পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫

শিকলিৰে আঘাত কৰিলে দুয়োজনক মূৰে কপালে। তাৰ লগে লগেই লাত আৰু ঘোচা। পৰি যোৱা বন্দুক উঠাই লৈ, বন্দুকৰ নল সিহঁতলৈ টোঁৱাইও ৰৈ গল অনুৰাগ। গুলিচালনাৰ শব্দ অন্ধকাৰত বহু দূৰলৈ শুনা যাব। গতিকে বন্দুকৰ নালেৰেই প্ৰচণ্ড মাৰ সোধালে সি দুয়োৰে মূৰত। কপি কপি চাই থাকিল অমৃতাই অনুৰাগৰ সেই হিংস্ৰ জান্তৱ ৰূপ।

 কঁপা কঁপা হাতেৰে আলফুলে অনুৰাগৰ কপাল ফাটি বৈ যোৱা তেজৰ ধাৰা খিনি মুচি দিলে অমৃতাই।

 হঠাৎ পাতৰ আঁৰত পুনৰ চমকি উঠিছে কেইবাজুৰো হিংস্ৰ চকু। জপিয়াই পৰিছে অনুৰাগৰ ওপৰত এজাক ৰক্তপিপাসুৰ দল।

 বৰফে যেন পুতি পেলাইছে অমৃতাৰ শৰীৰ, বন্ধ হৈ গৈছে ৰক্তসঞ্চালন। কঁপিবলৈও পৰা নাই, শৰীৰ জঠৰ হৈ পৰিছে। তাইৰ।

 অনুৰাগ বাগৰি পৰিছে মাটিত, তাৰ ওপৰত বাগৰি পৰিছে বাকীবোৰ ৰক্ত পিপাশু। প্ৰচণ্ড ঘোচা, লাত, মাৰা মাৰি..অনুৰাগে শৰীৰৰ সমস্ত শক্তিৰে অকলেই যুঁজিছে...

 আস’ কষ্ট পাইছে সি। ভীষণ কষ্ট।

 হঠাৎ যেন অমৃতাৰ শৰীৰলৈ ৰক্তসঞ্চালন দ্ৰুত হৈ আহিছে। মুখলৈ তেজৰ উষ্ম জোৱাৰ আহিছে। খঙত কপি উঠিছে তাই।

 স্থিৰ হাতেৰে অনুৰাগৰ ৰিভলভাৰ হাতত তুলি লৈছে তাই। দুচকুত অগ্নিজ্বালা।

 ধাই ধাই ধাই।

 গুৰি কটা গছৰ দৰে বাগৰি পৰিল তিনিওজন যুৱক। কিছুসময়ৰ নিস্তব্ধতা। অনুৰাগে এপলক বিস্মিত হৈ চাই ৰৈছে অমৃতাৰ নতুন ৰূপটোলৈ। হঠাৎ পুনৰ আক্ৰমণ কৰিব উদ্যত হোৱা দুই যুৱকক ভৰিত ক্ষিপ্ৰতাৰে খুকুৰীৰে উপৰ্যপূৰি আঘাত কৰিলে সি। কৰ্কশ কেকনিৰে বাগৰি পৰিল দুয়োজন।

 অনুৰাগৰ ওঁঠ ফাটি তেজ বব ধৰিছিল। ভৰি আৰু বাহুত যথেষ্ট আঘাত পাইছিল সি। সামান্য লেঙেৰীয়াই খোজ দি অমৃতাৰ কাষলৈ আহিল সি।

 যন্ত্ৰণাৰ মাজতো অনুৰাগৰ ওঁঠত স্মিত হাঁহি।

 উজাই আহিব খোজা কান্দোনটোক কোনোমতে হেঁচি ধৰি সাৱটি ধৰিলে দুয়ো ইটোৱে সিটোক।

 হাবিত অ’ত ত’ত টৰ্চৰ পোহৰ পৰিছে।

 বিপৰীত দিশত দৌৰিছে দুয়ো হাবি, বন, জোপোহা, লতিকা ছিঙি। শৰীৰত জোৰ নাথাকিলেও মনৰ জোৰেৰে দৌৰিছে দুয়ো। কাঁইট, গছৰ শুকান ডালৰ খোচত শৰীৰৰ অ’ৰ ত’ৰ পৰা বিৰিঙি উঠিছে ৰক্তকণিকা।

 এই নিশা যেন শেষ নহ’ব। এই হাবি যেন অন্তহীন। দৌৰি দৌৰি দুয়ো বহু তললৈ নামি আহিছে ইতিমধ্যে। হঠাৎ কিবা মনত পৰাৰ দৰে ৰৈ গৈছে অনুৰাগ।

 নদীখনৰ পাৰৰ মুকলি ওখ গৰা... গৰাত তেতিয়া ৰূপোৱালী জোনাকৰ প্লাৱন আৰু তলত ৰূপোৱালী টৌ তুলি বৈ যোৱা নৃত্যৰত নদীখন।

 : ৰৈ...ৰৈ গলি কিয়?

 অনুৰাগে মুখেৰে একো মতা নাই। দীঘলকৈ উশাহ কেইটামান লবলৈ চেষ্টা কৰিছে সি। অনুৰাগৰ মুখলৈ চাই ৰৈছে তাই উত্তৰৰ আশাত।

 বেগৰ পৰা সৰু ৰঙা কাপোৰেৰে বন্ধা কলহ এখন দাঙি ধৰিছে সি। একো বুজিব নোৱাৰি তাই প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰৈছে তালৈ।

 : তোৰ অনুপস্থিতিত মই মাথো ইয়াকেই ৰাখিব পাৰিলোঁ তোৰ বাবে।

 : চিতাভস্ম। না নকৰিবি। খুড়াদেউৰ আত্মাই শান্তি পাব অমৃতা।

 ধুমুহাৰ মাজতো অস্বাভাৱিক ধৰণে শান্ত, সৌম্য গম্ভীৰ মুখখনলৈ অবাক লাগি চাই ৰৈছে অমৃতাই। দুচকু ভৰি আহিছে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড