এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ধৰ্ম্ম পুৰাণ।
শ্ৰীকৃষ্ণায় নমঃ।
পদ।
জয় জয় কৃষ্ণ বিষ্ণু দেৱ নিৰঞ্জন।
জয় দামোদৰ দেৱ দৈৱকী নন্দন॥
জয় জয় কৃষ্ণ প্ৰভু অনাদি অনন্ত
অনন্তে হাজাৰ যুগে অন্ত নপাৰম্ভ॥১
নমো নমো লক্ষ্মীকান্ত নমো আদি দেৱ।
দিগপাল গণে যাক নিতে কৰে সেৱ॥
যোগি যাক ধ্যানত চিন্তিয়া নপাৱয়।
ব্ৰহ্মাহৰ পুৰন্দৰে যাক উপাশয়॥ ২
হেন হৰি আসি ভৈলা দৈৱকী তনয়।
খণ্ডিলা ভুমিৰ তাপ প্ৰভু কৃপাময়॥
পৃথিবীৰ ভাৰ হৰি বৈকুণ্ঠক গৈলা।
শ্ৰৱণ কীৰ্ত্তন, ধৰ্ম্ম পৃথিবীত থৈলা॥৩