পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪

মাত হৰিল। বিয়াৰ সময়ত দেখুন প্ৰিয়ম এই কৈছিল একো লগত আনিব নালাগে বুলি। তাৰ কথামতে একো ননা হ'লে আজি বাৰু তাইৰ কি অৱস্থা হলহেতেন! ছোৱালীজনীক বুকুতে লৈ তাই ৰুমত সোমাই থাকিল।

 ভনীয়েকৰ বিয়াৰ বাবে প্ৰিয়মেই বজাৰ কৰি আনিলে ভাগে ভাগে সকলোলৈকে। কিন্তু কাৰো মনত এবাৰো নপৰিল যে কাপোৰৰ নামত ফটাকানী এটুকুৰা তাইলৈও আনিব লাগে। তাই এইয়াই তাইৰ প্ৰাপ্য বুলি মনে মনে থাকিল। কাপোৰৰ প্ৰতি ইমান মোহ নাই তাইৰ। তাতে সিহঁত বহু ধনী মানুহ। তাই সাধাৰণমানুহৰ ঘৰৰ ছোৱালী। সিহঁতৰ ভাষাত।

 এদিন কথাৰ মাজত শাহুয়েকে তাইক ৰিয়াৰ কথা ক'লে ... পুনৰ তাই উচপ খাই উঠিল। ৰিয়া ..কোন ৰিয়া

 তাই সুধিলে ...শাহুয়েকে কলে কিয় আমাৰ বাবায়ে অনা কথা আছিল আক। বৰ ধনী মানুহৰ ঘৰৰ ছোৱালী। বহুত টকা আছিল সিহঁতৰ।...তুমিনাজানা নেকি?”...অবাক হৈ গ'ল তাই॥ আছে নে এনে মাতৃ যি নিজ পুত্ৰৰ ধোকা খোৱা প্ৰেমৰ কথা বোৱাৰীৰ আগত ক’ব পাৰে!!!

 পুত্ৰৰ সংসাৰখন আউল লাগিব বুলিও তেওঁ এবাৰ ভাবি চোৱা নাই নে?...নে আউল লগাটো বিচাৰিছে তেওঁ ...

 ...শাহুয়েকৰ মুখত ৰিয়াৰ নাম শুনি তাইৰ ধৈৰ্য্যৰ বান্ধ খুলি গৈছিল। কিন্তু মুখেৰে একো নক'লে। তাইৰ বুজিবলৈ বাকী নাথাকিল যে ধনী ঘৰৰ ছোৱালী ৰিয়াক যৌতুকৰ আশাত ঘৰৰ সকলোৱে মনে প্ৰাণে বিচাৰিছিল বোৱাৰীৰূপে। কিন্তু নিজৰ পুতেকৰ বুকুত প্ৰচণ্ড আঘাত দি আনৰ পত্নী হোৱা ছোৱালীজনী যে এতিয়াও তেওঁলোকৰ মনত ৰৈ আছে সেই কথা ভাবিহে তাই আচৰিত হ'ল। লাজ লাগিল তাইৰ মানুহ ঘৰৰ মানসিকতা দেখি।

 এই কথা তাই প্ৰিয়মক কৈছিল৷ ইমান ধনী ঘৰৰ ছোৱালী পাই কিয়নো সি বিয়া নকৰালে। অন্তত তাইকে বিয়া কৰোৱা হলে নিজে এইবোৰ কথা শুনি থাকিব লগা নহ'লহেঁতেন।

 ৰান্ধনী ঘৰত তাই ভাত বনাই থাকোতে শহুৰেকে শাহুয়েকক কোৱা তাই শুনি থাকে। ৰিয়াৰ লগত হেনু গাড়ীও দিছিল।...তেতিয়াশাহুয়েকে কৈছিল ইচৰাম! আমিয়েই পালোহেঁতেন নহয় গাড়ীখন...সেই কথা শুনি তাই গোটেই মানুহজনী জথৰ হৈ গৈছিল। ইমান নিৰ্দয় মানুহ নে এওঁলোক? এজনী মানুহৰ আগত পুতেকৰ প্ৰেমিকাৰ ঘৰৰ কথা আলোচনা কৰি থাকিব পাৰে ...। এইবোৰ কথাই যে পো-বোৱাৰীৰ সংসাৰ জ্বলাই দিব পাৰে সেই কথাটো ইমান ডাঙৰ মানুহহৈ তেওঁলোকে বুজি পোৱা নাই নে....।

 সুধি সুধি কথাবোৰ তাই প্ৰিয়মৰ পৰা জানিছিল। অৱশ্যে সিও নিজেই ক'বলৈ ভাল পাইছিল। ৰিয়াৰ দেউতাক এটা বিভাগৰ চাকৰিয়াল আছিল। বহুতো বাহিৰা টকা উপাৰ্জন কৰিছিল। এবাৰ হেনু এটা ৫০,০০০ লাখ টকাৰট্ৰাংক এটা সি নিজেই পুলিচৰ চকুত ধূলি দি ঘৰলৈ আনি দিছিল। আৰু ৰিয়াৰ লগত বিয়া হ'লে সেই টকাৰ ভাগ সিও পাব বুলি হেনু মাকে ভাবি আছিল।...কথা শনি তাই অবাক। থুৱাই দিবৰ মন গৈছিল তাইৰ ঘৰখনৰ মানুহবোৰক ...

 .....আৰু প্ৰিয়ম ...সি কেনে ল’ৰা ...? তাইৰ আগত দেখু বৰ আদৰ্শৰ কথা কয়। আৰু লোকৰ চোৰ কৰা টকাৰ ভাৰ লৈ নিজকে কিমান নাঙঠ কৰি দিলে। ছিঃ ছিঃ টকাৰ বাবে মানুহ ইমান তললৈ নামিব পাৰেনে।..কিয় নাজানিলে তাই এইবোৰ কথা বিয়াৰ আগতে...!

 তাই নিজৰ দেউতাকৰ কথা মনলৈ আহিল। তেওঁও এটা ভাল পদবীতে আছিল। কোনো দিন টকাৰ বাবে অসৎ উপায়। অবলম্বন কৰা নেদেখিলে। কিমান দুখীয়া মানুহৰ ঘৰৰলৰাক চাকৰি দিলে, বিনিময়ত একো নোলোৱাকৈ। নিজে দেখা তাই। হাত যোৰ কৰি দেউতাকৰ ওচৰত বহি থকা সেই বৃদ্ধাগৰাকী, হাতত দৈ গাখীৰ ৰঙাবৰা চাওলৰ ভাৰ লৈ চাকৰিৰ বাবে ঘৰত দিবলৈ অহা। সকলো দেউতাকে ঘূৰাই পঠিয়াইছিল......আৰু এইবোৰ মানুহৰ মানসিকতা চোৱা, লোকৰ অসৎ উপাৰ্জনৰ টকাকেইটা ৰিয়াই ঠগি থৈ যোৱাৰ পাছতো পাহৰিব পৰা নাই। তাইৰ ঘৰৰ তুলনাত এই ঘৰখন বৰ দুখীয়া যেন লাগিল তাইৰ।

 ...কথাই কথাই প্ৰিয়মৰ মাকে ৰিয়াৰ কথা তাই ক শুনাই থকাটো নিয়মৰ দৰে হৈ পৰিল। কাৰণ তাই ভাল যৌতুক লগত আনিব নোৱাৰিলে। ...এদিন কৰবাৰ পৰা পুৰণি এলবাম এটা আনি ৰিয়াৰ ফটো তাইক দেখুৱাইছিল। চাইছিল তাই। কাৰণ তাই আবেগ বিহীন এক প্ৰাণীলৈ পৰিণত হৈছিল।...এইখন ঘৰত তাইৰ হৃদয় এখন যে আছে, এইবোৰ কথাৰ বাবে তাই যে কষ্ট পাব পাৰে সেই কথা ভাবিবলৈ তাত কাৰো প্ৰয়োজন নাছিল। মাকেই কৈছিল সি হেনো তাইক আঙঠিও

দিছিল...। তাই তেতিয়া শাহুয়েক কলৈ পুতৌ ওপজিছিল...নিজৰ লৰা ক'লৈ গৈছিল, কাৰ ঘৰত নিশা আছিল,.. মনে মনে

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড