একোৱেই নাই। পত্নী আৰু একমাত্ৰ ল'ৰাটোৰ অবৰ্তমানত তেওঁ এতিয়া এজন তেনেই নিসংগ মানুহ।
ল'ৰা-ছোৱালীবোৰ এটা এটাকৈ আহি ওলালহি। সিহঁতে গছপুলি ৰুলে। দুটা পিৰিয়দৰ পাছত বকুলজোপাৰ কাষতে ঘূৰণীয়াকৈ থিয় হৈ গছে গছে পাতি দিলে গালে আৰু সিজোৱা কণীৰে খিছিৰী খাই ঘৰা ঘৰি গুচি গ'ল। মানসিং টেৰণে এজাক পখিলাৰ দৰে ঢপলিয়াই ঘৰমুৱা হোৱা ল'ৰা-ছোৱালীহঁতলৈ চাই থাকিল। তেওঁৰ দৃষ্টিত অকণমান ল'ৰা এটা ভাহি উঠিল। কঠিয়ানি এডৰাৰ মাজত নিজতকৈও এধানমান ভনীয়েকক গছৰ তলত উমলাই থকা ল'ৰাটোক তেওঁ যেন হাত মেলি চুই চাব! আদৰেৰে সুধিব তাক, “ভাত খাই আহিছনে মানসিং? স্কুললৈ নগ’লি কিয়?”
নাই তেওঁ সুধিব নোৱাৰিলে। ভোকাতুৰ মানসিং নামৰ অকণমান ল'ৰাটো তেওঁৰ দৃষ্টিৰ পৰা নোহোৱা হৈ পৰিল। চকীদাৰটোৱেমাত লগালে, “ঘৰলৈ নেযায় নেকি চাৰ?”
০০ ০০ ০০
গৰমৰ বন্ধ আৰম্ভ হোৱাৰ লগে লগে চাৰলংকিৰ বেয়া লাগিবলৈ ধৰিলে। গাঁৱৰ সমনীয়াবোৰৰ লগত তাৰ কথাবোৰ নিমিলে, মনবোৰ নিমিলে। সিহঁতৰ লগতনো আৰু কিমান উমলিব! পিছে তাৰ বাদে বাকী আটাইবোৰে গৰমৰ বন্ধ পাই খুব স্ফুৰ্তি পাইছিল। সিহঁতে মাকহঁতৰ লগত হয় পথাৰলৈ গৈছিল নহয় মানুহৰ বাৰীয়ে বাৰীয়ে আম কঁঠাল লুৰুকি ফুৰিছিল। বন্ধৰ দহদিনমান যাওঁতেই এদিন সি কি কৰো কি নকৰোকৈ থাকি আইতাকৰ লগত পথাৰলৈ যোৱাটোৱেই ভাল হ'ব বুলি ভাবিলে। পথাৰৰ হাফলুত বহি বহি সি নেওতা পঢ়ি থাকিব নহ'লে মন গলে বোকাত নামিবও পাৰিব। আচলতে তাৰ মিৰদান বাইদেউলৈ বৰ মনত পৰিছিল। বাইদেউজনী নেদেখিলে ইমান বেয়া লাগিব বুলি সি কেতিয়াও ভবা নাছিল। বাইদেৱে যে কেতিয়াবা প্ৰথম শ্ৰেণীৰ আটাইবোৰ ল'ৰা ছোৱালীক বননিত বহুৱাই লৈ নেওতা পঢ়ুৱায়, সাধু কয় আৰু তাৰ মাজে মাজে কাৰোবাক কাৰোবাক মেছিন এটাৰে কিটিক্ কিটিক্ কৈ নখো কাটি দিয়ে। বাইদেউজনী কেনেকৈ ইমান ভাল, সেইটো সিহঁতে সকলোৱে আলোচনা কৰে। আইতাকৰ কথামতে পথাৰত চৰ্বত খাবলৈ সি মোনাত নেমুটেঙা কেইটামান আৰু কটাৰিখন ভৰাই লৈ বাহিৰলৈ ওলাই আহিল। আইতাকক আকৌ এবাৰ মাত লগাবলৈ লওঁতেই সি দেখিলে নঙলা খুলি তাৰ বান্ধৱী বাছাপী আৰু তাইৰ দেউতাক সোমাই আহিছে। বাছাপীয়ে প্ৰায় দৌৰি অহাৰ দৰে আহি চাৰলংকিৰ হাতত ধৰিলেহি। কাদমে বাহিৰলৈ ওলাই আহিছিল। বাছাপীৰ দেউতাক কিবা কামত লংনিটলৈ যায়। তেওঁ কাদমক ক'লে, “এই ঘৰতে থাকি বৰ আমনি পাইছে মাহী। চালংকিৰ নাম লৈ আছিল, সেয়ে ইয়ালৈ লৈ আহিলো। মই উভতি আহি এইক লৈ যাম।”
বাছাপীয়ে তাৰ হাতখন তেতিয়াও এৰি দিয়া নাছিল। তাই তালৈ চাই হাঁহিলে, “আমি আজি দিনটো উমলি থাকিম ন?”
অৱশেষত সেইটোৱেই ঠিক হ’ল। হুণমিলিয়ে মৰম লগা ছোৱালীজনীক আদৰ কৰিলে। এপলকৰ বাবে তাইৰ এনেকুৱা লাগিল যেন, বাছাপীৰ ছোৱালী এজনীৰ মাক হোৱাৰ মন এটা তাইৰ বুকুৰ কোনোবা এঠাইত মনে মনে অতদিনে শুই আছে পিছ মুহূৰ্ততে তাই চিন্তাটো জোকাৰি পেলালে। বাছাপীয়ে আচল কথাটো কোৱাই নাছিল। কিন্তু তাই যেতিয়া ফুচফুচাই তাৰ কাণে কাণে কথাটো ক'লে, তাৰ আনন্দতে জঁপিয়াবলৈ মন গ'ল। পিছে তাৰ মনটো সেমেকি গ'ল। “পাইয়ে জানো আমাক যাবলৈ দিব? মনে মন গলে পাইয়ে মনত বেজাৰ পাব আৰু পাইয়ে দুখ পোৱা কাম মই নকৰো।”
হুণমিলিয়ে বাছাপীৰ কথাটো শুনি অৱশ্যে ভালেই পালে। পিছে তাই মিৰদান বাইদেউক কি দিবলৈ আহিছে বুজি নেপাই সুধিলে, “মই মোনাতে মধুৰিআম ভৰাই দিছো আইজনী। বাইদেউক দিবাগৈ। কিন্তু তুমি কি দিমগৈ বুলি কৈছিলা?”
বাছাপীয়ে বেৰিয়া দাঁতৰ মৰম লগা হাঁহিটোৰে ক'লে, “চাৰপ্ৰাইজ!”
হুণমিলিয়ে এছোৱা বাট সিহঁতক আগবঢ়াই দি আৰালৈ বাট ল'লে। বাছাপীয়ে পিছে ভাবিলে, হয়তো আক’ চাৰলংকিৰ দৰে তাইও বাইদেউলৈ কিবা এটা আনিব লাগিছিল! অকল চাৰপ্ৰাইজ দিবলৈ তাইৰ ভাল নেলাগিব দেখোন! বাটতে তাইৰ মনলৈ আহিল, মিৰদান বাইদেউক তাই এথোপা বনৰীয়া ফুলকে দিব। চাৰলংকিক তাই ক'লে,আঁহাচোন ইয়াতে বহোঁ। কথা এটা হ'ল নহয়!”
চুচুক চামাক্ কৈ বাছাপী আৰু চাৰলংকি জপনাৰ বাহিৰত ৰৈ থাকিল। সিহঁতৰ বুকু ঢপঢ়পাব ধৰিলে। আঁহো বুলিয়েই
যে সিহঁতে গুচি আহিল, এতিয়া বাইদেৱে কি বুলি ভাবিব বাৰু! অতদূৰ বাট আহি ঘূৰি যাবওতো নোৱাৰি! আটোমটোকাৰি