পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০

 বজাৰ বাৰৰ দিনা হুনমিলিৰ মটৰ মাহৰ বিক্ৰীও ভাল হয়।

 ৰূপতালিনে সেয়ে এদিন কৈছিল, তই চাগে মাংচ বেচিব পাৰিলে বজাৰবাৰৰ দিনা এমােনা টকা একেলগে পাবি। দোকানীমখাৰ লাওপানীলৈ যিহে লােভ!

০০ ০০ ০০

 বহুপৰ গুণাগঁঠা কৰিবলৈ সময় নাছিল। মালিনীৰ তেনেকুৱা হেনাে প্রায়েই হয়। তাইৰ সমনীয়াবােৰে মিৰদানক ক'লে, “মালিনীৰ মূৰ্গী বেমাৰ আছে।” হেডছাৰে ঠেলা এখন অনােৱাই মালিনীক শুৱাই ঘৰত থােৱাৰ ব্যৱস্থা কৰিলে। মিৰদান আৰু আন ল'ৰা ছােৱালী দুটামানাে লগতে ওলাল। ঠেক বােকাময় বাট এটাৰে সিহঁতে খােজ দিলে। মালিনীৰ দুই কোৱাৰিয়েদি ওলাই অহা ফেনবােৰ তেতিয়া শুকাবলৈ ধৰিছিল। তাই স্থিৰ দৃষ্টিৰে আকাশলৈ চাই আহিছিল। ঠেলাৱালা লৰাটোৱে অকণমান ভয় খাইছিল। সি ক'লে, ইহঁতৰ বাপেকে মৰি পৰি থকা ছাগলী এটা কাটি বাছি ঘৰৰ চবকে খুৱাইছিল। সেই কাৰণে কিবা দায় দোষ লাগিল হ’বলা। ঘৰৰ চবৰে জাত জাত বেমাৰ লাগিল। ভনীয়েকজনী খােজ কাঢ়িব নােৱাৰা হৈ গ'ল।

 অপৰিছন্ন পদূলি এটাৰ সন্মুখত ঠেলাখন ৰ'লগৈ। ঠেলা চলােৱা ল'ৰাটো চোতালৰ ভিতৰলৈ সােমাই যাবলৈ মান্তি নহ'ল। অগত্যা মিৰদানহঁতেই মালিনীক কোনােমতে নমাই ভিতৰলৈ লৈ গ'ল। ভেকেটা ভেকেট গােন্ধ এটা যেন বতাহত উপঙি ফুৰিছিল। ঘৰৰ চৌহদটো অতি লেতেৰা। ডেৰবছৰীয় ল'ৰা এটাই নাঙঠ হৈ চোতালৰ ধূলিত উমলি আছিল। গাভৰু মানুহ এজনীয়ে বাৰাণ্ডাত বহি কেঁচুৱাক পিয়াহ খুৱাই আছিল। মিৰদানে লগত যােৱা ছােৱালী এজনীক পঠিয়াই মালিনীৰ মাকক বাৰাণ্ডালৈ মতাই আনি সকলাে বিৱৰি ক'লে। মালিনীৰ মাকৰ জীর্ণ শীর্ণ দেহটো যেন হঠাৎ আন্ধাৰ হৈ পৰিল। মাকে কোনােমতে জীয়েকক নি বিছনাত শুৱাই লগে লগে বাহিৰলৈ ওলাই আহিল আৰু দুঃখমনেৰে ক'লে, কি কৰিম বাইদেউ টকা পইচা নাই!

 মিৰদানৰ বৰ বেয়া লাগিল। তাই লৰালৰিকৈ কৈ উঠিল, দুখ নকৰিব। তাইৰ আগতে অনা দৰব আছে যদি খুৱাই দিয়ক। ভাল হ’ব। চিন্তা নাই।

 মালিনীৰ মাকে দুখ আৰু তাচ্ছিল্যৰে ক'লে, “দৰৱ নাই বাইদেউ। এইবাৰ টকা পালে মন্দিৰত দেখাম। তাইৰ কিবা দায় দোষ লাগি আছে। বাপেকে মৰা ছাগলী খুৱাইছিল আনি। তেতিয়াই কিবা ঘাটি লাগিল।”

 মিৰদান হতভম্ব হৈ গ'ল। তাইৰ পুতৌ জন্মিল। অলপ বিৰক্তও হ’ল। তথাপিও তাই বুজনিৰ সুৰত ক'লে,“আপােনালােকে মনৰ সন্তুষ্টিৰ বাবে মন্দিতাে দেখুৱাব বাৰু। কিন্তু তাইক এবাৰ ডাক্তৰৰ ওচৰলৈ লৈ যাব চোন। তেতিয়াহে তাইৰ ভাল হ'ব।”

 মালিনীৰ মাকৰ মুখত বিদ্রুপ আৰু অবিশ্বাসৰ ৰেখা ফুটি উঠিল। মিৰদানে বুজিলে,তাই এইমুহূর্তত আৰু একো কৰিব নােৱাৰে । লগত অহা ল'ৰা ছােৱালী কেইটাক লৈ তাই স্কুললৈ উভতি গ'ল। ওৰে দিন তাইৰ মনটো বেজাৰমুৱা হৈ থাকিল।

 দিনটোৰ ভাগৰে ডাক্তৰক অৱশ কৰি পেলাইছিল। কোনােমতে ভাতকেইটা সিজাই খাই তেওঁ বিছনাত । দিছিল। আন দিনাৰ দৰেই তেওঁৰ মনটো অস্থিৰ অশান্ত কিবা অনুভূতিৰে ভাৰাক্ৰান্ত হােৱাৰ উপক্ৰম কৰোঁতেই তেওঁৰ কোঠালিৰ দুৱাৰত টোকৰ পৰিল। সঘনাই মৰা টোকৰ আৰু কাৰােবাৰ উত্তেজিত মাত শুনি তেওঁ লৰালৰিকৈ দুৱাৰ খুলিলে। জীর্ণ শীর্ণ চেহেৰাৰ এজন মানুহ বাহিৰত ৰৈ আছিল। কান্ধত শতছিন্ন কম্বলেৰে মেৰিয়াই অনা এটা মৃতপ্রায় সৰু ল'ৰা। আগন্তুকৰ কথা শুনালৈ বাট নেচাই ডাক্তৰে কোবাকুবিকৈ দুয়ােকে হস্পিটেল পােৱালেগৈ। ল'ৰাটো তেনেই দুর্বল। বেমাৰৰ লক্ষণবােৰ চাই মেলেৰিয়া বুলি ডাক্তৰ নিঃসন্দেহ হ’ল। জেনেৰেল ৱাৰ্ডৰ বিছনাত দেউতাকৰ কাষতে ল'ৰাটো এৰি তেওঁ বাহিৰলৈ ওলাই আহিল। চেলাইন দি শুৱাই থােৱা ল'ৰাটোৱে যেন তেওঁৰ বন্ধ স্মৃতিৰ কোঠাটোৰ দুৱাৰ খিৰিকীবােৰ এখন এখনকৈ খুলি দিব ধৰিলে।

 সেই বছৰ গৰমৰ বন্ধ খােলাৰ পাছতাে আগৰ দৰে ল'ৰা ছােৱালীবােৰ নহা দেখি হেড ছাৰ চিন্তিত হৈ পৰিছিল। বেমাৰ আজাৰ নে আন কিহবাই ল'ৰা-ছােৱালীবােৰৰ স্কুল অহা বন্ধ কৰিছিল তেওঁ ভাবি নেপালে। এসপ্তাহ পাছত চকীদাৰে খবৰ আনিলে যে তেওঁৰ সন্দেহ সঁচা! গাঁৱে গাঁৱে মেলেৰিয়াৰ প্রাদুর্ভাৱ দেখা গৈছে। মানুহবােৰে ডাক্তৰৰ সলনি বেজৰ কাষ চাপিছে। আৰু ফলত জীৱনটোকে হেৰুৱাই পেলাইছে। মেলেৰিয়া হােৱা মাত্রেই কঁপি কপি জ্বৰ উঠা দেখি মানুহবােৰে গাত অপদেৱতা

লম্ভা বুলি ভাবি পূজা পাতল কৰিবলৈ আৰম্ভ কৰি দিছে। কিন্তু বেমাৰ ভাল হওক চাৰি ইখন গাঁৱৰ পৰা সিখন গাঁৱলৈ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড