সমললৈ যাওক

পৃষ্ঠা:অসম নমৰে আমিও নমৰো.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাবে যে তেওঁলোকেই অৱশিষ্ট ভাৰতক—যাৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলো পৰে—কৃষি সম্পদেৰে খুৱাই আছে; কিন্তু বিনিময়ত উপযুক্ত প্ৰতিদান পোৱা নাই। তেওঁলোকে ভাবে যে ভাৰতৰ বাহিৰত থাকিলে তেওঁলোকে তেওঁলোকৰ পৰিশ্ৰমৰ মূল্য পালেহেঁতেন। এইদৰে বিচাৰ কৰিলে দেখা যাব যে উপনিবেশ নোহোৱাকৈও এটা অঞ্চলে নিজক শোষিত বুলি ভাবি থাকিব পাৰে। অযৌক্তিকভাবেই, তেনেকৈ ভাবি থাকিব পাৰে। অসমকো উপনিবেশ বুলি ক’ব খুজিলে আমি দেখুৱাব লাগিব যে অসমীয়াই পৰিশ্ৰমৰ উপযুক্ত মূল্য পোৱা নাই আৰু তেওঁক শোষণ কৰি পোৱা উদ্বৃত্ত অন্য অঞ্চলত নিযুক্ত হৈছে। কিন্তু আমি তেনে উদাহৰণ দিব পাৰিম জানো? মই অৱশ্যে এই কথাত একমত যে অৱশিষ্ট ইংলণ্ড যদি লণ্ডনৰ উপনিবেশ নাইবা মাৰ্কিন যুক্তৰাষ্ট্ৰ নিউইয়ৰ্কৰ, তেনেহ’লে তেনে অৰ্থত অৱশিষ্ট ভাৰত হ’ব দিল্লীৰ উপনিবেশ। কিন্তু তেনেহ’লেতো উপনিবেশৰ আচল অৰ্থই নোহোৱা হৈ যায়।

 অসমৰ অৰ্থনীতি ঘাইকৈ কৃষি অৰ্থনীতি। বৃটিছ শাসনৰ যুগত থলুৱা কৃষকক অৱহেলা কৰি বিদেশী পুঁজিৰ দ্বাৰা নিয়ন্ত্ৰিত চাহ খেতিৰ ওপৰতে জোৰ দিয়াহৈছিল। অসমক গঢ়ি তোলা হৈছিল বৃটিছ সাম্ৰাজ্যৰ চাহ বাগিছা হিছাপে। বাগিছা খণ্ডত পুঁজি আহিছিল বাহিৰৰপৰা, শ্ৰমিক আহিছিল বাহিৰৰ পৰা, আৰু চাহৰ বজাৰখনো আছিল ঘাইকৈ অসমৰ বাহিৰত। এতেকে বাগিছা আৰু নগৰবোৰত আধুনিকীকৰণ হৈ থাকিলেও তাৰ প্ৰভাৱ খেতি-বাতি আৰু খেতিয়কৰ ওপৰত কমেই পৰিছিল। দেশ স্বাধীন হোৱাৰ পাচতো এই অনগ্ৰসৰতাৰ ঐতিহ্যৰ ওৰ পৰা নাই। কিন্তু আগৰ দৰেই আছে বুলিও ক’ব নোৱাৰি। আজি অসমৰ উন্নতিৰ কাৰণে লাগে কৃষি অৰ্থনীতিৰ আমূল সংস্কাৰ। এইটো সঁচা যে ভাৰতৰ আগবঢ়া কিছু অঞ্চলৰ তুলনাত উত্তৰ-পূৰ্বাঞ্চলত চাহৰ বাহিৰে কৃষি অৰ্থনীতিত পুঁজিৰ প্ৰয়োগ খুবেই কম হৈছে। জলসিঞ্চনৰ ব্যৱস্থা নাই, ট্ৰেক্টৰ-ফাৰ্টিলাইজাৰৰ ব্যৱহাৰ নাই, ইত্যাদি। কিন্তু এই দুৰৱস্থাৰ কাৰণে অকল কেন্দ্ৰই দায়ী জানো? যদি কেন্দ্ৰ-ৰাজ্য সম্পৰ্কৰ আমূল পৰিবৰ্তনৰ যোগেদি ৰাজ্য চৰকাৰৰ বিত্তীয় অৱস্থা উন্নত কৰা হয়, তেনেহ’লেই বাৰু অসমত কৃষি বিপ্লৱ এটি ঘটি যাবনে? মোৰ বোধেৰে নাযায়। তাৰবাবে যি আমূল ভূমি-সংস্কাৰৰ প্ৰয়োজন, অসমৰ থলুৱা জনমত এতিয়াও তাৰ কাৰণে প্ৰস্তুত নহয়। কংগ্ৰেছী চৰকাৰক বাদেই দিয়ক, আমিতো অগপ চৰকাৰকো পাইছিলো পাঁচ বছৰৰ বাবে। তেওঁলোকে

৬৬