আগশাৰীৰ নেতাই আগন্তুক বিশ বছৰৰ বাবে মানবতাবাদক মুলতুবি ৰাখিবলৈ অসমীয়া ৰাইজলৈ পৰামৰ্শ আগ বঢ়াইছে।
অৱশ্যে, অসমীয়া জাতিৰ ন্যায়সংগত আশা আকাঙ্খাক ৰূপ দিয়াৰ ভিত্তিতেই এই প্ৰতিক্ৰিয়াশীল আন্দোলনৰ মোকাবিলা কৰিব লাগিব। CPI[১] আৰু CPI-M দলৰ একাধিক পুস্তিকা পাঠ কৰি আৰু কাৰ্য্যকলাপ চাই মোৰ ধাৰণা হৈছে, মোৰ বক্তব্যৰ লগত তেওঁলোকৰ বক্তব্যৰ কোনো মৌলিক পাৰ্থক্য নাই। পাৰ্থক্য যদি কিবা থাকে, সেয়া emphasis আৰু জনসংযোগৰ কৌশল সম্পৰ্কে। কিন্তু মই এই বিষয়েও সচেতন যে এজন গাইগুটীয়া বুদ্ধিজীৱীতকৈ গোষ্ঠীবদ্ধ ৰাজনৈতিক দল এটিৰ অভিজ্ঞতা বেছি। এইটো কথা ঠিক নহয় যে বাওঁপন্থী মহলে অসমীয়া ৰাইজৰ ন্যায্য আশা-আকাঙ্খাৰ প্ৰতি পিঠি দিছে। তেওঁলোকে ভাৰতীয় বৃহৎ পুঁজিক অসমৰ অৰ্থনৈতিক পংগুতাৰ বাবে দায়ী কৰা নাই বুলি কলেও মিছা মতা হ’ব। আপোনাৰ অবগতিৰ বাবে “বিদেশী নাগৰিকৰ সমস্যা সম্পৰ্কত মাৰ্ক্সবাদী কমিউনিষ্ট পাৰ্টিৰ বক্তব্য” ( গুৱাহাটী, মাৰ্চ ১৯৮০) পুস্তিকাটিৰ পৰা কিছু উদ্ধৃতি তলত দিলো।
ৰাজ্যিক কমিটিৰ প্ৰস্তাব ২১ চেপ্টেম্বৰ ১৯৭৮ : “যি নহওক কিয়, অসমত বিদেশীৰ অনুপ্ৰবেশ বন্ধ কৰিবই লাগিব।”
গৃহমন্ত্ৰীৰ উপস্থিতিত সৰ্বদলীয় দিল্লী আলোচনাত দলৰ বক্তব্য ৩০ নবেম্বৰ, ১৯৭৯ঃ “অনা অসমীয়া জনসংখ্যাৰ হেঁচাত সাংস্কৃতিক আৰু ৰাজনৈতিক ভাবে তেওঁলোক বিপন্ন হ’ব বুলি অসমীয়া মানুহ সচাঁকৈয়ে শঙ্কিত হৈছে। এটা ধাৰণা হৈছে যে দেশ বিভাজনৰ পৰা উদ্ভুত হোৱা বোজা লোৱাৰ দায়িত্ব যদিও সমগ্ৰ দেশৰে আছিল অসমৰ ওপৰত তাক বেছিকৈ জাপি দিয়া হল। এই প্ৰশ্ন এতিয়া জাতীয় পৰ্যায়ত শীঘ্ৰে আৰু জৰুৰীভাবে সমাধান কৰা দৰকাৰ।”
পুস্তিকাৰ পাতনিত শ্ৰীঅচিন্ত্য ভট্টাচাৰ্যই লিখিছে: “অসমৰ জনসংখ্যাৰ গাঁঠনিৰ বৰ্তমান ৰূপ আৰু বিদেশী অনুপ্ৰবেশৰ বাবে অসমীয়াৰ জাতি সত্বা আৰু ভাষা সংস্কৃতি বিপদাপন্ন হ’ব পাৰে বুলি অসমীয়া জনসাধাৰণৰ মনত আশঙ্কাই দেখা দিছে। সেয়েহে বিদেশী নাগৰিক আৰু সংশ্লিষ্ট সমস্যা আৰু অসমীয়া জাতিসত্বাৰ অবাধ বিকাশৰ সমস্যাৱলীৰ সমাধানৰ সঠিক প্ৰচেষ্টা গ্ৰহণ কৰি এই আশঙ্কা অৱশ্যেই আঁতৰ কৰিব লাগিব।” ইত্যাদি।
বাওঁপন্থীসকলৰ সঠিক প্ৰচেষ্টালৈ সঁহাৰি নজনাই তেওঁলোকৰ সকলো
- ↑ পৰৱৰ্তী কালত শ্ৰীপ্ৰমোদ গগৈৰ নেতৃত্বত লুটি বাগৰ দি মত সলায়।