সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪

ঠিকেই বুজিলে যে তেৰাংদেৱ এজন ডাঙৰ মানুহ।“তোমালোকেও অসমীয়া ভাষাটো ভালকৈ শিকিব লাগিব দেই। কেংচাম কেংলাং, লুম্মেৰ দাই, য়েছে দৰ্জে ঠংচি, লংকাম টেৰণ আদি সাহিত্যিক সকলে নিজৰ মাতৃভাষা অসমীয়া নোহোৱা সত্বেও অসমীয়া ভাষাৰ ভঁৰাললৈ বৰঙনি আগবঢ়াইছে। অসমীয়া ভাষাৰ দৰে সুৱদি ভাষা বৰ কম। তোমালোকে ডাঙৰ হ'লে কথাবোৰ আৰু ভালকৈ বুজিব পাৰিবা। এতিয়া পিছে আমি ভাত খাবলৈ হ'ল। আমি খোৱা টেবুলত বহোঁগৈ আঁহা। বাইদেউৰ পিছে। পিছে সিহঁতে পাকঘৰৰ সংলগ্ন কোঠাটোত বহিলগৈ। টেবুললৈ আহিল ধোঁৱাই থকা সুৱাগমণি চাউলৰ ভাত,খৰিছাৰে সিজোৱা কুকুৰাৰ মঙহ,বিলম্বি টেঙাৰ অম্বল, বনৰীয়া শাকৰ খাৰ আৰু খৰিকাত দিয়া একোজনী বুজন কাৱৈ মাছ। চাৰলংকি আৰু বাছাপীৰ গালে মুখে হাতফুৰাই মিৰদান বাইদেউৰ মাকে ক'লে,খোৱা দেই! মই ইয়াতে বহি আছে। কি লাগে ক'বা। লাজ নকৰিবা। মানুহগৰাকীৰ সাদৰী মুখখন চাই চাৰলংকিয়ে ভাবিলে, মিৰদান বাইদেউৰ মাক গৰাকী পৃথিৱীৰ সকলো ধুনীয়া মানুহ বোৰৰ মাজৰে এগৰাকী।

 খাই উঠাৰ পাছত বাইদেৱে ক'লে,তোমালোকৰ মন গ'লেই মোৰ ওচৰলৈ গুচি আহিবা দেই। কিন্তু অকলে নাহিবা। ঘৰৰ কোনোবা ডাঙৰ মানুহ লৈ আহিব। বাছাপীয়ে বহু দেৰিৰ পৰা ভাবি থকা কথা এটা কওঁ নকওঁকৈ বাইদেউক কলে, “আমি আপোনাৰ ওচৰত গান শিকিবলৈ আহিম দেই বাইদেউ”। বাইদেৱে হাঁহি দিলে।

 সিহঁত যাবলৈ ওলাল। বাইদেৱে দুয়োটাকে পুৰণি মৌচাক, মুকুতা আৰু সঁফুৰা দুখনমান পঢ়িবলৈ দিলে। কাঁচৰ বটলত দুয়োটালৈ বুলি ভৰাই দিলে কঁঠালৰ আছাৰ। সিহঁতে সোমাই আহোঁতেই দেখা মানুহটোৱে দুয়োটাকে অলপ দূৰ আগবঢ়াই দিলে। বাছাপী মনে মনে আছিল। তাই কি ভাবিছিল চাৰলংকিয়ে নেজানিলে। কিন্তু সি ভাবিলে, সি ভালকৈ পঢ়িব আৰু এদিন তাৰ নামটোও ছপা আখৰত ওলাব। কিতাপৰ বেটুপাতত ডাঙৰ আখৰেৰে লিখা থাকিব ‘চাৰলংকি ৰংহাং'।

 কল্পনাটোৱে তাৰ শিশু মনটো যেন উৰুৱাই নিব খুজিলে। তাৰ খোজৰ গতি খৰ হ'ল। বাইদেউৰ পৰা অনা আলোচনী কেইখন সি বানান কৰি হ'লেও পঢ়িব। নোৱাৰিলে ছবিবোৰকে চাব।মাকজনী চাগৈ পিৰালিত বহি থাকিলেও চকুহাল পদূলিতে থৈ দিছে। বাছাপীক পিছ পেলাই সি দৌৰিবলৈ ধৰিলে। পাই, পাই! তোক ক’বলৈ যে মোৰ কিমান কথা আছে।

 চাৰলংকিয়ে যিমানেই বেগাই যাব ধৰিলে, বাছাপীয়ে সিমানেই জোৰেৰে চিঞৰিব ধৰিলে। সহজে খংনুঠা চাৰলংকিৰো তাইৰ চিঞৰ শুনি খং উঠি গ'ল। বৰষুণ দিয়েহে লাগে। আকাশ ওন্দোলাই আহিছে। তাতে আকৌ তাৰ মাকজনীলৈ আজি যেন ঘনাইমনত পৰিব ধৰিছে। অগত্যা বাছাপীৰ লগত খোজ মিলাই যাওঁতে সি অকণমান লেহেমীয়া হ'ব লগা হ'ল। পথাৰৰ কাষৰ বাটটো এৰি সিহঁতে গাঁৱলৈ সোমাই যোৱা বাটটোত উঠিল। দূৰৰ পাহাৰৰ বুকুৰ পৰা নামি অহা জুৰি এটাই বাটৰ কাষেৰে ভৈয়ামলৈ বৈ গৈছে। জুৰিটোত নামি হেমাৰীৰ মাকে বজাৰত বিকিবলৈ নিব লগা পাচলিবোৰ ধুই আছিল। মানুহ জনীৰ জৰাজীৰ্ণ কাপোৰ সাজ আৰু বিমৰ্ষ মুখখনে যেন হেমাৰীয়ে স্কুলত কেনেকৈ সকলোতকৈ সৰহ খিছিৰী খাব পাৰে, তাৰ সাঁথৰটো ভাঙি দিছিল। চাৰলংকিয়ে মানুহজনীক মাত লগালে, “পেহীদেউ, আজি বজাৰলৈ যাব হ’বলা?”

 ‘এৰা অ' বোপাই,যাবতো লাগিছিল। পিছে বতৰটোহে বাৰু নেদেখিছো”

 মানুহজনীক পিছ পেলাই সিহঁত আগবাঢ়ি গৈ থাকিল।

 বাটতে সিহঁতে হেমাৰীকো লগ পালে। সি বৰ আম জোপাৰ তলতে চাম কঁঠাল এটা বখলিয়াই খাই আছিল। চাৰলংকিয়ে বুজিলে হেমাৰীয়ে আজি ৰাতিপুৱাও ঘৰত একো খাবলৈ পোৱা নাই। সি পৈণত মানুহ এটাৰ দৰেই হেমাৰীৰ আত্মসন্মানত আঘাত নলগাকৈ ক'লে, “আমি মিৰদান বাইদেউৰ ঘৰলৈ গৈছিলো জান! তোক ঢেৰ কথা কবলৈ আছে। আমাৰ ঘৰলৈ যাওঁ ব’ল। পেহীক আমি বাটত পায়েই আহিছো। তই আমাৰ লগতে আছ বুলি জানিবই।”

 হেমাৰীয়ে ভালেই পালে। তিনিও গৈ যেতিয়া চাৰলংকিৰ ঘৰ পালেগৈ, তেতিয়া হানমীৰ আইতাকক দুপৰীয়াৰ সাজ খুৱাই বুৱাই কাদমে কাষতে বহি তামোল কাটিছে। চাৰলংকিক দেখিয়েই হানমীৰ আইতাৰ চকুহাল তিৰবিৰাই উঠিল। আয়ৈ পোণাটো মোৰ, তেনেই ডেকা পোৱালি হ'লি বুলি হামীৰ আইতাই তাক সাৱটি ধৰিলে। বাছাপী আৰু হেমাৰীৰ আগত তাৰ লাজ লাগি গ'ল।

 এইজনী আইতা তাৰ ককাকৰ আপোন ভনীয়েক, তাৰ পেহী আইতাক। তেওঁ তাক নিজৰ আইতাকতকৈও বেছি মৰম কৰে। ঘৰলৈ আহিলেই সাধু কয়। সৰু মাছৰ টেঙা জোল ৰান্ধি খুৱায় আৰু বজাৰত পোৱা বিস্কুটৰ টোপোলা বান্ধি আনে।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড