এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
আমি বিভিন্ন ৰচনাত দেখুৱাৰ দৰে, সংখ্যাভিত্তি আৰু নানা অৱদানৰ ফালৰ পৰা, চহকী কৰিছে। তেনেস্থলত নতুন পুৰুষে যদি সেই দূৰদৰ্শী নীতিৰ প্ৰতি পিঠিদি ১০/২০/৩০ বছৰৰ পুৰণি আৰু অসমত ওপজা বহিৰাগতকো বিতাড়নৰ পন্থা লয়, তেন্তে দেশৰে দুৰ্ভাগ্য। ১৯৭২ চনত অসম সাহিত্য সভাৰ ধুবুৰী অধিবেশনত সভাপতিৰ মঞ্চৰ পৰা হেম বৰুৱাৰদেৱে ভৱিষ্যতলৈ দৃষ্টি প্ৰসাৰিত কৰি কৈছিল—
| “বৰ্তমানে আমাৰ প্ৰদেশত নানা ভাষাগোষ্ঠীৰ ৰাইজৰ সমাবেশ হৈছে। এইসকলক অসমীয়া ভাষা দিবলৈ হ’লে দিওঁতাজনে নিজে ভাষা খৰচি মাৰি জানিব লাগে। তেহে কথা সিজিব, নহলে নিসিজে। সকলো ধৰ্ম মতবাদৰ ভাষাগোষ্ঠীৰ মানুহক সাবটি লৈ একালত বিৰাট অসমীয়া জাতি গঢ়ি উঠিছিল। বৰ্তমান যুগত এইষাৰ কথাৰ প্ৰয়োজনীয়তা বৰকৈ উপলব্ধি কৰিছিল আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। পমুৱা সকলৰ মাজত অসমীয়া ভাষাত কবিতা ৰচনা কৰা ডেকা ল’ৰা নিজে পাইছোঁ। নিজৰ মাতৃভাষাটো এৰিবলৈ মই কাকো কোৱা নাই। সেই বুলি সংস্কৃতি বা ভাষাৰ মাজত সংঘাত হোৱাটো জানো উচিত। সকলোকে সাবটি আজি নতুন সমাজ সৃষ্টি কৰিব নোৱাৰোঁ কেলেই? এইটোহে নতুন যুগৰ আহ্বান। যুগৰ আহ্বানক অস্বীকাৰ কৰি জানো জীয়াই থাকিব পাৰি?” |
অসমীয়া জাতিৰ সংজ্ঞা আৰু স্ব-নিয়ন্ত্ৰণৰ পৰিধি (scope) নিৰ্ণয়ত বৰুৱাদেৱৰ এই দূৰদৰ্শিতাই আমাক সহায় কৰক। ❐
সময়, ১ম বৰ্ষ, ৩য় সংখ্যা, জুন, ১৯৮০
সংশ্লিষ্ট কিছু ৰচনা
অমলেন্দু গুহ “অসমীয়া সাহিত্য আৰু আন্তৰ্জাতিকতা
| এটি পাতনি “ৰণজিৎ পাঠক, বিজনলাল চৌধুৰী আৰু জয়কৃষ্ণ দাসৰ সম্পাদিত সাহিত্য আৰু সংস্কৃতি (অসম সাহিত্য সভা, বৰপেটা, ১৯৬)। |
| — | “অসমৰ ইতিহাস অধ্যয়ন আৰু ৰচনা” (অসম সাহিত্য সভাৰ গোলাঘাটত বহা হীৰক জয়ন্তী অধিবেশনত বুৰঞ্জী শাখাৰ সভাপতিৰ অভিভাষণ), অসম সাহিত্য সভা পত্ৰিকা, মাৰ্চ-এপ্ৰিল-মে ১৯৭৮। |
| — | ডঃ হীৰেন গোহাঁই, সম্পাদকীয় প্ৰবন্ধ “সমাধানৰ সম্ভেদ” কলাখাৰ, ১০ মাৰ্চ ১৯৮০ আৰু অন্যান্য ৰচনা। |
৬০