পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৭

মানসপটত তেতিয়ালৈ তেওঁ এজন দেৱতা সদৃশ মানুহ হৈ পৰিছিল। মই একেবাৰতে তেওঁৰ প্ৰস্তাৱত মান্তি হ'লোঁ। কিমান যে মৰম যত্নত তেওঁ মোক ৰাখিছিল। মই তেওঁৰ বিষয়ে জনাই মোৰ নবৌ লৈ চিঠি দিছিলোঁ। সহজ সৰল মানুহ হালে কোনো আপত্তি নকৰাকৈ মোৰ পছন্দক নেদেখাকৈয়ে সন্মতি জনাইছিল। পূজাৰ বন্ধত যাওঁতে তেওঁকোলগত নিবলৈ কৈ পঠিয়াইছিল।

 বৌৰ কথা মতেই মইপূজা বন্ধত ঘৰলৈ যাওঁতে তাকো লৈ গৈছিলোঁ। অচিনাকি ল'ৰা এজনৰ স্কুটাৰত নিজৰ গাঁওখনৰ মাজেদি গ'লে দাদা হঁতৰ সন্মান লাঘৱ হব বুলি মই আগে আগে খোজ কাঢ়ি গৈ তেওঁক বাট দেখুৱাই নিছিলোঁ।

 আমি গৈ পোৱাৰ লগে লগে বৌ অনুৰাধা ওলাই আহি আথেবেথে যতন ধৰিলে। আঠমাহৰ গৰ্ভৱতী মানুহজনীৰ ধুনীয়া ৰূপ দেখি সি তথা লাগি চাই থাকিল। মোৰ নবৌ দেখিবলৈ বহুত ধুনীয়া আছিল সাইলাখ গোসানীৰ দৰে। সি মোক নিজ মুখেই কৈছিল ইমান ধুনীয়া নাৰী সি জীৱনত দেখা নাছিল। তাতে মাতৃত্বৰ পৰশত মুখৰ কমনীয়তা আৰু বাঢ়িছিল। সি তেনেকৈ প্ৰশংসা কৰা স্বত্বেও মই বেয়া পোৱা নাছিলোঁ কিয়নো নবৌ অনুৰাধাক প্ৰথম দেখাতেই সকলো মানুহেই সুন্দৰতাক লৈ প্ৰসংশা কৰে। সাদৰি বৌজনীৰূপে গুণে অতুলনীয়। মহানন্দই আমাৰ ঘৰত থাকি ইমানেই ভাল পাইছিল যে এদিনৰ বাবে গৈ সি এসপ্তাহ থাকিছিল। কলেজ খোলাৰ বাবে আমি আহিবলৈ ওলালোঁ। বৌয়ে বস্তু অলপ যতনাই দি মোক সি নুশুনাকৈ কলে, ৰিত অলপ সাৱধানেৰে থাকিবা। মহানন্দৰ পৰিয়ালৰ খৱৰ ল’বা, তুমি বৰকৈ তাৰ লগত নুঘূৰিবা বিয়া নোহোৱাকৈ বৰকৈ মিলামিছা কৰিলে বেয়া। বৌৰ কথাত বেয়া পোৱা নাছিলোঁ কিয়নো তেওঁ মোৰ অহিত চিন্তা নকৰে, তথাপি মনে মনে অলপ ক্ষুন্ন হৈছিলোঁ। সময়ে বাগৰ সলোৱাৰ লগে লগে বৌৰ এজনী কন্যা সন্তান জন্ম পালে। মই তেতিয়া পৰীক্ষা হৈ যোৱাৰ বাবে ঘৰতেই থাকি বৌৰ আলপৈচান ধৰাত ব্যস্ত আছিলোঁ। সি সেই সময়ছোৱাত মাজে মাজে আমাৰ ঘৰলৈ গৈ খা-খবৰ লৈ থাকিল। সি যেতিয়া যায় বৌয়ে মাৰ্থে মাত লগায়ে গা এলো দি ফুৰে। মই অনুমান কৰিলোঁ সি গলে বৌয়ে বেয়া পায়। সি কিন্তু যোৱাই প্ৰতি দাদা, বৌ আৰু মাইনা লৈ বহুত বহুত বস্তু নিয়ে যিবোৰ বৌয়ে চুয়েই নাচায়। সি কিন্তু কথাই কথাই বৌৰ প্ৰশংসা কৰে। মই তেতিয়া তাৰ প্ৰেমত ইমানেই মছগুল আছিলোঁ তাৰ প্ৰতি বেয়া ভাৱ নাহিছিল। মোৰ কলেজ পুনৰ খোলাৰ বাবে বৌয়ে মোক ভাড়াৰূমলৈ যাবলৈ কলে। ময়ো গুচি আহিছিলোঁ। তেতিয়াওঁ মহানন্দই মোৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিছিল। সি মাজে মাজে মোক কয় ঘৰৰ পৰা চাউল আনিব লাগে যদি ক’বা মই আজি সেইফালে যাম। মই তাক নালাগে বুলি বাধা দিও।

 এদিন কলেজৰ পৰা আহোঁতে মালিকনী খুৰীয়ে মোৰ হাতত এখন চিঠি দিলে। মই চিঠিখন দেখি আচৰিত হ'লোঁ কিয়নো মোলৈ ডাকত চিঠি দিবলগীয়া কোনো মানুহেই নাছিল। কোঠাত সোমায়ে মই চিঠিখন মেলি ল'লোঁ এইখন চিঠি মই হুবহু টুকি থৈছে -

 ৰীতা,

 তোমাক কি কম, তুমি যিজন মানুহৰ লগত সম্পৰ্ক ৰাখিছা তেওঁ সমূলি ভাল চৰিত্ৰৰ মানুহ নহয়। নাভাৱিবা মই তোমাৰ বেয়া চিন্তা কৰি কৈছোঁ বুলি। সি তুমি নথকাটো আমাৰ ঘৰলৈ আহে। কথাই প্ৰতি তোমাতকৈ মই ধুনীয়া, ইয়াতকৈ মই বহুত ভালঘৰৰ যোগ্য আদি কৈ থাকে। দাদাৰলৈ সদায় মদৰ বটল এটা লৈ আহে, ৰাতি থাকিবলৈ বিচাৰে মই দাদাৰক কৈ যেনে তেনে পঠিয়াওঁ। মোৰ ভয় লগা হৈছে, সি যেন মোৰ প্ৰতি বেয়া দৃষ্টি ৰাখিছে মোৰ এনে লাগে। কালি সি আহি স্কুটাৰখন বেয়া হোৱাৰ বাহানা কৰি থকাৰ বস্তু কৰি লৈছিল। মই গোটেই ৰাতি দৰ্জা মাৰি মাইনাক লৈ শুই থাকিলোঁ ভয়ে ভয়ে। কিন্তু সি আকৌ আহিব চাগে মোৰ ভয় লগা হৈছে অ'। তুমি সোনকালে আহিবাচোন.. বৌ।

 চিঠিখন পঢ়ি মই লাজে অপমানে জৰ্জৰিত হ'লোঁ, বৌয়ে চিঠি দিয়াৰ তাৰিখটো চাই দেখিলো আহি পোৱালৈ পাঁচদিন হ'ল। সেইদিনা বহুত পলম হোৱাৰ বাবে পিছদিনাই ঘৰলৈ যোৱাৰ সিদ্ধান্ত ললোঁ। ভাত পানী একো খাবলৈ মন নোযোৱা হ'ল যি হ’ব হওক বুলি এবাৰ তাক লগ কৰাৰ মন বান্ধি তাৰ ৰূম পালোঁগৈ। গৈ দেখিলো সি নাই মোৰ বুকুখন চিৰিংকৈ মাৰিলে, মনে মনে ভগৱানক খাটিলো যাতে সি একো অঘটন নঘটাই। ৰাতিটো চটফটাই থাকি পুৱাই মই ঘৰলৈ বুলি ওলাই গলো। গাঁওখনত এক নিস্তব্ধতা বিৰাজ কৰি আছিল মই যিমান পাৰো খৰকৈ খোজ দিলোঁ। চুবুৰিটো সোমাই লক্ষ্য কৰিলোঁ আমাৰ চোতালত বহুত মানুহ। মই দৌৰ মাৰি ভিতৰ সোমালোঁ। খুৰীদেউ এগৰাকী য়ে মোক থাপ মাৰি ধৰিলে আৰু

ক'লে, মা অ’ সকলো শেষ হৈ গ'ল। মোৰ আৰু কথা শুনি থকাৰ ধৈৰ্য্য নাছিল, দৌৰ মাৰি ভিতৰ সোমাই মই একপ্ৰকাৰে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড