পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩

 এনেদৰে মন মাৰি থাকে বাবে এদিন ঘৰৰ সকলাে মানুহে গাড়ী এখন লৈ জয়সাগৰলৈ ফুৰাবলৈ তাই ক'লৈ গ'ল।

 ওলাই আহি তাইৰ অলপ ভাল লাগিল। জয়সাগৰ কাৰেংঘৰৰ চোতালত বহি থাকোতে একেলগে পঢ়া ৰূপাক লগ পালে। তাই কৈ গল, “অই ঘূণ তােৰ মিষ্টাৰক মই জানোঁ।” তাই আচৰিত হ'ল। সুধিলে কেনেকৈ??? ৰূপাই কৈ যাবলৈ ধৰিলে। ৰূপাৰ ঘৰৰ ওচৰৰে অৰ্চনা নামৰ এজনী ছােৱালীৰ ঘৰলৈ প্ৰিয়মৰ অহা যােৱা আছিল। চেন্নাইলৈ যাওঁতে ৰেলত লগ। পাইছিল। প্রিয়মৰ অৰ্চনাক বিয়া কৰাবৰ মন আছিল, কিন্তু তাইৰ ঘৰৰ মানুহে অর্চনাৰ বায়েকক দিব বিচাৰিছিল। সি বায়েকক পছন্দ কৰা নাছিল।

 এইবােৰ কথা তাই কেনেকৈ জানিল সােধাত ক'লে অর্চনাই কৈছে। তােৰ ওচৰলৈ যিমান বাৰ সি আহিছে অর্চনাৰ ঘৰতাে সােমাই গৈছিল। তাৰ বিয়ালৈও মাতিছিল। তাইৰ দেউতাক গৈছিল বিয়া লৈ।........

 তেতিয়া তাইৰ মনত পৰিল। বিয়াৰ দিনা সি জয়সাগৰৰ এজন মানুহৰ লগত তাইক চিনাকি কৰাই দিছিল।

 তাই কি কবনাে ৰূপাক।...পুনৰ আৰু এট আঘাত ..দুদিন পাছত তাইক নিবলৈ অহা প্রিয়মক অর্চনাৰ কথা সােধাত কৈছিল ....তাইৰ দেউতাকৰ লগত তাৰ বৰ ভাল সম্পর্ক। সেই বাবে সি যায়। তাই ক'লে ভাল কথা... কিন্তু তােমাৰ ইমান ভাল সম্পর্কৰ মানুহ ঘৰলে। মােক কিয় এবাৰাে লৈ নগ’লা...তেতিয়া ই সি ডাং খাই উঠিল।...ক'লে “..এনেই নিনিলোঁ। কিমান ফুৰা আৰু।”

 পাছলৈ তাই ৰূপাৰ পৰাই জানিছিল....কি দৰে তাইক দুমহীয়া কেচুৱাৰ সৈতে অকলে এৰি প্রিয়মে তাৰ মাক-দেউতাকৰ লগত। শিৱসাগৰত থকা মাহীৰ ছােৱালীৰ বিয়া খাবলৈ আহি পুনৰ অৰ্চনাৰ ওচৰলৈ গৈছিল।

 টুকুৰা টুকুৰ হৈছিল তাইৰ কলিজা। তাই অকলেই এই আঘাতৰ বােজা কঢ়িয়াই নিয়া নাছিল, এই আঘাত পেটত বাঢ়ি অহা মঙহৰ টুকুৰাটোয়েও পাইছিল। তাই কেতিয়াও চকুপানী ওলাবলৈ নিদিয়ে বুলি শপত ল'লে।

 বৰ কষ্ট পায় মঙহ টুকুৰাই। তাই ভৱিষ্যতৰ চিন্তাক গুৰুত্ব দিলে। তাইৰ কলিজা জ্বলা ধোঁৱাই যাতে গাৰ সেই মঙহৰ টুকুৰাটোৰ একো যাতে। অনিষ্ট নহয়। তাই সজাগ হ’ল ....

“তুমি যদি কোৱা মই মােৰ কলিজাতাে জ্বলাই দিব পাৰোঁ
পুৰা কলিজাৰ গােন্ধ যদি তুমি ভালপােৱা
”পৃথিৱীখন এক মহা প্রান্ত,
তাই আশ্রয় বিচাৰি ঘূৰি ফুৰিব লগা হৈছে।”

 প্রাণ ভৰি ভালপায় তাই প্রিয়মক। যি য়েই নহওক তাই পাহৰি যায়। পাগল তাই তাৰ কাৰণে। তাৰ হাতত ধৰি তাই মাকৰ ঘৰৰ পৰা প্ৰিয়মৰ ঘৰ পালেহি।

 ঘৰত আহি তাই পুনৰ কামত লাগিল। সকলােবােৰ কাম, বিশেষকৈ ৰন্ধা বঢ়া কামবােৰ লাহে লাহে তাইৰ ওপৰত এৰি দি শাহুয়েক, ননদ আজৰি হ'ল৷ ইফালে তাইৰ গা দিনে দিনে বেয়া হৈ আহিল। কিন্তু কোনেও তাইৰ দুখ ভাগৰ বুজিবলৈ চেষ্টা নকৰিলে। প্রিয়মও বন্ধু বান্ধৱ, নাটক আদি লৈ ব্যস্ত হৈ পৰিল। এনে সময়ত তাই প্রিয়মক বহু ওচৰত বিচাৰিছিল, কিন্তু সি সেই কথা বুজিবলৈ যত্ন নকৰিছিল।...

 সময়মতে চিজাৰীয়ান অপাৰেচন হৈ তাই ৰ এজনী মৰম লগা ছােৱালী জন্ম হ'ল। মাতৃ হােৱাৰ আনন্দত তাই কব নােৱাৰা হৈ গৈছিল। তাই যে মা হ’ব এদিনাে আগতে ভবাই নাছিল। একো নজনাকৈয়ে তাই মা হৈ গ'ল।

 কিন্তু শাহুয়েক যেন বৰ সুখী নহ'ল। এনেই ইমান সােনকালে কেঁচুৱা হৈছে, তাতে আক ছােৱালী। তাই আচৰিত হ'ল। ছােৱালী হ'লে যে বেয়া কথা তাই তেতিয়ালৈকে জ্ঞানৰ বাহিৰত আছিল। মানুহে ছােৱালী হ'লে কিয় বেয়া পায় তাই নিজৰ মাকক বাৰে বাৰে সুধিছিল। সেই ৰাতি প্রিয়মক তাই ওচৰত বিচাৰিছিল। তাৰ মুখখন দেখি থাকিলে তাইৰ বিষটো বহুত কমি যায়। কিন্তু প্ৰিয়মৰ মাকে তাইৰ মাক আৰু প্ৰিয়মৰ ভায়েকক হস্পিটেলত থৈ তাক ঘৰত শুবলৈ লৈ গ'ল.......

 লাহে লাহে ছােৱালীজনীৰ লগত তাই ব্যস্ত হৈপৰিল। তাৰ মাজতে তাৰ ভনীয়েকৰ বিয়া হৈ গৈছিল। ননদৰ বিয়াৰ বজাৰ কৰাৰ সময়ত শাহুয়েক দেওৰেকহঁতে তাইক দেখাই দেখাই ভাল ভাল দামী দামী কাপােৰ কানি কিনিছে আৰু তাই যে

লগত ভাল বস্তু নানিলে সেই কথা শুনাবলৈ নাপাহৰিলে। তাই লগত অনা সকলােবােৰ আউটদেটেদ। কথা শুনি তাই মুখৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড