সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সতৰ্কবাণীকে উপেক্ষা কৰি ছাত্ৰ সন্থা, অসম সাহিত্য সভা, অসম জাতীয়তাবাদী দল ইত্যাদিয়ে ঐক্যবদ্ধভাবে ১৯৭৯-৮০ চনত — আজি কংগ্ৰেছ (ই), কাইলৈ — জনতা, পৰহিলৈ গণসংগ্ৰাম পৰিষদ, আকৌ কংগ্ৰেছ (ই)— এনে ধৰণৰ মানুহক নেতৃত্বৰ ভিতৰুৱা কৰি লই ভেদবাদী অৱাটৰ বাট লৈছিল। ফল কি হৈছে আমি দেখিছো। আকৌ ১৯৮৩ চনত নিৰ্বাচনৰ সুযোগ লৈ কংগ্ৰেছ (ই)ক হেঁচি ধৰাৰ পৰামৰ্শ ৰাইজলৈ আগবঢ়াইছিল বাওঁপন্থী সকলে। তেতিয়াও আন্দোলনকাৰী সকলে যেন তেন প্ৰকাৰেণ নিৰ্বাচন হ’বলৈ নিদিয়াৰ হিংসাত্মক পন্থা লৈছিল: অনুৰূপ হিংসা আৰু প্ৰৱঞ্চনাৰ আশ্ৰয় লোৱা কংগ্ৰেছ (ই)ক বিধানসভালৈ বিপুল সংখ্যাত আহিবলৈ দিছিল। এই নীতি আছিল ভ্ৰান্ত, সৰ্বনাশী। ৰাজনৈতিক দলবিলাক অপ্ৰাসংগিক বুলি কোৱাটোও সঙ্গত হোৱা নাছিল। আছুৱে আকোৰগোজালি মনোভাব ত্যাগ কৰি ভোটাৰ তালিকা সংশোধনৰ যুক্তিগ্ৰাহ্য পদ্ধতি এটা অনুমোদন নকৰালকৈ বৰ্তমান ৰাজ্য চৰকাৰৰ বৈধতা-অবৈধতাৰ প্ৰশ্নটো অবাস্তব। ৰাষ্ট্ৰপতিৰ শাসনৰূপী দায়িত্ব বিহীন বিকল্পটো কোনো পধ্যেই শ্ৰেয় নহয়।

 শ্ৰদ্ধেয় ড° গোহাঁই, আজি শাসক শ্ৰেণীয়ে সীমাবদ্ধ বুৰ্জোৱা-গণতন্ত্ৰকো খতম কৰিব বিচাৰে। ১৯৭৫ত জৰুৰী অৱস্থা ঘোষণাৰ ফলত শাসক দলৰ হাত পুৰিছিল। গতিকে পঞ্জাৱ, অসম, কাশ্মীৰ ইত্যাদি অঞ্চলত সাম্প্ৰদায়িক/সাংবিধানিক অচল অৱস্থাৰ সৃষ্টি কৰাই নাইবা তাক জীয়াই ৰাখি আকৌ জৰুৰী অৱস্থাৰ ঘোষণাৰ অনুকুল পৰিবেশ ৰচনাৰ প্ৰচেষ্টা এটি সক্ৰিয়। এনে পৰিস্থিতিত অসম আন্দোলনৰ নেতৃবৰ্গ শাসক শ্ৰেণীৰ ষ্ট্ৰেটিজিৰ অচেতন ক্ৰীড়নকত পৰিণত হৈছে। তেওঁলোকৰ কৰ্ম কৌশলে নিয়ত শংকাগ্ৰস্ত সংখ্যালঘুসকলক ৰক্ষাকাৰীৰ ভাওধৰা শাসক শ্ৰেণীৰ শিবিৰলৈ ঠেলি দি আছে। সংখ্যালঘুক সাম্প্ৰদায়িক কৰি তুলিছে। এনে পৰিস্থিতিত, জাতীয়দাবী সমূহৰ পুনৰ্বিন্যাস নকৰাকৈ আৰু ভেদবাদী কৰ্মকৌশলৰ আমূল সলনি নকৰাকৈ আন্দোলন চলাই যোৱাটো অৰ্থহীন। ঘড়িৰ কঁটাটোক পিছুৱাই দিয়াৰ প্ৰস্তাব অবাস্তৱ। ১৯৭১ক সীমা কৰি সীমান্তইদি নতুন অনুপ্ৰৱেশ বন্ধ কৰা, বিভিন্ন সম্প্ৰদায়ৰ পৰস্পৰৰ সৈতে সংহতি সাধনৰ সুযোগ প্ৰশস্ত কৰা আৰু তাৰ বাবে কেন্দ্ৰীয় অপশাসনৰ বিৰুদ্ধে ঐক্যমত গঢ়ি তোলাৰ বাটেই অসমীয়া জাতিৰ আত্মপ্ৰতিষ্ঠাৰ একমাত্ৰ বাট।

 নানা ন্যায়সংগত বিক্ষোভ আন্দোলনৰ কাৰ্য্য-কাৰণৰ লগত জড়িত থাকিলেও, ইয়াৰ কেন্দ্ৰীয় চৰিত্ৰ ইতিবাচক নহয়। তথাপি আপোনাৰ সাম্প্ৰতিক ৰচনাবোৰত এই কল্পিত ইতিবাচক দিশটো আৰু আন্দোলন-বিৰোধী বাওঁপন্থী মহলৰ কুৎসা প্ৰাধান্য পাই আছে। আন্দোলনৰ প্ৰশ্নত আপোনাৰ অৱস্থান আজি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, ড° ভূপেন হাজৰিকা, ড° নিৰ্মল প্ৰভা বৰদলৈৰ লগত একেটা

৮৭