পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৫

বিব্রত হােৱা যেন লাগিল। তেতিয়া তাই ধৰিব পাৰিলে সেইজন ৰিয়াৰ স্বামী। ধলংপলংকৈ আহি বাৰান্দাৰ খােটাতে খােন্দা। খাই মানুহজন পৰি গ'ল। লগে লগে কলকলাই তেজ ওলাবলৈ ললে। তাই আৰু প্রিয়ম হতভম্ব হৈ ৰল। ৰিয়াই তেনে পৰিবেশৰ প্রতি সাজু নাছিল।

 প্রিয়ম আগবাঢ়ি গৈ মানুহজনক ডাঙিবলৈ যত্ন কৰিলে....

 মুখেৰে মানুহজনে কথা কৈয়ে থাকিল......

 ..মােৰ লাইফ বৰবাদ....ইউ আৰ চ লাকি...এনে ধৰণৰ কথা। তেওঁৰ জখম ভালকৈয়ে হৈছিল। এটা সময়ত জ্ঞান হেৰাই যােৱাৰ দৰে হল। প্রিয়মে হােটেল কর্তৃপক্ষক খবৰ দিলে। এখন এম্বুলেন্স যােগাৰ কৰি হস্পিতেল নিবলৈ। সকলাে যােগাৰ হােৱাত মানুহজনৰ লগত যাবলৈ হােটেল কর্তৃপক্ষই প্রিয়মক অনুৰােধ কৰিলে। সি তাইলৈ চোৱাত তাইও যাবলৈ কলে। ৰিয়াও লগত যাবলৈ ওলােৱাত সি অকলেই পাৰিব বুলি কৈ লৈ গ'ল।

 বাহিৰতে দুয়ােজনী বহি থাকিল ।...

 ...বহু সময়ৰ পাছত ৰিয়াই কৈ গ'ল। তাইৰ মদাহী স্বামীৰ কথা। কিদৰে ঘৰৰ হেঁচাত পৰি তাইতকৈ প্রায় দুগুণ ডাঙৰ মানুহজনৰ লগত বিয়া হৈছিল। বিয়াৰ আগৰ প্ৰিয়মৰ লগত থকা সকলাে কথা তেওঁ জানি গৈছিল। আৰু বিয়াৰ পাছৰে পৰা প্রতিদিনে মদৰ নিচাত ডুবি ৰৈছিল।

 আৰু কৈছিল... সি বহুত ভাল ল'ৰা আছিল। তাৰ মনত দুখ দি মই আজি অনুতপ্ত।

 এক ঘন্টা মানৰ পাছত প্রিয়মে মানুহজনকলৈ আহিছিল। বিশেষ একো নাই। অত্যধিক মদ্যপান কৰাৰ বাবে তেনে হৈছিল। মানুহ জনক সি ধৰি ধৰি লৈ আহােতে অমিতাভ বচ্চন অভিনিত চিলচিলা চিনেমাখনৰ শেষৰ দৃশ্যটো মনলৈ আহিল তাইৰ। কিদৰে নায়ক ৰূপী অমিতাভে নায়িকা ৰেখাৰ স্বামী সঞ্জীৱ কুমাৰক হেলিকপ্তাৰ দুৰ্ঘটনাৰ পৰা ডাঙি লৈ আহিছিল...

 তেওঁক ৰিয়াৰ ৰুমত থৈ সি তাইক ৰুমলৈ লৈ গৈছিল। গভীৰ প্রত্যয়েৰে তাইক বুকুত লৈ শুই থাকিবলৈ ক'লে।

 সি কলে.....মই সদায় তােমাৰ মৰমৰ ছায়াত জীয়াই আছাে আৰু বাকী থকা দিনকেইটাও থাকিম।

   ৰিয়া মােৰ অতীতৰ বিফল এক অধ্যায়। যাক লৈ সপােন দেখিব নােৱাৰি। যি অতীতত মােৰ লগতাে সফল নহ'ল আৰু ঘৰৰ অহংকাৰ ফলস্বৰূপে যিজনৰ লগত সংসাৰ কৰিলে তেওঁৰ লগতাে সফল নহ'ল। অস্তিত্ব তােমাৰ নহয়, তাইৰহে অস্তিত্ব নাই জীৱনত। তােমাৰ অস্তিত্ব মই জীয়াই থাকোঁতেও থাকিব মৰাৰ পাছতাে জনম জনমলৈ থাকিব।

 .....তােমাক বাদ দি মই শূন্য। তােমাৰ অবিহনে মই সন্যাসী হৈ যাম।...

 একো ক'বলৈ ভাষানাই তাইৰ...পাৰ হৈ যােৱা সেই দিনবােৰত ইমান সহনশীল হৈ কটাই তাই কি পালেনাজানিলে.... কিন্তু সংসাৰত আঁচোৰ পৰিবলৈ নিদিলে। হয়তাে তাইও বেছি সংবেদনশীল হৈ পৰিছিল ৰিয়াৰ লগত প্ৰিয়মৰ সম্পৰ্কত। হয়তু প্ৰিয়মৰা দোষ আছিল। সিও ভবা নাছিল তাৰ পুৰণি প্রেম পত্র, পুৰণি সম্পর্কয়ে তাইক ইমান দুখ দিব বুলি....

 ৰিয়াৰ জীৱনৰ অস্তিত্ব দেখিও তাই আচৰিত হ'ল। যিয়ে নহওক প্রিয়ম মদাহী নহয়। এজন সুপুৰুষ। ৰিয়াৰ স্বামীও সুখী নহয় ৰিয়াক লৈ.... কিন্তু তাই বুকুত হাত দি কব পাৰে তাই কলৈ প্রিয়ম এশ শতাংশ ই সুখী.... এই অস্তিত্ব জীৱন থাকে মানে থাকিব... তাই যিমান ঘাত প্রতিঘাত অতিক্ৰম কৰি বান্ধি ৰাখিলে সংসাৰখন....তাইৰ মাকৰ আগতাে এইবােৰ কথাৰ গম নিদিলে। মাত্র নিজে সহ্য কৰি গ'ল, নিজে নিজকে বুজাই গ'ল...অস্তিত্ব জীৱনৰ....

 আজি জীৱনৰ বিয়লি বেলাৰ আগমনৰ প্ৰাক মুহূর্তত তাই বাৰে বাৰে হাহাকাৰ কৰিছে, এই প্রশ্নবােৰৰ উত্তৰ বিচাৰি। সঁচাকৈ প্রেম আছিলনে প্রিয়মৰ তাইৰ প্ৰতি?? যদি আছিল তেনেহলে কিয় সি তাইৰ অস্তিত্ব সম্পর্কে সচেতন নাছিল। এই উত্তৰ আশাত তাই সদায় দূৰ দিগন্তত বিলিন হৈ যােৱা বেলিটোৰ ফালে চাই থাকে। যিদৰে বেলিটোৱে নিজৰ অস্তিত্ব জাহিৰ

কৰি পুনৰ উদয় হােৱাৰ প্রতিশ্রুতিৰে লুকাই যায় সীমাৰ সীপাৰে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড