পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৪

অনুৰাগৰো৷

 হাবিৰ মাজত পাত, জোপোহাৰ আঁৰে আঁৰে সতৰ্কতাৰে দুয়ো আগবাঢ়িছে। চাৰিওফালে সশস্ত্ৰ উগ্ৰপন্থীয়ে পিয়াপি দি ফুৰাৰ বাবে পাহাৰৰ পৰা ওলাই যাবলৈ তিনিদিন ধৰি চেষ্টা কৰিও অসফল হৈ ভাগৰি গৈছে দুয়ো। মনৰ জোৰ থাকিলেও ভোক, পিয়াঁহত শৰীৰৰ জোৰ কমি আহিছে..খোজৰ গতি ধিম হৈ আহিছে, ঘনে ঘনে ফেঁপাব ধৰিছে অমৃতাই। তথাপিও দুচকুত ভয়, শংকা, ভাগৰ দেখুৱাব খোজা নাই তাই অনুৰাগক।

 প্ৰকাণ্ড শিলবোৰৰ ফাঁকে ফাঁকে জৰজৰাই বৈ যোৱা উচ্ছল এটি জুৰিৰ সন্মুখত ৰৈ গল দুয়ো। তাতে ৰৈ দুয়ো ঘোটঘোটাই জুৰীৰ পানী পি খালে। পেটৰ ভোক যে ইমান তীব্ৰ হব পাৰে এই প্ৰথম অনুভৱ কৰিছে অমৃতাই। খাদ্যৰ নামত দুয়ো খাইছে মাথো পাহাৰীয়া ফল।

 মুম্বাইত থাকোতে এগৰাহ খাবলৈও তাইৰ মন নগৈছিল। অথচ, এই হাবিখনত দেখোন তাইৰ ইমান ভোক লাগিছে!

 ক্ষন্তেক জিৰণি লবৰ বাবে শিল এচটাৰ ওপৰত বহি পৰিল দুয়ো। পুৱাৰ কোমল ৰদে ধুই গৈছে দুয়োৰে ভাগৰুৱা শৰীৰ। অনুৰাগৰ কান্ধত মূৰটো পেলাই আকাশখনলৈ চাই বহি ৰল তাই। নীলাভ আকাশখনত ফুটচাই বৰণীয়া পাতল মেঘ। মেঘৰ আঁৰে আঁৰে লুকাভাকু খেলিছে পুৱাৰ বেলিটিয়ে।

 এই হাবিখনৰ পৰা ওলাই যাব পাৰিম নে আমি অনু?

 কোমলকৈ আঁকোৱালি লৈছে সি তাইক দুবাহুৰ মাজত।

 :চিন্তা লাগিছে? ওলাই যাম ইয়াৰ পৰা আমি। ওলাই গৈ আমি দুয়ো মুম্বাই যামগৈ। হ’বনে?

 মুম্বাইত গৈ পাই আকৌ মোৰ পৰা দূৰ হোৱাৰ কথা কিন্তু নকবি। কাৰণ এইবাৰ ক’লেও মই নুশুনো।

 অমৃতাৰ সিক্ত দুচকুত বিৰিঙি উঠিছে গ্লানি।

 : মই যদি তোৰ লগত ফ্লেটত থাকিব মান্তি হোৱাহেঁতেন, তই নিশ্চয় মোক এৰি থৈ নাহিলিহেঁতেন এই গাঁৱলৈ। চব মোৰ ভুলৰ বাবেই এইবোৰ হল অনু।

 : তেনেকৈ কিয় কৈছ? মই গুচি নহা হলে, তই জানো মোক বিচাৰি আহিলিহেঁতেন?? আৰু আহি ভালহে হল...দুয়ো ইমান বছৰৰ মূৰত আমাৰ মৰমৰ গাঁওখনত...

 মই বেয়া পাওঁ অনু। বেয়া পাওঁ মই আমাৰ গাওঁখনক। বেয়া পাওঁ মই ইয়াৰ ঘন হাবি বননি। যি ঠাইত তোৰ ইমান অমংগল হব পাৰে সেই ঠাই মোৰ প্ৰিয় হব নোৱাৰে।

 উষ্ম কণ্ঠ অমৃতাৰ। অনুৰাগে কোমলকৈ এটা চুমা আঁকি দিলে তাইৰ কপালত।

 : গাঁওখনৰ কি দোষ? এই নদী, এই পাহাৰখনৰ কি দোষ? দোষ মানুহৰপৰাহে হয়...মোৰ ভুল হৈছিল। আৰু সেই ভুলৰেই পৰিনাম এয়া। মোৰ ভুলৰ বাবে আমাৰ গাওঁখনক ঘিণ নকৰিবি সোণ।

 অমৃতাই প্ৰত্যুত্তৰত কিবা কোৱাৰ আগতেই হঠাৎ তড়িৎ গতিৰে অনুৰাগে ঘূৰি দিলে। বতাহতে অৰ্দ্ধ গোলাকাৰ হোৱা হাতৰ শিকলি পাতে কাৰোবাৰ মূৰত এটা প্ৰচণ্ড আঘাত কৰিলে। সেই অনাকাংক্ষিত আক্ৰমণত বাগৰি পৰিল কোনোবা। অমৃতাই পিচহোহোকি অনুৰাগৰ পিছফালে থিয় দিলেহি। মূৰ ফাটি সোঁ সোঁৱাই তেজ বব ধৰিছে কলা কাপোৰেৰে মুখ ঢকা যুৱকজনৰ। উঠি বহিব লওঁতেই অনুৰাগে উপৰ্যপূৰি কেবাটাও ঘোচা মাৰিলে নাকে মুখে। যুৱকজনৰ হাতৰ বন্দুক কাঢ়ি লৈ মৃত্যুদূত হৈ সন্মুখত থিয় হ’লহি অনুৰাগ।

 এটি গুলি মাথো.. ৰক্তাক্ত দেহাটো নিথৰ হৈ পৰি ৰল শুকান গছ পাতৰ ওপৰত।

 পাহাৰৰ বুকুত সন্ধিয়া নামিব ধৰিছিল ইতিমধ্যে। ৰঙা বেলিটো ডুব যাব ধৰিছিল পশ্চিমৰ কমলা বুলিয়া আকাশত।

 আৰু এদিন পাৰ হল। আৰু এনিশা এই পাহাৰত কটোৱাৰ কথা ভাবি বিমৰ্ষ হৈ পৰিছে অনুৰাগ আৰু অমৃতা। এজোপা বট বৃক্ষৰ তলতে ক্লান্ত শৰীৰটো এৰি দিছে দুয়ো।

 হঠাৎ চিকিমিকি অন্ধকাৰতে এচমকা পোহৰ পৰিল ডাঠ সেউজীয়া পাতবোৰৰ ওপৰত। সচকিত হৈ উঠিল অনুৰাগ আৰু অমৃতা দুয়ো। নিশব্দে দুয়ো পিছুৱাই গৈ থাকিল। বিজুলীৰ দৰে অন্ধকাৰতে চমকি উঠিল এযোৰ চকু... দুযোৰ চকু। এটা বিকট চিঞৰ স্বতঃস্ফূৰ্ত ওলাই আহিল অমৃতাৰ। জপিয়াই পৰিল দুই ৰক্তপিপাসু অনুৰাগৰ ওপৰত। অনুৰাগেও তীব্ৰ গতিৰে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড