সমললৈ যাওক

পৃষ্ঠা:অৰ্জ্জুন-সংবাদ.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰাম নাম অমূল্যত্ব।


অগ্ৰজে অল্প আয়ু হৈব অল্পমতি।
কোনমতে নৰলোকে সাধিকে গতি॥
বৈকুণ্ঠত এহি কথা কৈলা নাৰায়ণ।
ব্ৰহ্মাৰ আগত প্ৰশংসিলা ঘনেঘন॥ ৯
নাৰায়ণে গোপ্য কথা কহিবাক লৈলা।
শুনিয়া ব্ৰহ্মাৰ মনে আনন্দিত ভৈলা॥
নাৰায়ণে বোলে কাৰ্য্য ভৈলা বিসঙ্গতি।
তিনিয়ো জাত লোকে নাচাইলেক গতি॥১০
নিজা জীৱ তাৰিবাক মনে ইচ্ছা ভৈলা।
এতেকেসে কলি যুগে ধৰ্ম্ম কৰি থৈলা॥
ধৰ্ম্ম কলিযুগে “ভৈলা ধৰ্ম্ম ৰাম নাম।
একবাৰ উচ্চাৰিলে পাৱে মুখ্য কাম॥১১
সদায়ে লৱয় না যিটো নৰ চয়।
দেৱতা পদক পাৰে বৈকুণ্ঠ চলয়॥
এতেকেসে তুমি আমি জন্মিবো কলিত।
সত্ত্ব মুৰ্ত্তী গুৰু ৰূপে তাৰিবো। তহিত॥ ১২
অংশকলা বিভূতিক সবাকে আনিলা।
এতেকেসে কলি ধন্য ধন্য বুলি কৈলা॥
এতেকেসে নৰলোক আন কাম এৰি।
একান্তে ভজিয়ো পুৰ্ণানন্দ দেৱ হৰি॥ ১৩