আছে। অতীতত যেনেকৈ আগন্তুক বিদেশীৰ সংখ্যা অতিৰঞ্জিত কৰি দেখুৱাই জনসাধাৰণৰ মাজত ভীতি আৰু আবেগৰ সৃষ্টি কৰা হৈছিল, এইবাৰো তেনেকৈয়ে নানা সন্দেহজনক তথ্য অতিৰঞ্জিতভাবে প্ৰচাৰ কৰি মানুহক বিভ্ৰান্তকৰাৰ চেষ্টা আৰম্ভ হৈছে।
এই সন্দৰ্ভত ১৯৯১ চনৰ পিয়লৰ তথ্যবোৰৰ যথাযথ তাৎপৰ্য হৃদয়ঙ্গম কৰিলেহে আমি হিন্দুৰাষ্ট্ৰবাদী তথাকথিত বিদেশী খেদা আন্দোলনৰ মোকাবিলা অসমৰ ক্ষেত্ৰত যথাযথভাৱে কৰিব পাৰিম। শেহতীয়া পিয়লৰ তথ্যই স্পষ্টকৈ প্ৰতিষ্ঠিত কৰিছে যে ১৯৭১-৯১ কালছোৱাত অসমলৈ প্ৰব্ৰজন— ভাৰতৰ বাহিৰৰ পৰা আৰু অৱশিষ্ট ভাৰতৰ পৰা— প্ৰায় বন্ধই হৈ গৈছে। কাৰণ অসমৰ ক্ষেত্ৰত কুৰিবছৰীয়া জনসংখ্যা বৃদ্ধিৰ হাৰ এতিয়া ভাৰতৰ ক্ষেত্ৰত হোৱা কুৰি বছৰীয়া হাৰৰ সমান দেখা যায়। ভাৰতলৈ যদি বাহিৰৰ পৰা উল্লেখযোগ্য জনাগমন হোৱা নাই, তেনেহ’লে অসমৰ ক্ষেত্ৰতো হোৱা নাই। উভয় ক্ষেত্ৰতে মোটামুটিভাৱে ৫৩% বৃদ্ধি হৈছে স্বাভাৱিক বংশ বৃদ্ধিৰ হাৰ।
১৯৫১-৭১– এই কুৰি বছৰৰ ইতিহাস কিন্তু বেলেগ। তেতিয়া ভাৰতৰ ক্ষেত্ৰত মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰায় একে থাকিলেও অসমৰ ক্ষেত্ৰত এই কুৰি বছৰীয়া হাৰ আছিল ৮২%। পৰবৰ্তী কুৰি বছৰত এই হাৰ ৮২%ৰ পৰা ৫৩% লৈ নামিছে। অৰ্থাৎ ২৯% কমি গৈছে। এতেকে আমি কৈছো অসমলৈ প্ৰব্ৰজন আগৰ দৰে ডাঙৰ সমস্যা হৈ থকা নাই।
আমি দেখুৱাইছিলো যে ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ অনুপাত হিছাপে মুছলমান ধৰ্মাৱলম্বীসকলৰ সংখ্যা ১৯৪১ৰপৰা ১৯৭১লৈকে মোটামুটি সিকি ভাগেই থাকি গৈছে। আৰু এটা কথাও লগতে উনুকিয়াইছিলো। ১৯৫১-৭১– এই কুৰি বছৰত যি স্থলত হিন্দু ধৰ্মাৱলম্বী সংখ্যা বাঢ়িছিল ৮৩%, সেই স্থলত মুছলমান ধৰ্মাৱলম্বীৰ সংখ্যা বাঢ়িছিল ৮১%। দেখাদেখিকৈ মুঠ হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ দুই শতাংশ বেছি আছিল। এইখিনি তথ্যৰ গভীৰ বিশ্লেষণ নকৰাকৈয়ে আমি আন্দাজ কৰিছিলো যে ১৯৯১-ত অসমৰ মুঠ জনসংখ্যাত মুছলমান জনসংখ্যাৰ অনুপাত সিকি ভাগক চেৰাই যোৱাৰ সম্ভাৱনা ক্ষীণ। কিন্তু সম্ভৱতঃ এই অনুপাত সামান্য বাঢ়িব। অৱশ্যে আন্দাজহে কৰিছো, কিন্তু যুক্তিৰ ভিত্তিত। যুক্তিখিনি এতিয়া ফঁহিয়াও।
৭৮