পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩২

 “ধনসিং, মনে মনে থাকা মিৰদান বাইদেউ গৰজি উঠিল। ইমান কঠোৰ মাত সিহঁতে কেতিয়াও শুনা নাছিল। সিহঁত চুপ হৈ গ'ল। বাটৰ পৰা ওৰ লবলৈ অহা মানুহ কেইজনেও তলমূকৈ ওলাই গ'ল।

 মিৰদান বাইদেৱে বহি থকাৰ পৰাই সুধিলে,তােমালােক বৰ ভাল মানুহ হবা নহয়নে?সিহঁতে মূৰ দুপিয়ালে আৰু বাইদেউক সাবটি আকৌ চিঞৰি চিঞৰি কান্দিব ধৰিলে ।মিদানে আটাইকে গালে মুখে হাত ফুৰাই দিলে।

 চাৰলংকিয়ে পিছে এইবাৰ কান্দিব নােৱাৰিলে।

 গধূৰ শিল এটাই যেন তাৰ বুকুখন হেঁচা মাৰি ধৰিলে।

 উশাহ লবলৈকো তাৰ বৰ কষ্ট হ'ল।

 একো আওভাও নােপােৱা, মুখৰ মাত নােলােৱা দুটামানৰ বাদে গােটেই জাক ল'ৰা-ছােৱালী মিৰদানৰ পাছে পাছে। খােজ দিব ধৰিলে। তাই বহুবাৰ সিহঁতক ঘৰলৈ যাবলৈ কোৱাৰ পাছতাে সিহঁতৰ সমদলটো গৈয়ে থাকিল।

 এসময়ত মিৰদান যেতিয়া নিজৰ ঘৰৰ বাৰান্দাত উঠিলগৈ তেতিয়া আঘােণমহীয়া আবেলিৰ ৰ'দে সন্মুখৰ পাহাৰটো সােণবৰণীয়া কৰি তুলিছে।ৰাস্তাৰ সিটো পাৰৰ ৰহদৈ জোপাত ভাটৌ কেইটামানে এনেয়ে হুলস্থুল কৰি আছে।ল'ৰা-ছােৱালীজাক গেটৰ বাহিৰতে ৰৈ দিলে। মিৰদানে মাকক মাতিলে। মাক ইচইচাই উঠিল। তেওঁৰ চকুৰে ধাৰাসাৰ পানী ব'ব ধৰিলে। এই শিশুবােৰ সঁচাই ঈশ্বৰৰ সন্তান।

 ইহঁতেতাে নাজানে মিৰদান বাইদেউ কিয় যাবলৈ ওলাইছে। ইহঁতেতাে নেজানে প্রাণে মৰাৰ ভাবুকি আৰু ধন দাবী কৰি লিখা বেনামী চিঠিবােৰে মিৰদানক ভিতৰি ভিতৰি কেনেকৈ চেপি খুন্দি আনিছে। যিবােৰ মানুহক বুকুৰ আপােন বুলি ভাবি সিহঁতৰ ভালৰ বাবে নিজকে বিলাই দিব খুজিছিল, সেইবােৰ মানুহেই মিৰদানক ‘ডাইনী বুলি অভিহিত কৰিবলৈ অকণাে কুণ্ঠিত নহ'ল। এই গাওঁ, এই সােণবৰণীয়া ৰ'দ, এই সেউজীয়া পাহাৰ মিৰদানৰ বাবে নহয়। মিৰদানৰ মাকে তেওঁৰ আলফুল কপৌপাহিক এইবােৰ মানুহৰ হাতত এৰি দিব নােৱাৰে। সেয়ে গােটেই ঘৰখনেই নিৰাপদ বুলি ভবা ঠাইলৈ যাবগৈ। কাহানিও উভতিব নলগাকৈ। তেওঁ মনােহৰ কল আৰু টিনৰ বিস্কুট খুৱাই ল'ৰা-ছােৱালীবােৰক উভটাই পঠালে। সিহঁতে যাওঁতে চিঞৰি গল,“বাইদেউ নেযাবি,বাইদেউ নোবি। আমি তােকে খুব মৰম কৰিব। আমাৰ ফালে মৰম কৰিবি না!”

 মিৰদানে পাহাৰৰ চূড়াটোলৈ চাই থাকিল।

 তাই ডাইনী?

 এই সেউজ পাহাৰৰ, সহজ সৰল যেন লগা মানুহবােৰৰ চকুত তাই ডাইনী?

 অভাবনীয়ভাবে ৰাতিলৈ চাৰলংকি আৰু হুণমিলি আহি ওলাল। লগত হেমাৰীও। সিহঁতে মিৰদান বাইদেউ, বাইদেউৰ মাক দেউতাক আৰু ভনীয়েকৰ লগত বহুত কথা পাতিলে।

 মাজনিশালৈ হুণমিলিৰ মুখখন কঠোৰ অথচ শেঁতা পৰি গ'ল। মিৰদানহত কোনাে কাৰণতেই ইয়াত নেথাকে। থাকিব নােৱাৰেও। সিহঁত যাবই লাগিব। কিন্তু তাইৰ এই বাইদেউ পাগল ল'ৰাটো! ডাঙৰ হ'লেই মিৰদানক বিয়া পাতিম বােলা হেমাৰী??

 হুণমিলি ভগা ছিগা মাতেৰে মিৰদানৰ দেউতাকৰ ভৰিত দীঘল দি পৰিল, ককাইদেউ ইহঁত দুটাকো তহঁতৰ লগত লৈ যা।বাইদেউ নহ'লে এই দুটা মৰিব ।আমি খবৰ লৈ থাকিম। ইহঁত দুটাৰ মানুহ হবলৈ বৰ মন বাইদেউ,তই নিবিনে ইহঁতক?

 মিৰদানে হেমাৰী আৰু চাৰলংকিলৈ চাব নােৱাৰিলে।

 মিৰদানৰ দেউতাকে জুহালত খৰি এডাল জাপি দি ক'লে, পৰহিলৈ পুৱাই আমি যামগৈ। কোনেও নজনাকৈ।

 জুইৰ ৰঙা পােহৰত নে আশাত বন্দী হৈ...চাৰলংকি আৰু হেমাৰীৰ মুখ ৰঙা পৰি উঠিছিল।

০০ ০০ ০০

 খােৱামেজতে চিঠিখন পাই ডাক্তৰ অন্যমনস্ক হৈ পৰিল। এটাৰ পাছত এটাকৈ চিগাৰেট জলাই তেওঁ মনৰ অস্থিৰতাখিনি ধোঁৱাৰ কুণ্ডলীৰ সৈতে উৰাই পঠিয়াব খুজিলে। চিঠিখনে তেওঁৰ বুকুৰ একোণত এতিয়াও কেঁচা হৈ থকা ঘাঁডােখৰলৈ যেন নগা যাঠি এপাত মাৰি পঠিয়াইছে আৰু তাৰেই আঘাতত ৰক্তাক্ত হৈ তেওঁ যেন এই ঢলি পৰিব। ৰাতিৰ ভাতসাজ বাঢ়ি দিবলৈ

আহি তেওঁৰ পত্নীয়ে ডাক্তৰৰ বিমর্ষ, অন্যমনস্ক মুখ দেখিলেহি। কোনাে প্রশ্ন নকৰাকৈ তেওঁ ডাক্তৰৰ থুতৰিত ধৰি মুখখন তুলি

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড