পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬

 : বলচোন। ঘৰত আলহী আহিছে।

 : আলহী?

 : তই যাচোন। খুড়াদেউ এনেয়ে খং কৰিব নহ'লে।

 অনুৰাগ বহাৰ পৰা উঠিছিল ইতিমধ্যে।

 অলপ দেৰি কিবা চিন্তা কৰি অমৃতাও উঠি আহিল। অলপ চিন্তাত পৰিল অমৃতা।

 আলহী?? ক’ৰ আলহী?? কিয় আহিছে??

 গাঁৱৰ মানুহৰ মুখত চলি থকা কথাটোৱেই যদি সঁচা হয়?? মুখখন নিমিষতে বিৱৰ্ণ আৰু নিস্তেজ হৈ পৰিল তাইৰ। অনুৰাগে লক্ষ্য কৰিছিল তাইৰ চিন্তিত মুখখন।

 : একো নহয় যাচোন। পিছত কথা পাতিম। মই ইয়াতে বহিম কিছুদেৰী। পিছত লগ পাম।

 যাওঁ নাযাওকৈ অনুৰাগক তাতে এৰি থৈ লাহে লাহে খোজ দিলে অমৃতাই ৰিমঝিমৰ সৈতে। বুকুখন দুৰু দুৰুকৈ কঁপি উঠিছিল তাইৰ সেইমুহূৰ্তত।

 তেতিয়া তাই নিজেও ...আৰু অনুৰাগেওতো জনা নাছিল, বিধাতাই নিশ্চিত কৰি থৈ দিয়া এক অন্ধকাৰ, পুতিগন্ধময় জীৱনে যে হাতাউল দি

 মাতি আছিল তাইক!!

 প্ৰস্তুৰ মূৰ্তিৰ দৰে থিয় হৈ ৰৈছিল মাথো তাই। গাঁও খনৰ মানুহৰ মুখে মুখে বাগৰা টুকুৰা টুকুৰ কথাবোৰ যেন এটা এটাকৈ তাইৰ কাণত অনুৰণিত হৈ থাকিল।

 দেউতাকৰ আদেশত পেহীয়েক আৰু ৰিমঝিমে প্ৰায় জোৰ কৰিয়েই পিন্ধাই দিছিল এযোৰ নতুন নীলা ৰঙৰ মেখেলা চাদৰ। চুলিখিনি দীঘলকৈ বেণী গুঠি দিছিল ৰিমঝিমে। মুখত সামান্য ক্ৰীম ,পাউদাৰ অলপ সানি কপালত পিন্ধাই দিলে এটি কলা ফোট।

 চাহৰ ট্ৰেখন সজাই থাকোতে পেহীয়েকে তাইৰ কাণৰ কাষতে সৰু সৰুকৈ কৈছিল,

 : বহুত টকা পইচা আৰু সা সম্পত্তিৰ মালিক ভাস্কৰ দত্ত। কিন্তু তেওঁৰ এটাই অভাৱ। বিয়াৰ দুবছৰৰ ভিতৰতে তেওঁৰ প্ৰথম পত্নীৰ অকাল মৃত্যু ঘটিছে। ল'ৰা-ছোৱালীও নাই প্ৰথমা পত্নীৰ ভাগৰ।

 : .....

 : মুঠতে তই একো চিন্তা নকৰিবি। ৰাণীৰ দৰে থাকিব পাৰিবি তই।

 হাতত পেহীয়েকে সজাই দিয়া চাহৰ ট্ৰেখন লৈ তাই কোনোমতে থিয় হৈছিলহি বহাঘৰত।

 চেষ্টা কৰিও সামান্য হাঁহি এটিও মুখত

 বিৰিঙাই তুলিব পৰা নাছিল তাই।

 দুগৰাকী মান মহিলাই উঠি আহি তাইৰ মুখত হাত বোলাইছিল।

 : শুনি আছিলোঁ ধুনীয়া বুলি। কিন্তু ইমান যে ধুনীয়া হবা ভৱা নাছিলোঁ!!

 সকলোৱে মুগ্ধ দৃষ্টিৰে চাই ৰৈছিল তাইলৈ। চহৰীয়া আভিজাত্যৰে ভৰপূৰ মহিলাসকলে মুক্ত মনেৰে অমৃতাৰ ৰূপৰ প্ৰশংসা কৰা দেখি দেউতাকৰ গৰ্বত যেন বুকুখন ফুলি উঠিছিল।

 : তাই দেখাত সাইলাখ মাকৰ দৰে হল।

 আত্মসন্তুষ্টিৰে হাঁহি উঠিছিল দেউতাক।

 এগৰাকী মহিলাই নিজেই আগযাচি তাইক সকলোৰে লগত চিনাকি কৰাই দিলে....আৰু চিনাকি কৰাই দিলে ভাস্কৰ নামৰ মানুহজনৰ সৈতে।

 নামটো শুনি সচকিত হৈ মূৰ তুলি চাইছিল তাই।

 প্ৰথম দৃষ্টিতেই বিতৃষ্ণাত, ... নহয় এক অজান ভয়ত সংকুচিত হৈ উঠিল তাইৰ মনটো। ভীষণ ভাৱে অপ্ৰস্তুত হৈ

উঠিল তাই।

অৰ্দ্ধ-আকাশ: ৰচনাসমগ্ৰ, প্ৰথম খণ্ড