সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭
অসমীয়া ৰামায়ণ।

চৰণ কমল দুই, পৃথিবীক প্ৰকাশয়,
 দেখি পাসৰউ সবে দুখ।
হেন প্ৰভু হৰুৱাই, এভু প্ৰাণ নতু যাই,
 কিনো নিদাৰুণ মোৰ বুক।৷
হা হা প্ৰভু ৰাম চন্দ্ৰ, তোমাৰ ৰমণী মই,
 হেৰা হৰি নেই নিশাচৰে।
দুষ্টক দণ্ডিতে লাগি, অবতাৰ ভৈলা প্ৰভু,
 কহে মহা জন নিৰন্তৰে॥
তোমাৰ চৰণ দাসী, মইনাৰী সেৱকিনী,
 কিসক নকৰা প্ৰতিকাৰ।
হৰি হৰি লখাই আবে, তোহোৰ গুছিল স্নেহ,
 শীঘ্ৰে লাগ নলস আমাৰ॥
সিংহৰ ভাৰ্য্যাক যেন, শৃগালে হৰিয়া নেই,
 বিধি বিড়ম্বিলে হেন কিক।
ৰাম স্বামী দৰশনে, বিযোগ কৰাইলে মোক,
 বিধিৰ বিক্ৰম ধিক ধিক॥
কৈকৈৰ শাশুৰ আবে, মনোৰথ সিদ্ধি ভৈলা,
 পুত্ৰ শোকে মৰিল শশুৰ।
এবে প্ৰাণ বান্ধবৰ, ৰামৰ বিযেগে,
 মোৰো প্ৰাণ যাইব যমঘৰ॥