পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪২

 কিমান ধুনীয়া আছিল ৰিয়া......। তাই কি দেখিবলৈ একেবাৰে বেয়া!!...উস!!! পেটৰ খলমা বন্ধা তেজৰ ভেঁকুৰাটা যেন উজাই আহিছে ওপৰলৈ। সমবয়সীয়া এজনী ছোৱালীয়ে জানি শুনি এনে কথা কৈছে নে।...

 অলপো তাই বুজিব পৰা নাই নে নিজ পতিৰ পূৰ্বৰ ঘনিষ্ঠ প্ৰেম কাহিনী হজম কৰিব পৰাটো কিমান কঠিন।

 বুকু ভাগি গল তাইৰ। ধাৰাসাৰ চকুপানী বাগৰি গাৰু তিতি গৈছে।

 কাৰোবাৰ লগত বিয়াৰ আগতে কিবা এটা সম্পৰ্ক থকা টো তাই ইমান গভীৰ ভাবে নলয়। তাইৰো আছিল এটা ল'ৰাৰ লগত প্ৰেম। কিন্তু লগৰ দুই এজনীৰ বাদে আনে গম পোৱাৰ আগতেই শেষ হৈছিল। প্ৰিয়মৰ এনে সম্পৰ্ক আছিল নে ৰিয়াৰ লগত। কিমান গভীৰ আছিল এই সম্পৰ্ক!!...কিমান দূৰ আগবাঢ়িছিল সিহঁত????

 উচুপি উচুপি কান্দিছে তাই, জীয়াই নজনাকৈ। যিমানেই উচুপিছে সিমানেই পেটৰ তেজৰ চেকুৰাটোয়ে তাইৰ তলপেটত খামুচি ধৰিছে .....তাই পৰা নাই নিজক বুজাব

 তাৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত তাইৰ ভুল আছিল নেকি। আৰু ৰিয়া ধুনীয়া, কিমান... তাই কি কম নেকি ....তাইৰ ৰিয়াতকৈ কিহত কম??? তাই দেখা নাই ৰিয়াক

 কলেজত যে তাইৰ সৌন্দৰ্যৰ কথা কোৱা লগৰবোৰ, কলেজৰ কিতাপৰ দোকানৰ পুতুল দা, দ’লমুখৰ পাণ ভাণ্ডাৰৰ কৃষ্ণ দা,সিহঁতে তাইক লৈ কোৱা কথাবোৰ কি মিছা আছিল , সেই ৰাতি তাই শুব নোৱাৰিলে...

 “কলিজাৰ তেজ দুচকুৰে মোৰ বাগৰিছে ধাৰাসৰ

 মাজ সাগৰত সুৰ হেৰুৱাই উচুপিছে বাৰে বাৰে”

  বুকুত এটুকুৰা শিল বান্ধি তাই প্ৰিয়মৰ লগত ঘৰলৈ উভতিছিল। গোটেই বাটটো তাইৰ মনত একেটা কথাই জোকাৰি থাকিল। মাহীয়েকৰ ছোৱালী জীনাই কোৱা কথাবোৰ। ...“জানা বৌ ৰিয়া দেখিবলৈ ব হু ত ধুনীয়া ...”

 স্বাভাৱিকতে তাই ৰিয়াৰ প্ৰতি ইৰ্ষা হ'ল॥ কিমান ধুনীয়া!!

 কিমান ...!!

 শিৱসাগৰ ছোৱালী কলেজৰ দিনবোৰ মনত পৰিল। ককাললৈকে পৰা চুলিখিনি সদায় দুদালকৈ বেণী গুথিছিল তাই। ওখ, খীণ একেবাৰে লাহিকৈ গায়ত্ৰী কলেজলৈ অহা যোৱা কৰে। নিজৰ সৌন্দৰ্যৰ বিষয়ে ইমান সচেতনও নহয়। তাইৰ লগৰ জুনু, মামুয়ে কয়..“তোক চালে চাই থাকিবৰ মন যায়।তাই সিহঁতক ঢক দুটামান দিয়ে। কিনো কথাবোৰ কৈ থাক বুলি।এদিন আৰাধনা ইকলে ..“অই গায়ত্ৰী টিভিত চিংপাউদাৰ নিৰমাৰ এডভেট্ৰাইজ টো যে দিয়ে সংগীতা বিজলানিক দেখিছ, তই একেবাৰে তাইৰ দৰে।” ঘৰত আহি টি.ভি. ৰ মুখত বহি আছিল নিৰ্মাৰ এডভেট্ৰাইজ চাবলৈ।

 কলেজৰ ওচৰতে কিতাপৰ দোকান দিয়া পুতুল দায়ে কৈছিল “গায়ত্ৰী ছন্দ্ৰকান্তা ধাৰাবাহিকখন চাই ছানে ৰবিবাৰে যে টিভিত দিয়ে, চাবা চোন। ছন্দ্ৰকান্তা ৰূপী শিখাস্বৰূপ তোমাৰ দৰে একেই দেখিবলৈ।” ধেৎ ..কিনো কথাবোৰ কয়, তাইৰ লাজ লাগে। পাছত সেই ধাৰাবাহিকখন চোৱাটো তাই নিয়মীয়া হৈছিল।

 সেইজনী ছোৱালী আজি অন্য এজনী ছোৱালীৰ ওচৰত বিশেষকৈ স্বামীৰ প্ৰাক্তন-প্ৰেমিকাৰ ৰূপৰ ওচৰত হাৰি গ'ল। বুকুখন ৰিক্ততাই আগুৰি পেলালে তাই। বাটত আঁহোতে এবাৰো যদি সি কলেহেঁতেন..“এইবোৰ মানুহে তোমাৰ মন বেয়া কৰিবলৈ কৈছে,......মিছা কথা এইবোৰৰ ...।” তেতিয়াও তাই বহু শান্তি পালেহেঁতেন। কিন্তু সি একো নক'লে। যেন সি ভালেই পাইছে ,তাৰ প্ৰেমৰ কাহিনী তাইক শুনোৱাৰ বাবে, যেন শুনাটো তাইৰ জৰুৰী আছিল। তাইও একো নক'লে। যদিও তাইৰ তিনি বছৰ তাৰ লগত প্ৰেম হৈ বিয়া হৈছে। ভয় কৰে তালৈ তাই। বিয়াৰ পাছৰে পৰা তাই দেখিছে অলপ কথাতে সি ডাং খাই উঠে। সেয়ে তাই একো নকয় বুলি সিদ্ধান্ত ল'লে। তেতিয়ালৈকে তাৰ ব্যৱসায় ভালদৰে আগবঢ়াব পৰা নাই বাবেই সি অলপ হতাশ বুলি ভাবি তাইও অশান্তি নকৰোঁ বুলি মনে মনে ৰ'ল।

 ঘৰ আহি পোৱাৰ পাছত তাই কেইদিনমানৰ বাবে মাকৰ ঘৰলৈ থকাকৈ গুচি গ'ল। মাকৰ ঘৰত থকা দিনকেইটা তাই শুইয়েই থাকিল। ইমান হাঁহি থকা ছোৱালীজনীৰ মুখত বিষাদৰ ছা দেখি ঘৰৰ মানুহ আচৰিত হ'ল। তাইৰ মা হবলৈ আগবাঢ়ি যোৱাৰ কথা জানি সেই কাৰণেই তেনেকৈ আছে বুলি ভাবি ল'লে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড