পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩

ঘৰটোৰ ভিতৰৰ পৰা কিবা এটা গানৰ সুৰ ভাহি আহিছে। বাৰান্দাৰ টাবত সেউজীয়া হৈ থকা ফাৰ্ণ আৰু বনৰীয়া ফুলবোৰ চাই চাই সিহঁত দুইটা শিল এছটাতে বহি পৰিল। এনেতে খৰি এবোজা লৈ মানুহ এজন ওলাই আহি সিহঁতৰ ফালে প্ৰশ্নবোধক চাৱনিৰে চালে। কিন্তু সি কিবা এটা সুধিবলৈ নেপাওঁতেই বাছাপীয়ে সাহ কৰি ক'লে,“মিৰদান বাইদেউ আছে নেকি? আমি বাইদেউৰ ওচৰলৈ আহিছিলো। “মানুহটো এখন্তেক ৰ'ল। তাৰ পাছত খৰিৰ বোজাটো নমাই ইংগিতেৰে সিহঁতক মাতিলে আৰু বাইদেউ হঁতৰ বাৰান্দাত ওলমি থকা ঘন্টাটো বজাই হনহনাই ওলাই গ'ল। সিহঁতে ভয়ে ভয়ে ইটোৱে সিটোৰ মুখলৈ চাই থাকিল। অকণমান পাছতে দুৱাৰখন খোল খালে আৰু দুৱাৰৰ ফাকেৰে ভূমুকিয়াই চোৱা মিৰদানৰ মুখখন আনন্দত উজলি উঠিল, “আৰ ৰে! তোমালোক দেখোন! চাৰপ্ৰাইজ। আঁহা আঁহা বাছাপী। চাৰলংকি আঁহা। ভিতৰলৈ আঁহা। “সিহঁতৰ ভয় সংকোচ নিমিষতে উৰি গ'ল। বাইদেউহঁতৰ বহা কোঠাটোত বাঁহ বেতৰ আচবাব আৰু হাৰমণিয়াম এখন ধুনীয়াকৈ সজাই থোৱা আছিল। তাৰ মানে গান বাইদেৱেই গাই আছিল! বাইদেৱে দুয়োকে বহিবলৈ দিওঁতে সিহঁতে মজিয়াত পৰা শীতল পাটিখনতে বহিলে। বাছাপীয়ে বাইদেউক ফুলৰ থোপাটো আৰু চাৰলংকিয়ে মধুৰিৰ টোপোলাটো লাজ লাজকৈ আগবঢ়াই দিলে। বাইদেৱে আনন্দত চিঞৰি দিলে, ইমান ধুনীয়া ফুল! মই ইয়াতে সজাই থওঁ দেই!”

 বাইদেৱে বাঁহৰ চুঙাৰ দৰে ফুলদানি এটাত ফুলখিনি সজাই থ’লে। চাৰলংকিৰ চুলিত হাত বুলাই বাইদেৱে ক'লে, “তোমালোকে যে মোক লগ পাবলৈ আহিছা, মোৰ ইমান ভাল লাগিছে জানানে? কিন্তু তোমালোকে বাৰু মোলৈ কিয় টোপোলা বান্ধি আনিছা? তোমালোক যে আহিছা, সেয়াই বহুত!”

 তাৰ পাছত বাইদেৱে মাকক চিঞৰি মাতিলে। কলাকৈ শকত আৱত মানুহ এগৰাকী ওলাই আহিল। মানুহগৰাকীয়ে মৰমেৰে ক'লে, “তোমালোকে কিন্তু ভাত খাই যাব লাগিব দেই।”

 চাৰলংকিয়ে লাজ লাজকৈ হাঁহিলে আৰু বাছাপীয়ে বাৰে বাৰে বাইদেউৰ মুখলৈ চাই থাকিল। মিৰদানৰ বগা, ধুনীয়া মুখখন আৰু মাকৰ অৱয়বটো তাইৰ কিবা সাঁথৰ যেন লাগিল।

 বাইদেৱে সিহঁতৰ পঢ়া শুনাৰ কথা উলিওৱা দেখি বাছাপীৰ ভয়েই লাগিছিল। পিছে বাইদেৱে মাত্ৰ ‘পঢ়িছানে’ বুলি সুধিলে আৰু তেতিয়াই বাইদেউৰ মাকে আটাইকে ভিতৰলৈ মাতি নিলে। বাইদেউহঁতৰ ধুনীয়া কাঠৰ মেজখনৰ সোঁ মাজত পৰিষ্কাৰ বগা ফুল এথোপা আমোলমোলাই আছিল। বাইদেৱে দুয়োটাকে চকীত বহুৱাই দিলে। চীনামাটিৰ প্লেটত মাটি কঁঠাল, আম, জামুক, কঁঠাল আৰু চাৰলংকিয়ে অনা মধুৰি ধুনীয়াকৈ কাটি সজাই দিয়া হৈছিল। বাইদেউৰ মাকে তাতে নিমখ আৰু গুড়ি এবিধ ছটিয়াই দিয়াত ফলখিনি খাবলৈ বৰ সোৱাদ লগা হৈ পৰিল। বাইদেউৰ মাকে সিহঁতক খুব মৰম কৰিলে। কথাৰ মাজে মাজে তেওঁ সিহঁতে ভাত খালে নে নাই জানি ল'লে আৰু বাটাৰ সনা ৰুটি এখন এখন জোৰকৈ খুৱাই বাইদেউৰ কিতাপবোৰ চোৱাগৈ চোন বুলি পঠিয়াই দিলে।

 বাইদেউৰ পঢ়া কোঠাটোৰ আলমিৰাত থাক থাক কৈ সজাই থোৱা কিতাপবোৰ দেখি চাৰলংকি আচৰিত হ'ল। বাইদেৱে ইমান কিতাপ পঢ়ে! সেইকাৰণেই বাইদেৱে ইমান কথা জানে। সিহঁতে ছবি থকা কিতাপবোৰ চাই থাকক বুলি ভাবি মিৰদানে এজাপ মান টিংকল আৰু চান্দমামা উলিয়াই দি ক'লে, এইবোৰ চাই থাকা দেই। মই মাক পাকঘৰত সহায় কৰি দিওঁগৈ।

 চাৰলংকিয়ে খৰধৰকৈ কিতাপৰ পাতবোৰ লুটিয়াই যাব ধৰিলে আৰু বাছাপীয়ে কোলাত কিতাপ এখন লৈ অন্যমনস্ক হৈ ৰেত ওলোমাই থোৱা ছবিখন চাই থাকিল। কিয় জানো বাছাপীৰ এনে লাগিল, বোকোচাত উঠি থকা অকণমান কেঁচুৱাজনী যেন মিৰদান বাইদেউ।

 মিৰদান বাইদেউৰ বহুত কিতাপৰ মাজৰে এখন কিতাপ চাৰলংকিয়ে লিৰিকি বিদাৰি চাই থকা দেখি বাছাপীয়ে ক'লে তুমি নামটো বানান কৰি পঢ়াচোন!

 চাৰলংকিয়ে পঢ়িলে, “ৰংমিলিৰ হাঁহি” লেখক ৰংবং তেৰাং। নামটো যেন তেনেই চিনাকি, তেনেই আপোন। মিৰদান। বাইদেউ সোমাই আহিল। সিহঁতে কি নো কৰিছে বুলি এবাৰ চাই যাবলৈ। চাৰলংকিৰ হাতত কিতাপখন দেখি বাইদেৱে ক'লে, তোমালোকে জানানে এই কিতাপখনৰ লেখক ৰংবং তেৰাং দেৱ আমাৰ কাৰ্বি আংলঙৰ গৌৰৱ। তেখেত এজন মহান

অসমীয়া সাহিত্যিক। অসমীয়া ভাষাৰ এজন সাধক। বাইদেউৰ কথাবোৰ সিহঁতে বৰ ভালকৈ নুবুজিলেও এটা কথা কিন্তু

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড