পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫১

 আন এজনী ছােৱালী নমিতাৰ ফটো দেখাই সি কৈছিল সেইজনী তাৰ কলেজৰ চিনাকি ছােৱালী। ষ্টাইল চোৱা। এনেকৈ দিনবােৰ গৈ আছিল। এদিন সি বাথৰুমত থাকোতে প্রিয়মৰ ফোনটো লৈ এনেয়ে চাই আছিল। সদায় চাই থাকে তাৰ ফোন তাই। তেনেকুৱাতে নমিতাৰ কিবা মেচেজ এটা চকুত পৰাত তাই ভালকৈ চায় দেখে নমিতাৰ লগত প্রিয়মৰ কথা। ৰিয়া কথাৰে নমিতা আৰু প্ৰিয়মৰ মেচেঞ্জাৰ ভৰি আছে....পুনৰ মেচেজ কেইটা পঢ়িল..পুনৰ....সি বাথৰুমৰ পৰা ওলাই অহালৈ তাই ৰৈ থাকিল..

 .....বাৰে বাৰে তাই প্রিয়মৰ বান্ধৱী নমিতায়ে দিয়া মেচেজকেইটা পঢ়িলে ...আগৰ লগৰ কিছুমান লৰা-ছােৱালীৰ কথা সুধিছিল। ফোন নং বিচৰিছিল । তাৰ পাছত সুধিছিল ৰিয়াৰ কথা ।ৰিয়াৰ ফোন নম্বৰ লাগে তাইক ।... তাইৰ এনে কথাত আচৰিত হােৱাতকৈ প্ৰিয়মৰ উত্তৰ দেখি বেছি আচৰিত হ'ল ।...

 ......সি কৈছে ফোন নম্বৰ পালে মই দিম।... কি আচৰিত মানুহ। ইমান দিনৰ পাছত লগ পাইছে অন্য ভাল বেয়া সােধা নাই, সংসাৰৰ কথা জানিব বিচৰা নাই তাইক লাগে প্রিয়মৰ অতীতৰ প্ৰেমিকাৰ খবৰ। ....তাইও জানে যে ৰিয়াৰ লগত তাৰ বিয়া নহ'ল বুলি। সেই কথা জানিও তাই কিয় এনেদৰে কলে। তাই বুজি নাপালে।...

 তাতকৈ আচলতে আচৰিত হল প্ৰিয়মৰ কথা দেখিহে। সি কিয় কব নােৱাৰিলে নমিতাক সেইবােৰ কথাৰ লগত এতিয়া তাৰ জীৱনৰ কোনাে সম্পর্ক নাই বুলি । কিন্তু সি কলে ফোন নম্বৰ পালে দিব। ক'ত পাব সি ৰিয়াৰ ফোন নম্বৰ? নে তাৰ ওচৰত ৰিয়াৰ ফোন নম্বৰ আছেই।

 তাই জানে, ৰিয়াৰ বিয়া প্রিয়মৰ একেখন চহৰতে হৈছে। মাজতে দুবাৰমান তাইক লগ পােৱাৰ কথা তাই জানে। ৰিয়াক লগ পাই এদিন ঘৰলৈ আহোঁতে তাৰ মুখত সন্তুষ্টিৰ হাঁহিত তাই ধৰা পেলাইছিল। পােহৰ মুখখন দেখিয়েই তাই তাক সুধিছিল... কি হল আজি ইমান উৎসাহ দেখিছোঁ, কত ৰিয়াক লগ পালা নেকি...? তেতিয়া সি কৈছিল.... অ পালোঁ জানা....বহুত মানুহ থকাৰ বাবে মাতিব লগা হ'ল।....কি কি কথা হৈছিল সি তাইৰ আগত কৈছিল।.....তাই একো নকলে। ভাল কৰিলা বুলি কৈ সেইবােৰ আৰু নুসুধিলে। তাইৰ কাষত শুই থকাৰ পিচতাে তাই অনুভৱ কৰিছিল সি যেন আজি বৰ সুখী..

 বাথৰুমৰ পৰা ওলােৱাৰ পাচত তাই প্রিয়মক প্রশ্ন কৰিছিল..... নমিতাৰ লগত তাৰমানে এতিয়াও ৰিয়াৰ কথাই পাতা নহয়নে.....এইয়াই তােমাক বান্ধৱী ...

 সি ভবাই নাছিল যে তাই মেচেজবােৰ দেখিব....

 সি কৈছিল অ, এইবােৰ ফান্টু ছােৱালীৰ কাম নাই... আৰু কি বেলেগ কথা পাতিব।...কলেজত থাকোতে লজ গৰম কৰি যােৱা ছােৱালী। এতিয়া চিটিত থাকে, গাঁৱৰ পৰা ওলাই যােৱা ছােৱালী, নিজকে বহু স্মার্ট বুলি ভাবে। কেনেকুৱা ছােৱালী আছিল মইহে জানাে।

 তাই ক'লে...যদি ফটোৱা ছােৱালী বুলিয়েই জানা কিয় fb. Friend হৈ লৈছিলা। তােমাৰ ৰিয়াৰ লগত বিয়া হােৱা বুলি তাই জানে নেকি?.সি মুৰ জোকাৰিছিল,..নাই তাই আমাৰ বিয়া নহ'ল বুলি জানে।

 তাই সুধিলে ...তেতিয়া হলে ৰিয়াৰ ফোন নম্বৰ কিয় তােমাক বিচাৰিলে...তাইৰ তােমাক সুধিবলৈ আন কথা নাছিল নে......

 তােমাৰ সংসাৰৰ কথা, তােমাৰ লৰা ছােৱালীৰ কথা । সকলাে জানিও তােমাক কিয় সুধিলে ৰিয়াৰ কথা...উত্তৰ দিয়া মােক...নে তাই জানে আজিও তােমাৰ ৰিয়াৰ লগত সম্পর্ক আছে বুলি....

 “....বাদ দিয়ানা... কিনাে একেবােৰ কথাতে লাগি থাকা”...সি কৈছিল।....

 বাদ দিলোঁহেঁতেন প্রিয়ম... তুমি যদি ক'লাহেঁতেন ..তাই বিয়া নহ'ল বুলি জানিও কিয় ৰিয়াৰ কথা সুধিলে... যদি ক’লাহেঁতেন এতিয়া ৰিয়াক লৈ তােমাৰ জীৱন নহয় ....তাই নােহােৱাকৈ এতিয়া তােমাৰ এক সুখৰ সংসাৰ ....

 কিন্তু তুমি সেইবােৰ একো নক’লা...ক’লা ফোন নম্বৰ পালে দিম...ক’ত পাবা তুমি... ইমানেই যদি ৰিয়াৰ কথা পাতি

ভালপােৱা, মেচেজবােৰ দিলিত কৰি কিয় নিদিয়া...? মই দেখাকৈ ৰাখি কিয় মােক বাৰে বাৰে হত্যা কৰি গ'ল। বিয়াৰ ইমান

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড