ধুমুহাৰ কথা কাৰোবাৰ আগত কৈ মনতো পাতল কৰিবলৈও কোনো নাই।...নিজেই মনক সান্তনা দিয়ে। তাই ভাবিলে এদিন মনত সাহস লৈ তাই তাক সুধিব ...। কিমান দূৰ আগবাঢ়ি গৈছিল সিহঁত।...নহ'লে এইদৰে ঘৰৰ মানুহৰ মুখত তাইৰ কথা শুনি শুনি তাই পাগল হৈ যাব ....
শাহুয়েকে কোৱা কথাবোৰ তাই যিমান পাৰে পাহৰি যাবলৈ যত্ন কৰিলে।
..ছোৱালীজনীক লৈ তাই সচেতন হল, যাতে এইবোৰ কথাত লাগি অকণমানজনী আলৈ আথানি নহয়।
....এদিন তাই প্ৰিয়মক সুধিছিল ...কোৱা তুমি কবই লাগিব সেই নাৰীৰ কথা ...যাৰ বাবে বাৰে বাৰে তুমি মোৰ অস্তিত্ব মোহাৰি যোৱা ...তোমাৰ ঘৰৰ মানুহে তোমাৰ সমুখতে মোক কব পাৰে প্ৰতিদিন সেই নাৰীৰ কথা ...
অথচ মই কি কৰা নাই.....
...তোমাক সুখী কৰিবলৈ মই কি কৰা নাই.. কৈছিল সি ...
তাইৰ ঘৰত তাৰ অবাধ অহা যোৱাৰ কথা...তাই ৰ ঘৰতো সিহঁতক অবাধ স্বাধীনতা দিছিল। কোনো বাধা নাছিল। ...তাইৰ শুৱনি কোঠালৈকে তাৰ অহা যোৱাত কোনো বাধা নাছিল।
এবাৰ হেনু নিজৰ মিতিৰ এঘৰ মানুহৰ ঘৰত দুয়োটা ৰাতি একেলগে শুইছিল ..
.....বৰ চেনী ছোৱালী আছিল তাই....
...মই কিন্তু একো পাপ কৰা নাছিলোঁ..
তাই চকু কপালত উঠিল।....হে ভগৱান এনে ছোৱালীও থাকেনে???...যি নিজে আগবাঢ়ি যাব পাৰে লৰাৰ লগত শুবলৈ .....আৰু সি কৈছে ছোৱালীজনী চেনি আছিল, কেনেকৈ জানিলে সি...যদি একো পাপেই হোৱা নাছিল দুয়োটাৰ মাজত....তাই বহা ঠাইতেই জথৰ হৈ থাকিল।
..বিষাদৰ হুমুনিয়াহ এটা তাইৰ ওলাই আহিল
...গলি গলি প্ৰতি দিনে
পলে পলে জীৱন গলে.....।”
...বহু সময়লৈকে তাই বহি ৰৈছিল।..ভাঙি গৈছিল তাইৰ কলিজা টুকুৰা টুকুৰাকৈ। ...আছেনে আন কোনো নাৰী, পাৰিব নে সহ্য কৰিব নিজ পতি আন এজনী নাৰীৰ লগত এটা ৰাতি একেখন বিছনাতে শোৱাৰ কথা.....।
সচাকৈ সিহঁতৰ মাজত একো হোৱা নাছিল নে...। সি কৈছে ৰিয়া তাৰ লগত মাজৰাতি কোনেও গম নোপোৱাকৈ তাৰ লগত শুবলৈ আহোতে সি খং কৰি তাইক নিজৰ বিছনাত শুবলৈ পঠিয়াই দিছিল।...বাহ প্ৰিয়ম। নিজকে তুমি কিমান মহাপুৰুষ সজাবা ...!! কোনোবাই বাৰু অকপতে মানি লব পাৰিবনে, মাজৰাতি এহাল ভালপোৱা ল'ৰা-ছোৱালীৰ মাজত একো পাপ হোৱা নাই বুলি ....।
তাই ইমান মুখ নহয়...। যদি একো হোৱাই নাছিল এজনী ছোৱালীৰ ৰাতি বিয়া নোহোৱাকৈ প্ৰেমিকৰ ওচৰত কি বিচাৰি গৈছিল ...। আৰু সি ইমানেই সংযম হৈ থাকিব পাৰিলেনে...। যদি ইমান সি আদৰ্শ প্ৰেমিক আছিল তেতিয়া হ'লে তাই থকা মানুহ ঘৰলৈ সি কি বিচাৰি গৈছিল .... তাইৰ আগত যে প্ৰিয়মে কৈছিল বিয়া বৰ চেনি ছোৱালী আছিল... সেই ৰাতিয়েই সি গম পাইছিল নেকি?...তাই বিচৰ দৰে যৌনতৃপ্তি সি দিব নোৱাৰিলে বাবে পাছত তাক গোৰ মাৰি আনৰ লগত বিয়া হৈ গুচি গ'ল...
তাই চিঞৰি চিঞঁৰি কান্দিবলৈ মন গৈছিল.... তাক জোকাৰি জোকাৰি তাইৰ সুধিবৰ মন গৈছিল ...। সি পাৰিব নে কব....তাই বেছি প্ৰশ্ন কৰিলেই সি গৰম হৈ যায়। কিন্তু তাই কৰিব কি....। উভতি যাব কলৈ। যদি উভতি যায় ছোৱালীজনীৰ কি হব। তাই ঘৰখনো ইমান ধনী নহয় যে তাই পুনৰ ঘৰৰ বোজা হৈ জীৱন পাৰ কৰিব পাৰিব।....
এটা ই মাথো পথ, বুকুত শিল বান্ধি তাই তাৰ লগত সংসাৰ আগবঢ়াই নিব লাগিব। কিয় সি অলপো সচেতন নহ'ল। সিহঁতৰ সংসাৰখন আউল লাগিব বুলি ...তাৰ এই কথাবোৰ এখন ঘৰ ভাঙিব পৰাকৈ শক্তিশালী আছিল..তাৰ এই চিন্তা অলপো নাছিল নে...? নে সি তাইৰ পৰা অন্তৰ বিচৰা ই নাছিল... কেৱল দেহৰ তাগিদাতহে তাৰ প্ৰয়োজন নেকি তাইক।
সেয়ে সি গুৰুত্ব নিদিলে...তাইৰ মনৰ বতৰা লোৱাৰ প্ৰয়োজনবোধ নকৰিলে..সেই কথাবিলাক শুনাই থকা মানুহৰ ওচৰতো