালে। সন্ধিয়াৰ পৰাই সি এওঁক মদ খুৱাই খুৱাই মাতাল কৰি পেলালে। বহুত সময় সিহঁতৰ মাত নুশুনি মই ওলাই আহিলো। তেতিয়া লৈ সি ককায়েৰৰ মুখ হাত বান্ধি পেলাই ৰাখিছিল। নিমিষতে মোক ঠাপ মাৰি ধৰি বগৰাই ধৰি সৰ্বস্ব লুটিলে। মই সকলোকে কৈ দিম বুলি কোৱাত সি | বটলত কিবা মিলাই আমাৰ দুয়োকে খুৱাই থৈ গ'ল। মই জানিলোঁ আমি বেছি সময় জীয়াই নাথাকে গতিকে মানুহজনক বান্ধোন খুলি দিলোঁ। মাইনাজনীক চাবা..

 মই কাগজখন লুটিয়াই বগৰাই চালোঁ নাই আৰু কোনো শব্দ নাই। তেতিয়ালৈ চাগৈ বৌৱে মাইনাজনী মৰম কৰি দাদাৰ কাষত শুই পৰিছিলহি। সম্পূৰ্ণ কথাখিনি জনাৰ পিছত মই খঙত ফাটি পৰিছিলোঁ। কি কৰিম এতিয়া মই, মই যেন তাক এতিয়াই মাৰি পেলাম। সাধাৰণ গাঁৱৰ মানুহবোৰে দাদা-বৌৰ মৃত্যুক সহজভাৱে ল'লে কিন্তু মই ল'ব নোৱাৰিলোঁ। মই এতিয়া। লক্ষ কৰি ল'লোঁ মহানন্দৰ মৃত্যু। কণমানিজনীৰ চিন্তাত মই অস্থিৰ হৈ পৰিছিলোঁ, তাইক লৈ মই লক্ষ্যত উপনিত হ'ব নোৱাৰিম। মোৰ হঠাৎ মনত পৰিল ভাড়াঘৰৰ মালিকনী বাইদেউৰ ভনীয়েকজনী নিঃসন্তান আছিল তেওঁ সন্তান বিচাৰি ফুৰিছিল। মই ভাৱি ল'লোঁ মোৰ কাষত থাকিলে এই অৱহেলিত হে হ’ব গতিকে তাইক মই নিৰাপদ ঠাইত থ'ব লাগিব। মই মোহত বন্দী হৈ তাইক নিজৰ লগত ৰাখিব নোৱাৰোঁ। চকুৰ পানী মোহাৰি মইসেইদিনা ৰাতিয়েই আমাৰ যাৱতীয় বস্তুবোৰ আৰু দাদা বৌৰ যুগ্ম ফটোখন, সেই বিশেষ কাগজখন লগত ল'লোঁ। মই পিছদিনা ৰাতিপুৱা মোৰ মন ডাঠ কৰি ভাড়াঘৰ পালোগৈ। মাইনা জনীয়ে যেন দুমাহতে সকলো বুজিছিল অলপো আমনি নকৰি বটলৰ গাখীৰ খাই শুই থাকিছিল। তাইৰ মুখলৈ চালে মোৰ মনে নকয় তাইক আনক দিবলৈ বাৰে বাৰে চুমা খাই বুকুত সাবটি লওঁ। কিন্তু দাদা বৌৰ কথা ভাৱি মই মালিকনী বাইদেউক সকলো

খোলাখুলিকৈ কৈছিলোঁ। তেওঁ মোৰ কোঠালৈ আহি কণমানিজনীক সাৱটি কান্দি উঠিছিল। লগে লগে টেলিফোন যোগে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড