জাতীয়তাবাদ আৰু জাতীয় আত্মনিয়ন্ত্রণ: কিছু প্রশ্ন
জাতীয়তাবাদ যেনেকৈ এটি গণতান্ত্রিক বিপ্লৱৰ সহায়ক হ’ব পাৰে, ঠিক তেনেকৈ ই প্রতিবিপ্লৱৰো সহায়ক হব পাৰে। সাম্রাজ্যবাদ আৰু সামন্তবাদৰ বিৰুদ্ধে থিয় দিলেহে স্বভাৱতে জাতীয়তাবাদৰ চৰিত্ৰ হয় জনস্বাৰ্থৰ অনুকুল আৰু সেয়া নহলে ই জনস্বাৰ্থৰ বিৰুদ্ধে যায়।
অসমত তথাকথিত ছয় বছৰীয়া বিদেশী খেদা আন্দোলন অবশ্যেই এটি জনভিত্তিক আন্দোলন আছিল। ইয়াৰ এটি বহল গণভিত্তিও আছিল। কিন্তু ই আছিল দেখাদেখিকৈ জনস্বার্থ বিৰোধী। বাগিচা মালিক আৰু মাটিমালিকৰ শোষণৰ বিৰুদ্ধে, নাইবা অনুসূচিত জনজাতি আৰু জাত পাতৰ স্বাৰ্থৰ অনুকুলে ইয়াৰ কোনো কর্মসূচী নাছিল। ক্রমে দেখা গ’ল অসমৰ ক্ষেত্ৰত “Nationalism is the last resort of the scoundrels” (জাতীয়তাবাদ বজ্জাত মখাৰ শেষ আশ্রয় স্থল) লৰ্ড এক্টনৰ এই কথাষাৰ প্ৰমাণিত হ’ল।
সমাজবাদী আন্দোলনৰ প্ৰেক্ষিতত জাতীয়তাবাদৰ ভূমিকা সম্পর্কে মার্ক্সবাদী বিশ্লেষণ মার্ক্স-এঙ্গেলছৰ দিনৰ পৰাই আৰম্ভ হৈছিল। তেওঁলোকে জাতীয় আত্মনিয়ন্ত্ৰণৰ অধিকাৰ চৰ্তসাপেক্ষেহে মানি লৈছিল, চর্তবিহীন ভাবে নহয়। সমাজত জাতীয় চেতনাৰ উপস্থিতি এটি বাস্তৱ ঘটনা আৰু এই চেতনাৰ ভিত্তিত ৰাজনৈতিকভাবে সংগঠিত হোৱাৰ আকাংক্ষা এটি স্বাভাৱিক প্ৰৱণতা। এই প্রৱণতা থাকে মানে সমাজবাদীসকলে জাতীয়তাবাদক মানি লৈহে আন্তর্জাতীয়তাবাদৰ পিনে আগবাঢ়িব লাগে। মুঠ কথা, জাতিক অগ্রাহ্য কৰি ‘বিশ্বজনীনতা’ (cosmopolitanism)ৰ আদৰ্শ প্ৰচাৰ অবাস্তব। জাতীয় সমস্যা সম্পর্কে এইখিনিয়েই মার্ক্সবাদৰ মূলকথা। যিটো পৰিস্থিতিত জাতীয় আত্মনিয়ন্ত্রণৰ দাবী মানিলে সমাজবাদৰ বাট মোকলাবলৈ সুবিধা হ’ব সেইটো পৰিস্থিতিত তেনে দাবী সমর্থনযোগ্য। অন্যথা, নহয়। মার্ক্সবাদী দৃষ্টিত আত্মনিয়ন্ত্ৰণৰ প্ৰশ্নটো এটি স্বতন্ত্র নৈতিক প্রশ্ন হিচাপে দেখা নিদিয়ে। চলি থকা গণতান্ত্রিক আন্দোলনৰ দীৰ্ঘম্যাদী স্বার্থ মনত ৰাখিয়ে মার্ক্সবাদীয়ে জাতীয় আত্মনিয়ন্ত্ৰণৰ কোনো নির্দিষ্ট দাবীৰ যৌক্তিকতা চালিজাৰি চায়। প্রথম মহাযুদ্ধৰ
৬১