সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
অৰণ্য কাণ্ড।

মোৰ মহা সন্তাপত, ৰামে প্ৰাণ তেজিবন্ত,
 লক্ষ্মণেও মৰিবন্ত পাছে।
আবে অকণ্টক৷ ৰাজ্য, ভৰতেই ভুঞ্জিবেক,
 আউৰ তাৰ কাত ভয় আছে॥
বনদেবতাক সবে, সীতা দেবী বুলিলন্ত,
 কৃতাঞ্জলী কৰিয়া মিনতি।
প্ৰভু ৰাঘবত মোৰ, কহিবা কাহিনী সব,
 বিধি যেন কৰিলা বিপত্তি॥

—০—

দুলড়ি।

এহিমতে সতী, ব্যাকুলে কান্দন্ত,
 ৰামৰ গুণ সুমৰি।
মহাবেগে ৰথ, ডাকে লঙ্কানাথ,
 লঙ্কাৰ দিশক ধৰি॥
সীতাক সম্বুধি, মধুৰ বচনে,
 বোলে সীতা তেজা শোক।
মুখ্য পটেশ্বৰী, পাতিবো তোমাক,
 চমুহুয়া ভজা মোক॥