শ্যামলীৰ কণ্ঠত দৃঢ়তা শুনি আশ্বস্ত হল অদিতি। শ্যামলীয়ে নিশ্চয় কিবা কৰিব পাৰিব। মেডিয়াৰ পাৱাৰ কিমান জানে তাই। তাতেই শ্যামলীৰ দেউতাক নিজেই এজন মন্ত্ৰী... শক্তিশালী ৰাজনৈতিক বিষয়া।
: ভাস্কৰ দত্তৰ কিবা হাত থাকিব পাৰে বুলি ভাবা নেকি শ্যামলী?
: হাত থাকিবও পাৰে। হঠাৎ হেৰাই গৈছে ভাস্কৰ দত্ত। মুম্বাই পুলিচে ইতিমধ্যে বিচাৰি ফুৰিছে ভাস্কৰ দত্তক। কিবা সম্ভেদ পাব নিশ্চয়।
ঠেক উখোৰা মোখোৰা পকী পথটোত স্থিৰ দৃষ্টি ৰাখি বাইকখন চলাই নিছে শ্যামলীয়ে। টাউন পাওঁ পাওঁ হওতেই হঠাৎ অদিতিৰ ফোনটো বাজি উঠিল। বিপ্লৱ। মুখখন বিৰক্তিৰে উপচি পৰিল অদিতিৰ। শ্যামলীয়ে বাইকখন ৰাস্তাৰ কাষতে ৰৈ দিলে।
অনিচ্ছাসত্বেও ফোনটো উঠাই ললে অদিতিয়ে।
: ......
: হেল্ল মাত নিদিয়া কিয়? মোক নোকোৱাকৈ মনে মনে গুচি গলা কিয়?
: মাত দিয়াৰ প্ৰয়োজন আছে বুলি নাভাবিলোঁ।
: তুমি বুজি পোৱা নাই অদিতি। ভাস্কৰ আৰু অমৃতাৰ মাজত সোমাই তুমি ভুল কৰিছা। ভাস্কৰক তুমি চিনি নোপোৱা অদিতি। হি কেন গ’ আপ টু এনি একষ্টেন্ট। পাগল হৈ গৈছে সি।
: ......
: হেল্ল, তুমি শুনিছানে অদিতি। ঘূৰি আহা তুমি।
মোৰ কথা বুজিবলৈ চেষ্টা কৰা। ভাস্কৰে তাৰ প্ৰতিশোধ ল’বই। তুমি এতিয়া কত আছা?
: মই অনুৰাগদা, অমৃতাহঁতৰ গাঁৱত আছোঁ।
: ৱাত? ৱাত আৰ ইউ চেয়িং অদিতি?
: কি হল?
: প্লিজ অদিতি ঘূৰি আহা। ভাস্কৰ... ভাস্কৰ তাতেইতো আছে।
কিছুপৰ নিস্তব্ধ হৈ শুনি ফোনৰ সংযোগ বিছিন্ন কৰি দিলে তাই। শ্যামলীয়ে প্ৰশ্নবোধক দৃষ্টিৰে চাই ৰৈছে তাইলৈ।
: বিপ্লৱে ফোন কৰিছিল। ভাস্কৰ দত্ত ইয়াতেই আছে বুলিহে কলে দেখোন।
অদিতিৰ চকুৱে মুখে দুশ্চিন্তা।
ভ্ৰূ কুঞ্চিত কৰি কিছুদেৰী কিবা ভাবিলে শ্যামলীয়ে। বেগৰ পৰা নিজৰ মোবাইলটো উলিয়াই চালে তাই। নেটৱৰ্ক আছে।
: জাষ্ট ৱেইট।
শ্যামলীয়ে লৰালৰিকৈ দুটা মেছেজ পঠিয়ালে।
: কাক মেছেজ কৰিলা?
: দুই ঠাইলৈ। এটা মুম্বাই পুলিচ আৰু আনটো হিন্দুস্তান টাইমছ।
০০ ০০ ০০
পাহাৰীয়া ঠেক কেঁচা পথটোৰ কাষৰ জোপোহাই আৱৰি ৰখা ঢাপটোত সোমাই পৰিল দুয়ো। তীব্ৰ গৰ্জন কৰি পাৰ হৈ গ’ল তিনিখন মটৰ চাইকেল। মটৰ চাইকেলৰ ওপৰত সশস্ত্ৰ আৰোহী। মটৰ চাইকেল জাক চকুৰ আঁতৰ হোৱাৰ পিছতো তেনেকৈয়ে বহি ৰল দুয়ো কিছুপৰ।
: ব’ল৷
অনুচ্চ কণ্ঠৰে কলে অনুৰাগে।
অমৃতালৈ চাই বুকুখন মুচৰ খাই আহিল তাৰ। ঢাপটোৰ ভিতৰত মাটিতে মূৰটো আৰু শৰীৰটো ভেঁজা দি কুচিমুচি বহি ৰৈছে তাই। অবিন্যস্ত চুলি, মুখমণ্ডলত, পিন্ধি থকা শাৰীখনত অত তত লাগি ৰৈছে পাহাৰীয়া ৰঙা মাটি। সেই একেই অৱস্থা