নিবেদন।
এই ধৰ্ম্ম পুৰাণ পুথি খনি কোন মহাপুৰুষে ৰচিছিল তাৰ কোনো উদ্দেশ্য পোৱা নেযায়, কৃষ্ণৰ কিঙ্কৰে বুলি পদৰ অন্তত ভণা আছে; কীৰ্ত্তনত কৃষ্ণৰ কিঙ্কৰ ভণিছে, সেই বুলি ইয়াকো শঙ্কৰে ৰচা নহয় বোধ হয়, লগৰ কোনো ভকটে শঙ্কৰৰ মহিমাৰ চিন পাই ও জানি লিখা বুলি অনুমান কৰো। সি যি নহওক, এই ধৰ্ম্ম পুৰাণত বহুত মহাজ্ঞান ও ধৰ্ম্মৰ কথা লিখা আছে, ইয়াক বহুমূল্য ৰত্ন ভাবি সাঁচি পতিয়া পুথিৰ পৰা সংগ্ৰহ কৰা হল। আৰু কাললৈ লোপ নেপাবৰ হেতুকে লুপ্ত ৰত্ন উদ্ধাৰ কৰা যায়। কোনো মহাত্মা জনে পুৰাণ ৰচণাকাৰীৰ পৰিচয় দিব পাৰিলে তেওঁৰ ওছৰত আমি কৃতজ্ঞ মানিম। শ্ৰীযুত কৃষ্ণ পদ বৰুয়া পণ্ডিত মহোদয়ৰ উদগণি পাই আমি এই ৰত্ন ফেৰি ৰাইজৰ আগলৈ দাঙ্গি ধৰা হৈছে, স্বদেশ হিতৈষী গণে একোখনিৰ গ্ৰাহক হৈ এনে লুপ্ত ৰত্ন উদ্ধাৰাৰ্থে সহায় কৰি উৎসাহ দিব। আমাৰে৷ যত্ন ও জনম সাম্ফল ভাবো। জ্ঞানী জনেও যেন দায় নধৰে। ইতি ১।১১।০৮
- শ্ৰীযোগেশ্বৰ লাহন, নহাট।