পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ

অস্তিত্ব জীৱনৰ

ৰীতা বৰা


“মন কঁপে দুৰু দুৰু বেলি সৌ
ডুবু ডুবু আকাশত...চাই ৰলা নিলগলে
আহিবা কেতিয়া তুমি আবেগত
কপে মন দুৰু দুৰ.....”


 বাহিৰত কাম কৰি থকা লৰাটোৰ মবাইলত বাজি থকা তাইৰ প্ৰিয় গায়ক পুলক বেনাৰ্জীৰ এই গানটোত তাই মানে গায়ত্ৰী বাস্তবলৈ ঘূৰি আহিল। কিমান সময় যে তাই ডুবিবলৈ ধৰা বেলিটো চাই আপিন পাহৰা হৈ আছিল ঘৰখন নিজান হৈ আছে। ল'ৰা-ছোৱালী পঢ়িবলৈ বাহিৰলৈ ওলাই যোৱাৰ পাছৰে পৰা কাম বহু কমিল। সদায় আবেলী পশ্চিম আকাশৰ হেঙুলীবৰণহোৱা মনামখিনি উপভোগ কৰিবলৈ বেলকনীৰ এই ঠাইকণ নিগাজি হৈ পৰিছে। আজি এই পৰিবেশৰ লগত মিলি যোৱা গানটোত তাই উচাপ্ খাই উঠিল..। কিমানবাৰ এই গানটো শুনি শুনি বিভোৰ হৈ আছিল সেই সময়খিনিত। কিমান বছৰৰ পাছত বাৰু আজি তাই শুনিলে সেই গান...একেই পৰিবেশ...একেই আকাশৰ ৰং...আছেনে বাৰু সেই আবেগ। হিচাপ কৰি চালে হয় পুৰা ২৩ বছৰৰ পাছত আজি গানটো শুনিছে....পৰিবেশ মিলি গৈছে বেলিৰ ৰং একেই আছে...আকাশৰ ৰঙো একেই আছে...মাথো সলনি হল সময়ৰ..আবেগৰ...জীৱনৰ...

 মনত ভাহি আহিল সেই সময়বোৰ...এটা নাম প্ৰিয়ানুজ....প্ৰিয়ম...তাইৰ পৰিপক্ক সময়ৰ সফল প্ৰেমিক আৰু আজিৰ স্বামী প্ৰিয়ানুজ কাশ্যপৰ মুখ... হৃদয়ৰ সমস্ত আকুলতাৰে সুদুৰ শিৱসাগৰৰ এক অখ্যাত গাঁৱত তাই বাট চাই থাকে প্ৰিয়মলৈ....প্ৰিয়মৰ চিঠি লৈ...কাষৰ টেবুল থকা টেপৰেকৰ্ডাৰত বাজি থাকে সেই গান।

 কেনেকৈ লগ পাইছিল তাই প্ৰিয়মক?

 বি.এ. পৰীক্ষাৰ পাছত তেজপুৰত থকা ককায়েকৰ ঘৰত থাকিবলৈ আহিছিল তাই। সেই ককায়েকৰ ঘৰত থাকোতেই ওচৰৰ এঘৰ মানুহৰ ঘৰত বিয়া এখন খাবলৈ ককায়েক-বৌয়েকৰ লগত যাব লগা হৈছিল। নিজৰ ইচ্ছাৰ অবিহনেই বিয়ালৈ গৈছিল। কোনো চিনাকি মানুহ নথকা বিয়াখনত বৌয়েকৰ লগত বহি আছিল এঠাইত। সেই দিন জনাই নাছিল যে অজ্ঞাতে এযোৰ চকুৱে লক্ষ্য কৰি আছিল। আনকি বৌয়েকেও জনা নাছিল।

 সেই সময়ত পাতল, লাহি উজ্জ্বল বগা ৰঙেৰে ককাললৈকে বৈ পৰা একোছা ঘন কোলা চুলিৰে

 সেইজনী গায়ত্ৰী। সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আছিল সেই বিয়াঘৰখনত।

 হয়তো ফাগুন, এসোপা ৰঙ লৈ সেই দিনা চৌদিশে সিচিবলৈ সাজু হৈছিল, অজ্ঞাতে।

 নিৰ্দিষ্টসময়ত সিহঁত বিয়া ঘৰৰ পৰা উভতি আহিছিল। এৰি থৈ আহিছিল অজানিতে এক সম্ভাবনাৰ জোৱাৰ।

 বিয়ালৈ যোৱাৰ কথা পাহৰিয়ে পেলাইছিল। তাৰ দুদিনমান পাছত ককায়েক বজাৰলৈ যাওঁতে যিঘৰ মানুহৰ ঘৰত বিয়া খাবলৈ গৈছিল, সেই মানুহ ঘৰৰ এজন সদস্য লগ পালে। তাতে ককায়েকক লগ কৰি তেওঁ ক'লে, “কথা এটা আছিল।”

 কি কথা বুলি ককায়েকে সোধাত, মানুহজনে সকলো কৈছিল। কেনেকৈ সেইদিনা এজন লৰাই তাই মানে ঘূণক চাই আছিল, আৰু সেই লৰাজনে বিয়া কৰাব বিচাৰে। তেওঁলোকৰ কিবা আপত্তি আছে নেকি। ল’ৰাৰ সকলো ভাল গুণ, গৰিমা মানুহজনে ককায়েকৰ আগত বিশ্লেষণ কৰি গ'ল।

 একেষাৰেই ককায়েক মান্তি হৈ গৈছিল। আৰু ল'ৰাজনক ককায়েকে ঘৰলৈ নিমন্ত্ৰণ দিছিল।

 ঘৰত আহি ককায়েকে বৌয়েকৰ আগত সকলো কৈছিল। বৌয়েকে তাইক সুধিছিল সেইদিনা বিয়াঘৰত কোনো ল'ৰা তাইৰ চকুত পৰিছিল নেকি?..তাই ৰ মনত নাই ...কোন লৰা হব পাৰে বাৰু!! যি মনে মনে পচন্দ কৰিছিল তাইক!!

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড