পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭৪

 ঘুনুচাই ঘৰলৈ বুলি গৈ থাকোতে আলিটোৰ মূৰত থকা কেঁকুৰিটোৰ ফালে ঘূৰিবলৈ লওঁতেই বিপৰীত ফালৰ পৰা অহা এখন ভানে ঘুনুচাক খুন্দা মাৰি দিয়াত ঘুনুচা লুটি বাগৰ খাই অজ্ঞান হৈ আলিটোৰ দাঁতিতে পৰি ৰয়।

 কিছুসময়ৰ পাছত ঘুনুচাৰ জ্ঞান ঘূৰি অহাত তাই নিজকে ভৰি এটা বেগুজেৰে নুৰিয়াই বান্ধি ওলমাই থোৱা অৱস্থাত দেখা পাই কান্দোনত ভাগি পৰে। যেন সকলো সপোন ভাগি শেষ হৈ গ'ল। মাথোঁ কান্দি কান্দি শিতানৰ গাৰুটো চকুলোকেৰে তিয়াই পেলোৱাৰ বাহিৰে একো কৰিব নোৱাৰে।

 চাওঁতে চাওঁতে ঘুনুচাৰ বিছনাত পৰি থকাতো এবছৰেই হ'বৰ হ'ল আৰু মদনেও ঘুনুচাৰ প্ৰত্যেক দিনাই খবৰ কৰে। প্ৰতিটো কথাৰেই খবৰ ৰাখে। কিন্তু ঘুনুচাই আজিও আনৰ সহায় লৈ ইফাল-সিফাল কৰিবলগা হয়। আৰু ডাক্তৰেও আজীৱনৰ আনৰ সহায় লৈ চলা ফুৰা কৰিব লাগিব বুলি কৈ যোৱা কথাষাৰে ঘুনুচাক বেছিকৈ হতাশাত ভুগা দেখা গ'ল।

 তথাপিও মদনে ঘুচাক কোনোদিনেই অকলশৰীয়াৰ অনুভৱ হ'বলৈ নিদি তাইৰ কাষে কাষে থাকিবলৈ বিচাৰিছিল। কিন্তু ঘুনুচাই সেই হ'বলৈ নিদি তাক তাইৰ কাষৰ পৰা আতঁৰাই পঠিয়াইছিল।

 : তই মোক পাহৰি যা মদন। মোক লৈ দেখা সপোনবোৰ এতিয়া ভাবিবলৈ এৰি দে। মই তোৰ কেতিয়াও যোগ্য নহওঁ।

 : তই এইবোৰ কি কৈছ ঘুনুচা। তোৰ অবিহনে মই আন কাৰো কথা ভাবিব নোৱাৰোঁ। মই তোৰ সকলোবোৰ দায়িত্ব ল'ব বিচাৰোঁ।

 : নাই... এই ভুল নকৰিবি মদন। মই যিজনী মানুহে তোক কোনোদিনেই সুখ দিব নোৱাৰিম তেনে এজনী মানুহক নি তই দুখৰ জীৱন চপাই নলবি মদন। আমাৰ মাজত কিবা এটা আছিল সঁচা। কিন্তু এতিয়া মই সেইবোৰ ভাবিব নোৱাৰো অমদন। বৰ কষ্ট পাওঁ দেখোন। মই কষ্ট পোৱাতো জানো তই বিচাৰ ক। সেয়ে কৈছো তই মোক পাহৰি যা মদন। পাহৰি যা...

 : কিন্তু ঘুনুচা... এবাৰ...

 : মই তোক কাবৌ কৰিছোঁ মদন। তই যাগৈ মদন.... যাগৈ...। আমাৰ ভালপোৱাৰ শপত। তই যা।

 কথাখিনি কৈয়েই ঘুনুচা কান্দোনত ভাগি পৰিছিল আৰু মদনো সিদিনা কান্দোনত ভাগি পৰি তাইৰ জীৱনৰ পৰা আতৰি আহিছিল।

 কিমান সময় ধৰি ঘুনুচা তাঁতৰ শালত বহি কান্দি আছিল তাই গমেই পোৱা নাছিল। গামোচা এযুটি লগাবলৈ দিয়া ৰমলা জেঠাইৰ মাততহে ঘুনুচা বাস্তৱলৈ ঘূৰি আহে।

 : অ' জেঠাইটি তুমি। আহা আহা। তোমাৰ গামোচা যুটি মই দুই এদিনতে শেষ কৰি তোমাক দিম হ'বনে।

 : ঠিক আছে দে। তেনেহ'লে মই মানৰ পাছতেই আহি লৈ যাম দে।

 ৰমলা জেঠাইটি যোৱাৰ পাছতেই ঘুনুচাই সম্পূৰ্ণ হৈ উঠা এখনি গামোচা তাঁতৰ শালৰপৰা কাটি আজিও গোপনে তাইৰ কাঠৰ বাকচটিত আলফুলে ৰাখি পুনৰ ভৰিটোত হাত এখন থৈ একা বেঁকাকৈ তাঁতৰ শালত বহেহি।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড