ভাস্কৰ দত্ত নামৰ সেই মানুহজনৰ দুচকুৰ তীক্ষ্ন চাৱনীয়ে যেন চালিজাৰী চাই গৈছিল তাইৰ যৌৱনেৰে পুষ্ট শৰীৰটোৰ প্ৰতিটো অংগ৷
বেলিটি পশ্চিমৰ পাহাৰখনত ডুব যোৱাৰ পিছতেই ঘন কুঁৱলীয়ে আৱৰি ধৰিছিল গাওঁখনক।
ঘৰে ঘৰে উজ্জ্বলি উঠিছিল চাকি, লেম্পৰ চিকিমিকি পোহৰ।
নিশা ঘন হৈ অহাৰ লগে লগে বাঢ়িছিল ঠাণ্ডাৰ প্ৰকোপ। বাহিৰত ইতিমধ্যে ডাঠ কুঁৱলী॥
অমৃতাৰ মনটো বুজাব নোৱাৰা ধৰণে অস্থিৰ হৈ উঠিছিল।কিবা এক অজান আশংকাত বাৰে বাৰে শংকিত হৈ উঠিছিল তাইৰ অন্তৰখন।
ষষ্ঠ ইন্দ্ৰিয়ই যেন চিঞৰি চিঞৰি জনাব খুজিছিল সম্ভাব্য বিপদৰ আগজাননী। আন্ধাৰ ননমাৰ আগতেই সকলোবোৰ আলহী ঘূৰি গৈছিলগৈ ডাঙৰ দীঘল গাড়ীবোৰত উঠি।
থাকি গৈছিল মাত্ৰ ভাস্কৰ দত্ত আৰু তেওঁৰ বন্ধু বিপ্লৱ।
তেওঁলোকে আনি দিয়া বিলাতী মদৰ ৰসত ইতিমধ্যে ডুবিবলৈ আৰম্ভ কৰিছিল তাইৰ দেউতাক। দোৰোল খোৱা জিভাৰে বলকিবলৈ আৰম্ভ কৰিছিল অনৰ্গল অলাগতিয়াল কথা।
ৰাতি পেহীয়েকে বনোৱা পাৰ মাংসৰ জালুকীয়া আঞ্জা তৃপ্তিৰে খাই ভাস্কৰ দত্ত আৰু তেওঁৰ বন্ধু বিপ্লৱ দুয়ো শুবলৈ গৈছিল। আলহীক শুবলৈ ব্যৱস্থা কৰি দিয়া হৈছিল বহা কোঠাটোৰ কাষতে থকা অন্য এটি সৰু কোঠাত।
সকলোকে শুবলৈ ব্যৱস্থা কৰি দিয়াৰ পিছত অমৃতাও নিজৰ কোঠাটোলৈ সোমাই আহিছিল।
দেউতাকৰ ওপৰত ভীষণভাৱে খং উঠিছিল তাইৰ। কাহানিবাও তাইৰ দেউতাকে তাইৰ মূৰত মৰমেৰে বা আদৰেৰে হাত বুলাই পাইছিলনে?? একেখন ঘৰত থাকিও কোনোদিনেইতো মৰমত মাত এষাৰ নিদিছিল তাইক। মাথো পুৱা গধূলি নিমজ্জিত হৈ ৰৈছিল আকণ্ঠ মদৰ নিচাত॥ তথাপিও দেউতাকৰ পৰা অকণমান মৰম আদৰ পাবৰ কাৰণে সদা তৎপৰ হৈ ৰৈছিল তাই। অথচ আজি সেই একেজন দেউতাকৰেই এক অন্য ৰূপ দেখিবলৈ পাইছে তাই। চহৰৰ চহকী জোঁৱাই পোৱাৰ লালসাত উজ্জ্বলি উঠিছে চকু মুখ, ... কুঞ্চিত মুখৰ ৰেখাবোৰটো বিয়পি পৰিছে আনন্দৰ আভা।
কণমানি বয়সতেই মাতৃহীনা হোৱা অমৃতাৰ মনত নাই মাকৰ চেহেৰা...তাইৰ বনৰীয়া মনটোৰ কোনোদিনেই আহৰিও নাছিল মাকৰ অভাৱ অনুভৱ কৰিবলৈ.... কিন্তু আজি যেন সকলো ব্যতিক্ৰম।
মাক থকা হলে জানো এনেকুৱা হবলৈ পালেহেঁতেন??
লেপৰ উমাল আৱেষ্টনীত গভীৰভাৱে নিদ্ৰাত মগ্ন অমৃতাৰ টোপনি ভাঙিছিল প্ৰায় মাজনিশা।
তাইৰ ডিঙিত, কাণত যেন তীক্ষ্ণ কিহবাই বিন্ধিছিল। শৰীৰৰ ওপৰত যেন সুৰসুৰাই গধুৰ কিবা এটা বগাই গৈছিল। উশাহ নিশাহ বন্ধ হোৱাৰ উপক্ৰম হৈছিল তাইৰ।
সাৰ পাই উঠি বহিব খুজোতেই অনুভৱ কৰিলে তাইৰ শৰীৰৰ ওপৰত এটি গধুৰ পুৰুষ শৰীৰ। মুখেৰে ওলাই আহিব খোজা আৰ্ত চিৎকাৰ মুখতেই মাৰ গল কঠিন শীতল হাতখনৰ হেঁচাত। চটফটাব ধৰিছিল তাই। কোনোবাপাকত অমৃতাই সজোৰে কামুৰি দিছিল সেই কঠিন হাতখনত। মুহুৰ্তৰ বাবে অস্পষ্ট এক শব্দ উচ্চাৰণ কৰি আচাৰ মাৰি আতৰি গৈছিল সেই কঠিন পুৰুষ শৰীৰ আৰু হাত।
সেই সুযোগতেই জাপ মাৰি উঠি বহিছিল অমৃতা। অন্ধকাৰ কোঠাটোৰ পৰা বিভ্ৰান্তৰ দৰে বাহিৰলৈ দৌৰি ওলাই আহিছিল তাই।
পুহ মাহৰ মাজনিশাৰ প্ৰচণ্ড শীতকো নেওচি, চয়াময়া পোহৰত অত তত খুন্দা খাই ... মাথো দৌৰিছিল তাই। জোনাকীৰ পোহৰক বাট ভেটি ধৰিছিল ঘন কুঁৱলীয়ে। পিছলৈ ঘূৰি চাবলৈ আহৰি নাছিল তাইৰ। ঘূৰি চালেই যেন দেখি পাব...তাইৰ পিছে পিছে খঙত গুজৰি দৌৰি আহি থকা মানুহৰ মুখা পিন্ধা দস্যু টোক। চকামকা পোহৰত মানুহৰ ঘৰৰ বাৰীৰ মাজে মাজে, কেতিয়াবা আকৌ পথাৰৰ মাজে মাজে ভয়ত বিবৰ্ণ শেঁতা মুখেৰে দৌৰিছিল তাই। বিৰিণাই কাটি ছিৰিলা কৰিছিল তাইৰ দুভৰি। ঢিলা হৈ অহা খোপা খোল খাই সৰি পৰিছিল পিঠিত ..খহি পৰিছিল গাৰ পাতল চাদৰ..
কুঁৱলীত ভিজি লিপিত খাই যোৱা মেখেলা খন ফাটি চিৰিলি গৈছিল।