পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১১


 অনুৰাগ আৰু অমৃতাই প্ৰায় সমস্বৰে চিঞৰি উঠিল।

 মুহূৰ্ততে আনন্দ পৰিৱেশ এটা বিয়পি পৰিল গোটেই ঘৰখনত। শ্যামলী অহাৰ খবৰ পাই অনুৰাগৰ মাক, সীমান্ত আৰু হীৰাও ওলাই আহিল। উৎসাহিত হৈ উঠিল সকলো।

 সকলোৱে বাধা দিয়া সত্বেও অনুৰাগ আৰু অমৃতা নিজেই ব্যস্ত হৈ পৰিল কিচ্ছেনত হীৰাৰ লগত। ঘৰৰ মানুহৰ দৰে হৈ পৰা অদিতিয়েও কিচ্ছেনত গৈ লাগি দিছেহি।

 কামৰ মাজে মাজে অদিতিয়ে উৎসাহেৰে কৈ গৈছে তাইৰ নিজৰ কথাবোৰ। বিপ্লৱৰ পৰা আইনগতভাৱে বিবাহ বিচ্ছেদ পোৱাৰ পিছত অদিতিয়ে এতিয়া অনুৰাগ আৰু অমৃতাৰ ইচ্ছা আৰু অনুৰোধ ৰক্ষা কৰি গাঁৱলৈ আহি অনুৰাগে খোলা নতুন স্কুলখনৰ পৰিচালনাৰ দায়িত্ব লৈছে।

 চহৰতে শৈশৱ কৈশোৰ কটোৱা অদিতিয়ে গাঁৱৰ সেউজীয়া, পথাৰৰ মাটিৰ গোন্ধ, বোৱঁতী নদীৰ মধুৰ কল্লোলিত সুৰৰ সৈতে নকৈ প্ৰেমত পৰিছে। স্কুলৰ কণ কণ লৰা ছোৱালীজাকৰ হাঁহি, স্ফূৰ্তিবোৰৰ মাজতেই সুখ বুটলিবলৈ শিকিছে তাই।

 মনোযোগেৰে শুনিছে শ্যামলীয়ে। মুগ্ধ দৃষ্টিৰে চাই ৰৈছে তাই সকলোলৈ।

 অমৃতাৰ স্পৰ্শত যেন ঘৰখনৰ প্ৰতিটো চুকে কোনে মাথো সুখ আৰু আনন্দ ভৰি পৰিছে। বিষাদৰ কোনো চিন চাবেই যেন নাই ঘৰখনত।

 ৰঙীন ফুল বচা মুগাৰঙী মেখেলা চাদৰ আৰু ৰঙীন ব্লাউজ পিন্ধা অমৃতাৰ শিৰত আশীষ হৈ জিলিকি ৰোৱা পলাশৰ ৰংটোৰ ৰঙীন আভা বিয়পি পৰিছে সমগ্ৰ মুখমণ্ডলত। মুখখনি কোনো কিশোৰীৰ দৰেই সতেজ আৰু হাঁহিভৰা। চকুৱে মুখে সুখ জিলিকি উঠিছে।

 সোঁ ভৰিত পোৱা আঘাতৰ ফলস্বৰূপে অনুৰাগ সামান্য বেকাকৈ খোজ কাঢ়িছে। তথাপিও সদা সুন্দৰ অনুৰাগৰ মুখমণ্ডলতো স্পষ্ট সুখ আৰু প্ৰশান্তিৰ ছায়া।

 “লাহে লাহে সোণ। লাহে লাহে।”

 উদ্বিগ্নতাৰে মাজে মাজে অমৃতাৰ হাতত ধৰি লয় অনুৰাগে। নিজৰ উফন্দি উঠা গৰ্ভত কোমলকৈ হাত দি মিচিকিয়া হাঁহি এটি মাৰি ৰৈ যায় অমৃতাও।

 চকু টিপিয়াই হাঁহিছে অদিতিয়ে।

 আপোনপাহৰা হৈ চাই ৰৈছে শ্যামলীয়ে সকলোৰে উজ্জ্বল মুখবোৰলৈ। অনুৰাগ আৰু অমৃতাৰ প্ৰকৃত প্ৰেম আৰু তপস্যাৰ বাস্তৱ প্ৰতিফলন এয়া।

 এয়াই হয়তো সুখৰ সংজ্ঞা॥

 অজানিতে এটি সুখৰ হাঁহি বিয়পি পৰিছে শ্যামলীৰ ওঁঠটো।

 সুখী নহবনো কিয়?

 মৃত্যুৰ সম্ভাৱনাৰ মাজতে যে জীৱন ৰৈ গৈছিল আশীৰ্বাদ হৈ। অনাকাংক্ষিতভাৱে জীৱনে পুৰস্কৃত কৰিছিল অনুৰাগ আৰু অমৃতাক।

 অপ্ৰাপ্তিৰ অনুভূতিৰ মাজত অপ্ৰত্যাশিত প্ৰাপ্তিৰ সুখানুভূতি কেনেধৰণৰ হব পাৰে??

 জীৱনত দুখৰ অনুভূতি নথকা হলে সুখৰ অনুভূতিৰ কিবা মূল্য থাকিলহেঁতেননে! আন্ধাৰ নোহোৱা হলে পোহৰৰ মূল্য ক'ত থাকিলেহেঁতেন?

 অপ্ৰাপ্তিৰ অনুভূতিৰ পিছত প্ৰাপ্তিৰ সুখো তেনেদৰেই ..আন্ধাৰৰ ঘনঘোৰ কলাৰ পিছত দিনৰ এচমকা ৰশ্মিৰ দৰে, অমাৱশ্যাৰ পিছত জোনাকৰ দৰে ... এজাক বৰষুণে আকাশৰ কলীয়া মেঘ ধুই নিয়াৰ পিছত জিলমিলাই উঠা সুৰুষৰ দৰে।

 প্ৰেমত প্ৰাপ্তি এটি চিৰন্তন হাবিয়াস।

 আৰু সেই হাবিয়াস পূৰণ হৈছিল দুয়োৰে। জুয়ে পুৰা সোণৰ জিলিকনি যেনেকৈ বেছি, ঠিক তেনেকৈ দুখ, যন্ত্ৰণা, অগ্নিপৰীক্ষা অতিক্ৰমি প্ৰেম বেছিকৈহে জিলিকি উঠিছিল সগৌৰৱে। এবোজা দুখ যন্ত্ৰণাৰ পিছত দুগুণ সুখে আঁকোৱালি

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড