পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৯

কেনেকৈ তােমাৰ আৰু মােৰ সংসাৰত জুই লগাব পাৰে। মই তােমাৰ দৰে জীৱন সংগী বহুজনমৰ সাধনাৰ বলত পাইছোঁ। তুমি ইমানবােৰ কথা শুনিও প্রতিটো কথাতে মােক সমর্থন কৰি গৈছা,...মােৰ কাষত আছা...মৰম ভালপােৱাৰে মােৰ জীৱন ভৰাই দিছ...। আন কোনাে নাৰীৰ লগত তােমাৰ তুলনা মই কৰিব নােৱাৰোঁ।”

 তাই সুধিছিল ...কিয় সি তেনে কথাকোৱা মানুহৰ ওচৰত একো প্রতিবাদ নকৰে, কিয় সেইবােৰ মানুহক ৰিয়াৰ কথা কবলৈ সুবিধা দিয়ে....সিঘৰৰ মানুহে ৰিয়াৰ কথা কলেও কিয় একো নকয়। সেইবােৰ কথায়ে তাইক যে প্রতি দিনে বুকুত চুৰি মাৰি যায়, সি অনুভৱ নকৰেনে...

 সি কৈছিল “কৰোঁ। তােমাক তেনে কথা শুনােৱাৰ বাবে মই কি শান্তিত আছে বুলি তুমি ভাৱিলা কেনেকৈ...। মই ঘৰৰ মানুহক কিবা ক'বলৈ গ'লেই সিহঁতে তােমাৰ ওপৰত অত্যাচাৰ বেছি কৰিব। তােমাক মই নিজৰ পছন্দত বিয়া কৰাইছোঁ। আজি তুমি মােৰ কাষত, মই কিমান শান্তিত আছে সেইটো মই জানাে। তুমি ৰিয়াৰ লগত কোনােফালেই তুলনা নহয়। তাই মােৰ বিশ্বাস ভাঙিছিল ...আৰু তুমি মােৰ জীৱনটোনতুনকৈ সজাই তুলিলা...তােমাৰ ভালপােৱাই মােক গােটেই পৃথিৱীখনকে ভাল পাবলৈ শিকালে.....ভগৱানে পৃথিৱীলৈ তােমাক মােৰ বাবেই পঠিয়াই দিছে....।”

 ধাৰাসাৰে চকুপানী বৈছিল তাইৰ। তাৰ বুকুৰ মাজত তাই উচুপি উচুপি শেষ হৈ গৈছিল। অতদিনৰ বুকুভঙা কান্দোনে তাইৰ দুখবােৰ উটুৱাই নিয়াটো তাই বিছাৰিছিল....

 কিমান সহিব তাই ...। গােটেই ৰাতি প্রিয়মে তাইক বুকুত লৈয়ে থাকিল। তাইও জানে সিও তাইক কিমান ভালপায়। অলপ দেৰি নেদেখিলেই থাকিব নােৱাৰে। অকলে মাকৰ ঘৰত যাবলৈ নিদিয়ে ..যলৈকে গৈছে কিমান বস্তু তাইলৈ আনিছে। তাৰ হিচাপ নাই।....

 তথাপিও তাই আশ্বস্ত হব নােৱাৰে.... কিয় .....কিয়....কিয়... .....তাই ৰ চৌদিশে সােণাৰু ফুৰিছিল,.. আকাশ নীলা হৈ পৰিছিল, ৰামধেনুৰ সাতাে ৰঙে তাইৰ জীৱন ৰাঙলী কৰিছিল,

 প্রিয়মৰ এবুকু মৰমত সাগৰৰ ঢৌৰ দৰে বাঢ়িব লাগিছে বুকুৰ উলাহ...মাছৰ দৰে জাক পাতি উজাইছে ওঠৰ গান

 ...চৌদিশে নাচিছে গৰখীয়া বাহীৰ সুৰ...

 প্রিয়ম আৰু তাইৰ সংসাৰ আগুৱাইছিল । সুখৰ আমেজেৰে জীৱন ভৰপূৰ হৈ পৰিছিল। তাৰ ব্যৱসায় বহুত আগবাঢ়ি গৈছিল। প্রাচুর্যৰে সংসাৰ ভৰি পৰিল। তাই কিন্তু আগৰ ঘূণজনীয়ে হৈ থাকিল। ছােৱালীজনী ডাঙৰ হৈছিল। তাই ছােৱালীৰ পঢ়া-শুনা আদিত ব্যস্ত হৈ পৰিল। বিয়াৰ আগতে তাই গান গাইছিল, এটি সুমধুৰ কণ্ঠৰ অধিকাৰী তাই। ছােৱালীজনীকো গানৰ স্কুলত নাম লগাই দিলে। তাইৰ আধৰুৱা সপােন ছােৱালীজনীৰ মাজেদি পূৰণ কৰিবলৈ বিচাৰিছিল।

 যােৰহাটত তাই classical music শিকিছিল পণ্ডিত প্রদীপ ব্রহ্মা ছাৰৰ ওচৰত। বহুতাে নাম থকা শিল্পী সেই সময়ত তাই লগ পাইছিল। অন্য লিখা-মেলাতাে তাই পাৰদৰ্শী আছিল। কিন্তু বিয়াৰ হােমৰ জুইত সকলাে তাই জাহ দি থৈ আহিছিল। তাৰ বাবে তাইৰ কোনাে খেদ নাই। নিজৰ প্রিয়তম স্বামীৰ সুখেই তাইৰ চিৰকাম্য।

 ছােৱালীজনীৰ গানৰ স্কুল লৈ আনা নিয়া কৰােতে তাই সুপ্ত প্রতিভা পুনৰ সাৰ পাই উঠিছিল। সেই বােৰৰ মাজত থাকি তাই বহু কথা পাহৰি গল । প্রিয়মও সামাজিক কাম কাজত ব্যস্ত হৈ পৰিল। তাৰ মাজতাে কিন্তু ঘৰৰ মানুহবােৰে খােচটো মাৰি তাইক কথা শুনাবলৈ নেৰিলে।

 বিয়াই সবাহে প্রিয়মৰ লগত ক'ৰবালৈ গলে তেতিয়াও ৰিয়াৰ কথা তাক সােধা তাই শুনিয়েই থাকিল। আজি কালি তাইৰ খং নুঠে। তাইও তাৰ লগত ৰিয়াৰ কথা খােলাখুলিকৈয়ে পাতে। কিন্তু আনৰ মুখত শুনিবলৈ পালে বুকুৰ মাজত কৰবাত অলপ আঘাত আজিও তাই অনুভৱ কৰে। আচলতে কথাবােৰ তাই পাহৰিব নােৱাৰিলে, হজম কৰিহে গ'ল।

 লাহে লাহে তাই প্রিয়মৰ লগত বিয়া আদি লৈ যােৱা কমাই দিলে। নগ'লে নােহােৱা বিষয় হ'লেহে যায়। তাতে সি সমাজৰ কামত থকা মানুহ। অৱশ্যে চৰিত্ৰৰ দিশৰ পৰা সি একেবাৰে নির্মল আছিল। তাইৰ সেইটো বিশ্বাস গভীৰ আছিল, তাইক সি কেতিয়াও বিশ্বাসঘাতকতা নকৰে কেতিয়াও।

 ঘৰৰ মানুহে তাইৰ এই সুখৰ সংসাৰ দেখি বৰ সুখী নহয় বুলি তাই জানে। তাৰ পাছতাে তাই নিজৰ কৰিবলগাখিনি

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড