পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪৮

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

১৪৮ হিচাপ কৰি চালে তাই ...ছয় বছৰেই হব আৰু । এতিয়াও কি ৰিয়াৰ অস্তিত্ব প্রিয়মৰ আশে পাশে বিৰাজমান নে??? ফোনটো শেষ হােৱাৰ পাছত তাই প্রিয়মৰ চকুলৈ চালে। তাইৰ চকুলৈ চাবলৈ তাৰ সাহ আছিল নে তাই বুজিব নােৱাৰিলে। সি গম পাইছিল যে তাই কথাবােৰ শুনি আছিল। সেই মানুহজনে প্রিয়মক আপত্তি দিছিল, যে ৰিয়াৰ ঘৰৰ কিবা এটা ঘটনাৰ বিষয়ে প্রিয়মে সেই মানুহজনক সহায় কৰিব লাগে। মানুহজনে আৰু কোৱা তাই স্পষ্ট শুনিছিল যে ....প্ৰিয়মৰ সেই ঘৰখনৰ লগত যে সম্পর্ক আছে তেওঁ জানে। সেই ঘৰখনে মানুহজনক কিবা এটা কথাত ঠগাইছে। গতিকে প্রিয়মে সহায় কৰি দিব লাগে। কথা শুনি তাইৰ মুৰে কাম নকৰা হৈ গ'ল.... তাই তাক সুধিলে গুৱাহাটীৰ মানুহেও জানে নে তােমাৰ আৰু ৰিয়াৰ প্রেম কাহিনী.... আজি বিয়া হােৱাৰ ইমান দিন পাছতাে মানুহে তােমাক কিয় তাইৰ কথা শুনাই থাকে.... ....নে তুমি ৰিয়াকেই বিয়া কৰালা বুলি জানে..মানুহবােৰে..???? সি নিমাত হৈ আছিল। পুনৰ তাই সুধিছিল। তাক....কিয় সি এই ধ্বংসকাৰী কথাবােৰৰ প্রতিবাদ নকৰে.... কিয় সি এনে কথা শুনাই থাকিবলৈ মানা কৰিব নােৱাৰে..... কিয়.... কিয় ...কিয়...ক'ত তাৰ দূর্বলতা। যে নিজৰ বিবাহিতা পত্নীৰ আগতেই যাৰ মন যায় আহি তাৰ অসফল কলংকিত প্ৰেমৰ অধ্যায় শুনাবলৈ সাহস কৰিব পাৰে। ঘৰে বাহিৰে সকলােতে তাই মাত্র শুনি শুনি জীৱন কটাব লগা হৈছে, কিয়...??? কাৰ ভুল তাইৰ নে? কলেজীয়া প্রেমে গােটেই অসম ৰজনজনাই গৈছিল নে...কিমানে জানে তােমাৰ পত্নীৰ নাম। গায়ত্রী বুলি.সুধিছিল তাই প্রিয়মক....তােমাৰ জীৱনৰ সকলাে ভুল ভ্রান্তি নােহােৱা কৰি, সুখে দুখে নিজৰ জীৱন উচৰ্গা কৰি দিয়া তােমাৰ পত্নীৰ নাম কিমানে জানে???? কোলাৰ কেচুৱা পেলাই থৈ দিনে ৰাতিয়ে তােমাৰ ঘৰৰ মানুহৰ ভাললগা বেয়ালগাবােৰ নতশিৰে মানি লৈ শুশ্রষা কৰা তােমাৰ পত্নীৰ অস্তিত্ব কি দিলে কেতিয়াবা সি এবাৰলৈও ভাবি চাইছেনে.... বুকুত ঢকিয়াই তাই কান্দে....কিয় বাৰে বাৰে তাৰ ওচৰত তাই অস্তিত্ব বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। এইখন ঘৰত তাই অস্তিত্বৰ সংকটত পৰিছে, য'ত কাষত তাইৰে প্রেমিক স্বামীৰ উপস্থিতিত। কিয় এনে হ'ল..... হয়তু কিছুমান মানুহ ভাগ্যত নাথাকিলেও হৃদয়ত আজীৱন থাকি যায়... হয়তু ৰিয়াও প্ৰিয়মৰ বাবে তেনে এক সম্পর্ক, যি হৃদয়ত থাকি গ'ল আজীৱন, তাইৰ বর্তমানেও আজিও একাকাৰ হৈ থাকি ৰ'ল প্রিয়মৰ হৃদয়ত। ক’তাে তাইৰ মন নবহা হল। অনুশােচনাৰ গ্লানিত তাই জ্বলি পুৰি শেষ হৈ গৈছে। তাইৰ সিদ্ধান্ত বাৰু ভুল আছিল নেকি?? বাৰে জীৱনত হাবাথুৰি খাইছে নিজৰ অস্তিত্ব বিছাৰি...। কেনে জীৱন এইটো... যত প্রতিদিনেই আন এক নাৰীৰ অস্তিত্ব ই তাইৰ সত্বা উপলুঙা কৰি গৈছে। সেইজনী তাইয়েই নে যাৰ পাছত এদিন তাইৰ গুণমুগ্ধৰ অভাৱ নাছিল..! তাইৰ সৌন্দৰ্যৰ পূজাৰীয়ে ভীৰ কৰিছিল। তাইৰ চৌদিশে..! কিমান ল'ৰাৰ হৃদয়ৰ আহ্বান নেউচি তাই প্রিয়মৰ প্ৰেমত পাগল হৈছিল। আৰু আজি প্রতি দিনে তাইৰ মৃত্যু হৈছে প্রিয়মৰ অতীতৰ প্ৰেমৰ সমুখত। .সেইদিনা তাই বৰ অকলশৰীয়া যেন লাগিল। ছােৱালীজনীৰ মুখলৈ চাই তাই একো বেলেগ সিদ্ধান্ত ল'ব নােৱাৰে। কিন্তু কিমান শুনিব এই কথাবােৰ ...? কিমান ভাঙিব তাইৰ সপােন...! বিমর্ষ ৰূপত তাইক দেখি সেই দিনা প্রিয়মৰ হয়তােবা কৰবাত আঘাত লাগিছিল। তাই সেই নিশা ভাত খােৱা নাছিল। সকলােকে খুৱাই তাই পাকঘৰ সামৰি নিজৰ ৰূমত আইনাখনৰ কাষত বহি থাকিল ।...এতিয়াও তাইৰ সৌন্দর্য অলপাে কমা নাই। মাতৃ হােৱাৰ পাছত আৰু যেন দুগুণ চৰিছে তাইৰ ৰূপ। কিন্তু ইমান উদাস তাই আগতে আছিল নে...? হাঁহি য়ে উপচি থকা মুখখনত সদাই বিষাদৰ ছাঁ.... প্রিয়ম আহি তাইৰ কাষত বহিল। এখন হাতেৰে তাৰ বুকুলৈ আনি সি কৈ গ'ল....এই প্রথম সি এই বিষয়ে মুখ খুলিলে... সি কৈছিল...“মই জানাে এইবােৰ কথাই তােমাক বহুত কষ্ট দিছে...বহুত আঘাত দিছে। এইবােৰ কথা মই অলপাে গুৰুত্ব নিদিওঁ।...আৰু তুমিও নিদিবা। সি পুনৰ কৈছিল “এবিধ মানুহ আছে, যি আনৰ সুখ দেখিব নােৱাৰে। সেইবােৰ মানুহে দিনে ৰাতি চিন্তা কৰি আছে, অর্ধ-আকাশ ঃ ৰচনাসমগ্র, প্রথম খণ্ড