ঋণ আদি দি বেহাবেপাৰৰ সুবিধা কৰি দিলে আৰু কিছুমান নিজেই ইয়াত মুছলমান অভিবাসীসকলৰ লগত সম্পত্তি বিনিময় কৰি অসমৰ স্থায়ী বাসিন্দা হ’ল। ঘৰ-বাৰী এৰি আহিবলগীয়া হোৱাত এওঁলোকৰ মনোবৃত্তি বৰ সাম্প্ৰদায়িক আছিল। এইটো কথা মনকৰিবলগীয়া যে এই শৰণাৰ্থীসকলৰ আগমনৰ আগত অসমীয়া সমাজত সাম্প্ৰদায়িক মনোভাৱ অলপ-চলপ থাকিলেও সাম্প্ৰদায়িক সংঘৰ্ষ কাহানিও ঘটা নাছিল। কিন্তু পঞ্চাক্ষৰ দশকৰ আৰম্ভণিতে ব্যাপক সাম্প্ৰদায়িক দেখা দিছিল এফলীয়াভাবে। প্ৰায় তিনি লক্ষ মুছলমান অভিবাসী সাম্প্ৰদায়িক সন্ত্ৰাসৰ বলি হৈ পূৰ্ববঙ্গলৈ গুচি যাবলৈ বাধ্য হৈছিল আৰু পাচত নেহৰু-লিয়াকৎ চুক্তিৰ ফলত তেওঁলোকে দহ/বাৰ বছৰৰ ভিতৰতে ঘূৰি আহি আকৌ নিজা নিজা পৰিত্যক্ত ভেটি-মাটিৰ দখল ল’ব পাৰিছিল। তেতিয়ালৈকে ভাৰত আৰু পাকিস্তান— উভয় ৰাষ্ট্ৰই সাংবিধানিকভাবে চেকুলাৰ (secular) থকা বাবে এইটো সম্ভৱ হৈছিল।
সমস্যাৰ সাম্প্ৰতিক চৰিত্ৰলৈ অহাৰ আগতে মই ইতিহাসৰ আৰু কিছু কথা কৈ যাম। স্বাধীনতাৰ পাচে পাচে অসমৰ প্ৰতাপী মুছলীম লীগৰ নেতৃবৃন্দ লগ হৈ দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
| এক— তেওঁলোকে মুছলীম লীগ উঠাই দিছিল আৰু মুছলমান ৰাইজক শাসক দল কংগ্ৰেছত যোগ দিবলৈ কৈছিল।
দুই— তেওঁলোকে কৈছিল যে মুছলমান সকলে যিদেশত থাকে সেই দেশৰে ভাষা আৰু সংস্কৃতি গ্ৰহণ কৰিব লাগে। এতেকে তেওঁলোকে যেন পিয়ল কৰ্তৃপক্ষৰ ওচৰত নিজক অসমীয়াভাষী বুলি ঘোষণা কৰে আৰু ল’ৰা ছোৱালীক অসমীয়া মাধ্যমেৰে পঢ়ুৱায়। |
এই ঘোষিত নীতিৰ ফল হৈছে সুদূৰপ্ৰসাৰী। অভিবাসীসকল সমূলি অসমীয়াভাষী হৈ পৰিছিল। এই ঘোষণাৰ পাচত ১৯৯১ চনলৈকে চাৰিটা পিয়লৰূপী অগ্নিপৰীক্ষা হৈ গ’ল। ১৯৫১ চনৰ পিয়লত সৰ্বপ্ৰথম অসমীয়াভাষীসকল এইখন ৰাজ্যৰ ভিতৰত সংখ্যাগৰিষ্ঠ ভাষাগোষ্ঠীলৈ ৰূপান্তৰিত হ’ল। তাৰ আগত কেতিয়াও বৃটিচৰ শাসনৰ দিনত বৰ্তমান অসম ৰাজ্যৰ অন্তৰ্ভুক্ত ভূখণ্ড ডোখৰত অসমীয়াভাষীৰ সংখ্যাগৰিষ্ঠতা নাছিল। তেতিয়াৰ পৰা প্ৰতিটো পিয়লতে অভিবাসী মুছলমানসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি কোৱাত অসমীয়াভাষীৰ সংখ্যাগৰিষ্ঠতা থাকি গৈছিল। এতিয়া আমাৰ অনুমান ১৯৯১ ৰ পিয়ল মতেও অসমত চোৱা দুই কোটি জনসংখ্যাৰ সৰহখিনি অসমীয়াভাষী। ১৯৩১-ত আছিল ৩৬ শতাংশ, ১৯৫১-ত ৬২ শতাংশ, ১৯৭১-ত ৬১ শতাংশ।
১৯৭১-১৯৯১– এই কুৰি বছৰত মুঠ জনসংখ্যাত অসমীয়াৰ ভাগ চাৰি শতাংশমান কমাৰ সম্ভাৱনা দুটা কাৰণত। প্ৰথমতে বিদেশী খেদা আন্দোলন হেঁচাত তিক্ত-বিৰক্ত হৈ বুজন সংখ্যক অভিবাসীয়ে মাতৃভাষা বাংলা