সমললৈ যাওক

পৃষ্ঠা:অৰণ্য কাণ্ড.pdf/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
অৰণ্য কণ্ড।

কুটনাট কৰিয়া জিনিলা দেবাসুৰ।
ৰামে লাগ পাইলে সবে দৰ্প হৈব চূৰ॥
সীতাৰ বচন শুনি ৰাৱণে কুপিলা।
ঋষিবেশ এৰি নিজ ৰূপক ধৰিলা॥
কুড়ি গোটা চক্ষু আৰো দশগোটা মাথ।
কুড়ি খান কৰ্ণতাৰ কুৰিখান হাত॥
দশখান কপাল উচ্চল দশ নাক।
অঞ্জন পৰ্ব্বত যেন দেখি ৰাৱণক॥
শিৰ দশ গোটা হেম কিৰিটি জ্বলয়।
ক্ৰোধে অগ্নিবৰ্ণ কুৰি চক্ষু ঘুৰাৱয়।৷
কৰ-কৰি চোৱাৱন্ত দুইপাৰা দান্ত।
একেবেলি টানে যেন কুড়ি খান জাঁত॥
সীতাক সম্বুদ্ধি ক্ৰোধে বোলে খৰতৰ।
হাঁউৰে পাপিষ্ঠি মোক কৰস উত্তৰ॥
মোক নজানস মই ৰাৱণ বিশাল।
অগনিৰ অগনি যমৰ যম কাল॥
তোক শাস্তি কৰিবাক পাৰোঁ এতিক্ষণে।
চাহোঁ তোক ৰাখে কোনে এই ত্ৰিভুবনে॥
মানুষ ৰামত তোৰ এতমান সাস।
মই যেন মত মোৰ আণ্ট নতু পাস॥