পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩

ৰিয়া বিয়া হবলগা হৈছিল। কাৰণ সেই সময়ত প্রিয়মে তাইক বিয়া কৰাবপৰাকৈ উপযুক্ত নাছিল....

 ...দেশে-বিদেশে, আকাশে বতাহে কেৱল ৰিয়াৰ উপস্থিতি য়ে তাইক ধূসৰ কৰি দিছিল...

 সন্ধ্যা হােৱাত সিহঁত হােটেললৈ আহিছিল....

 হােটেল লৈ অহাৰ বাটত তাই বাৰে বাৰে মনত ৰৈ ৰৈ ভাহি থাকিল ৰিয়াৰ সন্তান দুটাৰ নাম। কিয় ৰাখিলে প্রিয়মৰ লগত দেখা সপােনৰ নাম। এতিয়াৰ স্বামীক বাৰু তাই প্ৰতাৰণা কৰা নাই নে। সেই নামৰ মাজত তাই আজিও প্রিয়মৰ প্ৰেমৰ সন্ধান কৰি ফুৰে নেকি বাৰু। আৰু তাই দেখিলে তাইৰ স্বামী সকলাে সয়যতে কিবা বিষাদৰ মাজত ডুবি থকা। তাতকৈ আচৰিত হল সেই লৈ তাইৰ অলপাে চিন্তিত নহয়। যিদৰে তাই যিমানেই প্রিয়ম ৰ প্রতি ক্ষোভত নাথাকক কিন্তু সকলাে সময়তে তাৰ ভাল লগা বেয়া লগাবােৰৰ প্রতি অত্যন্ত সচেতন। যিটো ৰিয়াৰ মাজত দেখা নাপালে।

 মানুহজন ৰিয়াতকৈ বহুত বেছি বয়সীয়া যেন লাগিল তাইৰ। বাৰে বাৰে ৰিয়াৰ মুখখন মনলৈ আহি থাকিল,... যিখন মুখ এদিন প্রিয়মৰ নিচেই আপােন আছিল... তাই বিশেষ একো আকর্ষণ একো দেখা নাপালে। চাপৰ শৰীৰটোত মঙহৰ ভেৰ। সেই সময়ত অৱশ্যে কেনেকুৱা আছিল চেহেৰা দেখি তাই বুজিব নােৱাৰিলে। ওখ পাখ পুৰুষ সুলভ প্ৰিয়মৰ লগত যে একেবাৰে নিমিলে তাহক দেখি ধৰিব পাৰিলে।

 হােটেল পাইন উদ পাই সিহঁত নিজৰ ৰুমলৈ গ'ল। দুটা ৰুম লৈছিল সিহঁতে কাৰণ তাইৰ ছােৱালীৰ লগৰ বান্ধৱী এজনীও লগত আহিছিল। তাহাত দুজনীক এটা ৰুম দি আনটো ৰুমত প্রিয়ম আৰু তাই। নৱেম্বৰ মাহৰ শ্বিলংৰ বতৰ তাইৰ ভাল লাগিল। সেমেকা সেমেকা ভাব এটা আছে। ভাল লাগে এনে পৰিবেশ। ৰাতি ভাত খাবলৈ পুলিচ বজাৰত থকা সুৰুচি হােটেলত তাইৰ প্ৰিয় ইলিচ মাছ খাবলৈ যােৱাৰ কথা প্রিয়মে কোৱাত তাই তাতে খাব বুলি ক'লে। ওলাই যাবলৈ মন নগ'ল।

 ৰাতি খাই বৈ তাই বাহিৰলৈ ওলাই আহি বাৰাণ্ডাত সজাই থােৱা ছােফা এখনত বহি পৰিল। ছােৱালী দুজনী টি.ভি.ত ব্যস্ত। চাৰিওফালে নানা তৰহৰ ফুলেৰে ভৰি আছে হােটেলখন। তাই ড্রাইভাৰ প্রবিনক ৫০০ টকা এখন দি মালিজনৰ পৰা ফুল অলপ ল'বলৈ কলে। আগতেও তাই নিছে এনেকৈ।

 অলপ পাছত প্রিয়মাে আহি তাইৰ কাষত বহিলহি।

 ...ভাল লাগিছে ন...সি কলে.... তাই কিবা কোৱাৰ আগতেই পুনৰ সি কবলৈ ধৰিলে...

 ...তােমাৰ মনৰ কথা মই বুজি পাইছাে গুণ...আজি তুমি ৰিয়াক ওচৰৰ পৰা দেখিলা...তােমাতকৈ কিবা গুণত তাইক বেছি ভাল দেখিলানে.... হয় এটা সময়ত মই তাইক ভাল পাইছিলোঁ... কিমান শুদ্ধ আছিল সেই সময়ৰ মােৰ চিন্তা মই নাজানাে। কিন্তু তুমি মােৰ জীৱনত প্ৰৱেশ কৰাৰ পাছত মই প্রতি পলে পলে অনুভৱ কৰি গ'লাে ৰিয়া কেতিয়াও তুমি হব নােৱাৰে। তাই মােৰ সামান্য ভুলৰ বাবে মােৰ পৰা আতৰি গুচি গ'ল আৰু তুমি মােৰ হাজাৰটা ভুল মাফ কৰি চিৰদিন মােৰ কাষত থাকি গ'লা.... এনে লাগে। তাই যেন মােৰ জীৱন লৈ অহাই নাছিল।

 তাই কিবা এটি ক’বলৈ মুখ মেলােতেই সি মুখত হাত দি ক'লে...আজি মই কম...তুমি শুনিবা...

 তাৰ পাছত আমাৰ সুখ দেখিব নােৱাৰা চকু চৰহাবােৰে সদায় চেষ্টা কৰি গ'ল..কিদৰে তােমাৰ মােৰ সংসাৰত জুই লগাব পাৰে...সি কৈ গ'ল। হয় বিয়াৰ পাছতে এদিন মই তােমাক বিয়া নাম ধৰি মাতিছিলোঁ....যাৰ বাবে নিজৰ ওপৰতে আজিও মই খঙত জ্বলি থাকোঁ। তাৰ পাছত তেনে জানাে হৈছিল কেতিয়াবা ....কেতিয়াবা লগৰ বন্ধুবােৰেও তােমাক ৰিয়াৰ কথা কয়। সিহঁতকো মই একো ক'ব নােৱাৰিলোঁ। আচলতে তুমিও জানা মানুহৰ লগত মই অলাগতিয়াল কথা পাতিব নােৱাৰোঁ। সিহঁতৰ মানসিকতা তেনেকুৱাই। মই কিয় নিজকে তললৈ নামিবলৈ দিম। ঘৰৰ মানুহবােৰাে ঠিক একেই। মই মাত্র মই কি সেইটো জানাে বাবে মনে মনে থাকি গলাে।... আৰু সদায় তুমি নিজৰ অস্তিত্ব ৰ সংকটত পৰি নিজকে কষ্ট দিলা। ৰিয়াৰ প্রতি আজি মােৰ কোনাে আকর্ষণ নাই।

 যিদিনা তাই মােক নােকোৱাকৈ আন এজনৰ লগত বিয়াৰ সিদ্ধান্ত ল'লে সেই দিনাৰ পৰা তাই মােৰ অচিনাকি হৈ পৰিল। তাই মােক কাম বন নােহােৱা বেকাৰ বুলি হাঁহি আতৰি গৈছিল। আৰু আজি দেখিলা তাইৰ গিৰিয়েকৰ অৱস্থা, মদ খাই। তাই আচৰিত হৈ সুধিলে ..তুমি কেনেকৈ জানিলা তেওঁ যে মদ খাইছে..?...সি ক'লে অ মই দেখিয়েই গম পাইছোঁ।

তেওঁ যে মদ খাই আছে...

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড