সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰসঙ্গ ন-অসমীয়া সাম্প্ৰদায়িকতা
আৰু ক্ৰমবৰ্দ্ধমান ফেচিজিমৰ বিপদ

 পূৰ্ববঙ্গৰ পৰা অসমলৈ বিৰাট সংখ্যাত জনাগমন কুৰি শতিকাৰ আগৰ ঘটনা নহয়। ১৯১১ চনত কথাটো নজৰত পৰে আৰু ১৯১৬ মানতে প্ৰথম খিলঞ্জীয়া অসমীয়া মানুহে এই বিষয়ে সজাগ হোৱা দেখা যায়। ১৯১১ চনৰ পৰা ১৯৪১ চনৰ ভিতৰতে সৰ্বাধিক পূৰ্ববঙ্গীয় অভিবাসীৰ আগমন ঘটে। উল্লেখ্য যে এই অভিবাসীসকলৰ শতকৰা ৮৫ ভাগমান আছিল মুছলমান আৰু বাকীখিনি ঘাইকৈ হিন্দু। স্বভাৱতে এই বিপুল সংখ্যক বাহিৰা মানুহে ব্ৰহ্মপুত্ৰ উপত্যকাৰ খালী ঠাইবোৰত বহি লৈ গাওঁ পতাত চুবুৰীয়া খিলঞ্জীয়াসকল উল্লসিত হোৱা নাছিলেই, বৰং কিছু ভয় খাইছিল। অথচ ১৯ শতিকাত যেতিয়া তাহানিৰ তথাকথিত “বঙালী কুলি” লাখে লাখে ঢাপলি মেলিছিল অসমলৈ আৰু বাঙালী উচ্চবৰ্ণৰ ভদ্ৰলোকসকলে শয়ে শয়ে ঢাপলি মেলিছিল অসমৰ চহৰবোৰলৈ, তেতিয়া কিন্তু অসমত জনমত বহিৰাগত বিৰোধী নাছিল। বৰং সেই সময়ত অসমৰ সৰ্বাঙ্গীন উন্নতিৰ কাৰণে বাহিৰৰ পৰা মানুহ মাতি আনিব লাগে বুলি গণ্যমান্য অসমীয়া ভদ্ৰলোকসকলে মাজে মাজে চৰকাৰলৈ দৰ্খাস্ত দিয়া দেখা গৈছিল। ইয়াৰ পৰাই এইটো কথা ফটফটীয়াকৈ ওলাই পৰে যে স্থানীয় ৰাইজৰ উন্নতিৰ কাৰণেই জনবিৰল অসমত নতুন নতুন জনবসতি গঢ়ি তুলি কৃষিৰ সম্প্ৰসাৰণ আৰু বৈচিত্ৰ্য সাধনৰ প্ৰয়োজন দেখা দিছিল। এতেকে থলুৱা ৰাইজ কিছু আতংকিত হোৱাৰ পাচতো দেখা যায় যে এই শতিকাৰ কুৰি বা ত্ৰিছৰ দশকত তেওঁলোকে বহিৰাগত বিতাড়নৰ কথা কোৱা নাছিল।তেওঁলোকে এই জনাগমন নিয়ন্ত্ৰিত কৰাৰ কথাহে কৈছিল। এই নিয়ন্ত্ৰণৰ দাবী মানি লৈ ১৯২০-ৰ পৰা বৃটিচ চৰকাৰে লাইন প্ৰথা এটা চালু কৰিছিল যাতে নতুন জনবসতিবোৰ পুৰণি জনবসতিবোৰৰ পৰা কিছু আঁতৰত থাকে।

 এইখিনিতে কৈ থোৱা ভাল যে স্থানীয় মানুহৰ কল্যাণৰ বাবেই যে বিদেশী চৰকাৰ এটাই পূৰ্ববঙ্গীয় অভিবাসী সকলক চন পৰা জংঘল মাটিত বহিব দিছিল, এনে নহয়। চৰকাৰে প্ৰশাসনৰ বিত্তীয় সুবিধাৰ কাৰণেহে এইটো কাম কৰিছিল।

৭০