সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
অৰণ্য কাণ্ড।

হা ৰাম ৰাম বুলি, শোকে আতি বিয়াকুলি,
 কান্দন্ত বিবিধ গুণ কহি।
বিধতা বঞ্চিলে মোক, নিৰ্ম্মল চন্দ্ৰত যেন,
 মলিন কলঙ্ক গৈলা ৰহি।৷
ৰামৰ ৰমণী সীতা, ৰাৱণে হৰিল৷ হেন,
 এহি কথা যাই ৰাজ্যে ৰাজ্যে।
পতি ব্ৰতা নাম মোৰ, আজিহন্তে খণ্ডিবেক,
 জীৱন ধৰোহোঁ কোন কাৰ্য্যে॥
লক্ষেকৰ জীৱ মোৰ, দুই লক্ষৰ জাতি কুল,
 ত্ৰিলক্ষ টঙ্কাৰ ধৰ্ম্ম ক্ৰিয়া।
হেনয় অমূল্য ধন, কেনমতে ৰাখিবোঁহো,
 ৰাক্ষসৰ হাতত পৰিয়া॥
হৰি হৰি প্ৰভু ৰাম, দুৰ্ব্বাদল ঘন শ্যাম,
 মনোহৰ তনু সুকুমাৰ।
দশনে সুখী হুই. সুবলিত বাহু দুই,
 কামিনীৰ মন কণ্ঠ হাৰ।৷
বদনে ভুবন ৰঞ্জে, সম্পূৰ্ণ চন্দ্ৰক গঞ্জে,
 নেত্ৰ দুই প্ৰফুল্ল কমল।
একো অঙ্গে নাহি ক্ষীণ, মহন্তৰ যত গুণ,
 প্ৰভু তেবে আছয় সকল॥